Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 3 September, 2024 2:32 PM IST
Ashgar Ali with Pankaj Khanikar

অসমৰ প্ৰগতিশীল কৃষকসকলৰ এজন অন্যতম কৃষক আচগৰ আলী। কৃষকগৰাকীৰ ঘৰ গোলাঘাট জিলাৰ দেৰগাঁও অঞ্চলৰ ধেমাজি কৈৱৰ্ত গাঁৱত। ২৪ বছৰ ধৰি কৃষকগৰাকীয়ে খেতি কৰি আছে। এজন যোগালী কাম কৰিছিল। মিস্ত্ৰীৰ সমানে কাম কৰি কিন্তু মিস্ত্ৰীত কম পইচা পোৱাত যোগালী কাম এৰি নিজৰে ঘৰৰ গৰু হালে আনৰ ঘৰত হালবাবলৈ আৰম্ভ কৰিলে। কাৰণ আনৰ ঘৰত হালবালে এবেলাতে যোগালী কৰাৰ সমানে পায়। এনেদৰে আনৰ ঘৰত হাল বায় থাকোতেই এবাৰ তেওঁ হালবাই দিয়া এজন কৃষকৰ পথাৰতে শস্যই নদন-বদন হৈ থকা দেখা পাই হালোৱা আচগৰ আলীৰ মনত খেলালে যে তেওঁৱো নিজেই এনেকেই খেতি কৰিব পাৰে। সেই চিন্তাকে আগত লৈ পিতৃৰ অকণমান মাটিতে ৰবিশস্যৰ খেতি আৰম্ভ কৰিলে।

সেয়া আৰম্ভণি। তাৰপিছত আৰু পিছলৈ ঘূৰি চাব লগা হোৱা কৃষকগৰাকী। পিতৃৰ অকণমান কৃষিভূমিতে খেতি আৰম্ভ কৰা আচগৰ আলীয়ে বৰ্তমান ১০০ বিঘা মাটিত খেতি কৰে। অৱশ্যে গোটেই ১০০ বিঘা মাটি তেওঁৰ নহয়। শেহতীয়াকৈ তেওঁ লীজত লৈ ১৩ বিঘা মাটিত অমিতা খেতি কৰিছে। বাকী মাটিসমূহৰ কিছুমানত ভোল খেতি, কছু খেতি, জিকা খেতি, কুণ্দুলি খেতি, পটল খেতি, দুই-তিনিটা জেগাত অমিতা অমিতা, ভোট জলকীয়া, ধান, পুখুৰী আৰু বতৰৰ শস্য খেতি কৰি আছে। আপোনালোকক জনাও যে ১০০ বিঘা মাটিত খেতি কৰা আচগৰ আলীৰ দুখনকৈ টেক্টৰ আৰু শেহতীয়াকৈ এটা আটকধুনীয়া আৰচিচি ঘৰো বনাইছে। এজন কৃষকৰ ঘৰ বুলিলে আমাৰ অসমীয়া মানুহৰ ধাৰণাৰে যেনেকুৱা এখন ছবি আমাৰ মনলৈ আহে সেই ছবিখনৰ পৰা সম্পূৰ্ণ ব্যতিক্ৰম। খেতি কৰিও যে প্ৰথম শ্ৰেণী চৰকাৰী চাকৰিয়ালৰ দৰে এক জীৱন কটাব পাৰি তাৰ এক নিদৰ্শন এসময়ত যোগালী কাম কৰা, আনৰ ঘৰত হালবাই পেটৰ ভাত মোকলোৱা আচগৰ আলী। ইফালে কৃষকগৰাকীয়ে এই বৃহত পৰিমাণৰ কৃষিভূমিত খেতি কৰিবলৈ ওচৰৰ মহিলাসকলক নিয়োগ কৰি সংস্থাপনৰো এক বাট মুকলি কৰিছে।

পুনৰ জনাইছো কৃষকগৰাকীয়ে এইবাৰ ১৩ বিঘা মাটিত ১৩ বিঘা মাটিত অমিতা খেতি কৰিছে। হাবিতলীয়া ১৩ বিঘা মাটি এগৰাকী ব্যক্তিৰ পৰা লীজত লৈ নিজৰ কৃষিকৰ্ম আগবঢ়াই নিছে। ১৩ বিঘা মাটিৰ অমিতা খেতিৰ পৰা কৃষক গৰাকীয়ে দুটা বছৰত ৫০ লাখ টকা উপাৰ্জন কৰিব বুলি আমাক জানিবলৈ দিয়ে। ৬-৭ মহীয়া অমিতা গছবোৰত মাটিৰ পৰাই অমিতা লাগিছে। বৰ্তমানলৈ তেওঁ ১৩ বিঘা মাটিৰ অমিতা খেতিত ৪ লাখ ৫০ হাজাৰ টকা খৰচ কৰিছে। ইমান এটা বৃহত পুঁজি খেতিত খৰচ কৰিবলৈ ভয় লগা নাছিল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কৃষকগৰাকীয়ে কয়- জীৱনত ৰিক্স ল’বই লাগিব। ৰিক্স নল’লে মানুহে জীৱনত একো কৰিব নোৱাৰে। কিবা কৰিবলৈ হ’লে ৰিক্স ল’বই লাগিব।

লগতে পঢ়ক- 

দীৰ্ঘদিনীয়া পৰিকল্পনাৰে ১-২ ঘন্টাতে ১ হাজাৰ পৰা ১৫০০ টকা উপাৰ্জন কৰক

English Summary: Success story of farmer Ashgar Ali
Published on: 02 September 2024, 05:33 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now