Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 15 October, 2024 3:48 PM IST
Success Story of Himanta Gogoi

লখিমপুৰ লালুক পুখুৰীয়া পাৰৰ এজন প্ৰগতিশীল কৃষক সীমান্ত গগৈ। কৃষক বুলি কোৱা হৈছে যদিযো সীমান্ত গগৈ এজন মীনপালক, গাহৰি পালক। মিশ্ৰিত আৰু সমন্বিত পদ্ধতিৰে কৃষকগৰাকীয়ে খেতি আৰু গাহৰি আৰু মীন পালন কৰে। বতৰৰ বিভিন্ন শস্যৰ খেতিৰ সমান্তৰালভাৱে অবতৰত দুটা পলিহাউত বিভিন্নধৰণৰ  অবতৰীয়া খেতি কৰে। এইবোৰৰ ওপৰি তেওঁ কেইবা বিঘা উন্নত পদ্ধতিৰে উন্নত প্ৰজাতিৰ ধানৰ খেতি কৰে।

তেওঁ জানিবলৈ দিয়া মতে, প্ৰথম আন বহু কৃষকৰ দৰেই পৰম্পৰাগত পদ্ধতিৰে কেৱল ধান খেতিতে সীমাৱদ্ধ আছিল। ঘৰত খাবলৈ দুই এবিধ পাচলিৰ খেতি কৰিছিল। কিন্তু তেওঁৰ এই পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰা নতুন তথা আধুনিক পদ্ধতিৰে খেতি কৰিবলৈ ল’লে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানীসকলৰ সংস্পৰ্শলৈ আহি। তেওঁলোকৰ পৰামৰ্শ মতেই কৃষকগৰাকীয়ে পলিহাউচত অবতৰীয়া খেতি, গাহৰি আৰু মাছ সমন্বিত পদ্ধতিৰে কৰিবলৈ ল’লে। লগতে আধুনিক পদ্ধতিৰে ধান খেতি কৰিবলৈ ল’লে।

লগতে পঢ়ক- 

SWAPNA F1 PAPAYA : মাটিৰ পৰাই লাগিব, ২৭০ দিনতে চিঙিব পাৰিব ফল

পলিহাউচ খেতি সন্দৰ্ভত কৃষকগৰাকীয় কয়- পলিহাউচত অৱতৰত খেতি কৰিব পাৰি। কোনো এবিধ পাচলি অৱতৰত উলিয়াবা পাৰিলে এজন কৃষক দুগুণ দামত বিক্ৰি কৰিব পাৰে। উদাহৰণস্বৰূপে ধৰক- বাৰিষা বতৰত অসমত বিলাহী কৰা নহয় বা কৰিব নোৱাৰি। কিন্তু পলিহাউচত বাৰিষা বতৰতো কৰিব পাৰি। যদি বিলাহী সেই সময়ত পলিহাউচত কৰি উলিয়াব পৰা যায় তেতিয়া কৃষকজন লাভান্বিত হ’ব। তেওঁ কয়- এতিয়া আগষ্ট মাহ। আগষ্ট মাহত আমাৰ কৃষকে মুকলি পথাৰত একো কৰিব নোৱাৰে। কিন্তু মোৰ দেখিছে ধনীয়া ডাঙৰ হৈছে, সৰিয়হ শাক হিচাপে দুই এদিনতে বিক্ৰি কৰিব পৰা হ’ব। এইবোৰ সৰু এমুঠিতে বজাৰত ১০ টকাত বিক্ৰি কৰিব পৰা হ’ব।

ইফালে, কৃষকগৰাকীয়ে পুখুৰীত মাছ আৰু গাহৰি সমন্বিত পদ্ধতিৰে পালন কৰি আহিছে। এই সন্দৰ্ভত তেওঁ আমাক কয়- লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ছাৰসকলৰ পৰামৰ্শ মতেই আমি এনেকৈ সমন্বিত পদ্ধতিৰে মাছ আৰু গাহৰি পালন কৰি আছো। মাছৰ লগত এনেকৈ গাহৰি পালন কৰিলে মাছক প্ৰয়োজন হোৱা খাদ্যৰ প্ৰায় ৫০ শতাংশ গাহৰিয়ে যোগান ধৰে। অৰ্থাত গাহৰিৰ মল মাছে খাদ্য হিচাপে গ্ৰহণ কৰে ফলত মাছক প্ৰয়োজন হোৱা আধা খাদ্য গাহৰিৰ পৰাই মাছবোৰে।

চাকৰি নোপোৱা যুৱক-যুৱতীসকলক উদ্দেশ্য কৰি কৃষকগৰাকীয়ে কয়- চাকৰি নামত যিমান টকা খৰচ কৰা হয় সিমান টকাৰে এনেকুৱা এখন যদি ফাৰ্ম খুলি বিজ্ঞানসন্মতভাৱে কাম কৰি যায় মই কৈছো নহয় চাকৰিতকৈ অধিক উপাৰ্জন কৰিব পাৰিব।

লগতে পঢ়ক- 

২০০ জোপা তামোল পাণ লগাওঁক বছৰি ৫-৬ লাখ টকা উপাৰ্জন কৰক

English Summary: Success Story of Himanta Gogoi
Published on: 15 October 2024, 03:48 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now