1. সফল কাহিনী

এবিঘা মাটিত ষ্ট্রবেৰী খেতিৰে চাৰি মাহৰ ভিতৰত পাঁচ লাখৰৰা অধিক উপার্জন

KJ Staff
KJ Staff
Strawberry Farmer Nipen Das
Strawberry Farmer Nipen Das

  ষ্টবেৰী খেতি এতিয়া অসমত অতি লাভজনক খেতিলৈ ৰূপান্তৰ হৈছে। কম মাটিত খেতি কৰি অতি লাভজনক ভাৱে কৃষক উপকৃত হৈছে ষ্টবেৰী খেতিৰ জৰিয়তে। এবিঘা মাটিত ষ্টবেৰী খেতি কৰি মাত্ৰ চাৰি মাহৰ ভিতৰতে প্রায় পাঁচ লাখৰাে অধিক টকা উপার্জন কৰিবলৈ সক্ষম হৈছে শােণিতপুৰৰ এগৰাকী কৃষকে। সুদীর্ঘ দিন ধৰি কৃষি কর্মৰ সৈতে জড়িত হৈ অহা শােণিতপুৰ জিলাৰ ঢেকিয়াজুলি অঞ্চলৰ এইগৰাকী আদর্শ কৃষক হ’ল নৃপেন দাস। উল্লেখ্য যে, শােণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ চিৰাজুলি সত্ৰৰ নিৱাসী আদর্শ কৃষক নৃপেন দাসে কৃষি বিভাগৰ সহযােগত বিগত বৰ্ষৰ ডিচেম্বৰ মাহত এক বিঘা মাটিত প্রথমবাৰৰ বাবে কোনাে প্রশিক্ষণ নােলােৱাকৈ ষ্টবেৰীৰ খেতি কৰে। কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে নৃপেন দাসে নিজৰ কৃষি ভূমিত উৎপাদন কৰা ষ্টবেৰীয়ে শােণিতপুৰ জিলাৰ লগতে ৰাজ্যৰ ষ্টবেৰী বজাৰ দখল কৰিবলৈ সক্ষম হয়। 

   এইক্ষেত্ৰত আদর্শ কৃষক নৃপেন দাসৰ পৰা জানিব পৰা মতে, শােণিতপুৰ জিলা কৃষি বিভাগৰ কৃষি চক্র বিষয়া ইন্দু প্রাঞ্জল বৰা আৰু জিলা কৃষি বিষয়া প্রকাশ বৰাৰ পৰামর্শ মতে এক বিঘা মাটিত ষ্টবেৰী খেতি বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ কৰে। সেই অনুসৰি পৰৱৰ্তী সময়ত তিনিশ টকাকৈ প্রতি কেজি ষ্ট্ৰবেৰী কৃষক গৰাকীৰ ঘৰৰ পৰাই ব্যৱসায়ীয়ে ক্ৰয় কৰি নিয়ে। দৈনিক পুৱাতেই কান্ধত কোৰ খন লৈ ঘৰৰ পৰা পথাৰলৈ ওলাই যােৱা এই গৰাকী আদর্শ কৃষক নৃপেন দাসে স্নাতক ডিগ্রী গ্রহণ কৰিও চাকৰিৰ প্রতি মুঠেই আকর্ষিত নহৈ কৃষি কর্মকে জীৱিকাৰ পথ হিচাপে বাচি লৈচিল। একেডৰা মাটিতে কি দৰে বিভিন্ন খেতিৰে অধিক লাভান্বিত হব পাৰি সেয়া কথাৰে নহয় কর্মৰে নৃপেন দাসে সম্ভৱ কৰি দেখুৱাইছে। 

আৰু পঢ়ক- ২২লাখ টকা বার্ষিক বেতনৰ চাকৰি এৰি আৰম্ভ কৰিলে খেতি ! ভৱিষ্যতে সমগ্র ভাৰততে কোম্পানীৰ শাখা স্থাপন কৰাৰ পৰিকল্পনা এই গৰাকী যুৱতীৰ

   আদর্শ কৃষক গৰাকীৰ পৰা জানিব পৰা মতে, চলিত বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত প্রতি কেজি ষ্টবেৰী তিনিশ টকাকৈ বিক্ৰী কৰাৰ বিপৰীতে বর্তমান সময়ত এই ষ্টবেৰী প্রতি কেজি ২৫০ টকা মূল্যত বিক্ৰী কৰি আহিছে। নৱম শ্রেণী মানৰ পৰাই বিভিন্ন খেতিৰ সৈতে নিজকে জড়িত কৰি অহা নৃপেন দাসে কোনাে ধৰণৰ প্রশিক্ষণ গ্রহণ নকৰাকৈয়ে ষ্টবেৰী খেতিৰ জৰিয়তে চাৰি মাহৰ ভিতৰতে পাঁচ লাখৰো অধিক টকা উপার্জন কৰিবলৈ সক্ষম হােৱাত বহু স্থানীয় শিক্ষিত যুৱক স্ট্রবেৰী খেতিৰ প্রতি আকর্ষিত হৈছে। সম্পূর্ণ জৈৱিক পদ্ধতিৰে সকলাে ধৰণৰ খেতি কৰা আদর্শ কৃষক নৃপেন দাসৰ কৃষি ভূমিত উৎপাদিত হােৱা ষ্টবেৰী বােকাখাটত অনুষ্ঠিত হৈ যােৱা উদ্যান শস্য মেলাতে প্রদর্শিত হৈছিল। শােণিতপুৰ জিলা কৃষি বিভাগৰ সহযােগত এবিঘা মাটিত ষ্টবেৰী খেতি কৰি আর্থিকভাৱে যথেষ্ট লাভান্বিত হােৱা নৃপেন দাসে আগন্তুক সময়ত বহল পৰিসৰত ষ্টবেৰী খেতি কৰাৰ আশা কৰিছে। 

   আনহাতেদি কম মাটিতে বিভিন্ন খেতি কৰি অধিক লাভৱান হােৱাৰ এক আদর্শ দেখুৱাই অহা দাসে এই বৰ্ষত মাত্র এক লেচাতকৈয়াে কম মাটিত পদিনা খেতি কৰি মাত্ৰ এমাহৰ ভিতৰতে চাৰি হাজাৰৰাে অধিক টকা উপার্জন কৰি আন এক উৎকৃষ্ট নিদর্শন দাঙি ধৰিছে। একে ধৰণে চলিত বৰ্ষত মাত্র এক কঠা মাটিত পালেং খেতি কৰি ১৭ হাজাৰৰাে অধিক টকা উপার্জন কৰাৰ উপৰি ৫০ কেজি আলু বীজ দি আঠ কুইণ্টল সূৰ্য্য আলু উৎপাদন কৰে। 

আৰু পঢ়ক- দক্ষিণ শালমাৰা-মানকাচৰত বগৰী খেতিৰে লাখ টকা উপার্জন কৰা এজন নিবনুৱা যুৱক

   তদুপৰি এক কঠা মাটিত মূলা খেতি কৰি ছয় হাজাৰ টকা, একঠা মাটিত কৰা সৰিয়হ খেতিৰ সৰিয়হ শাক বিক্ৰী কৰি দুই হাজাৰৰাে অধিক টকা, একঠা মাটিত কান্ধুলি বেঙেনা ৰােপণ কৰি পাঁচ হাজাৰৰাে অধিক টকা, একঠা মাটিত বিলাহীৰ খেতি কৰি সাতৰ পৰা আঠ কুইণ্টল বিলাহী বিক্ৰী কৰিবলৈ সক্ষম হয়। ইয়াৰ সমান্তৰালকৈ একঠা মাটিত দুই হাজাৰ বন্ধাকবি পুলি ৰােপণ কৰি ২০ হাজাৰ টকা উপার্জন কৰাৰ সমান্তৰালকৈ একঠা মাটিত মাইক্র জলকীয়া খেতি কৰি তিনি কুইণ্টলৰাে অধিক উৎপাদন কৰে। ইয়াৰে ভিতৰত দুই কুইণ্টলৰাে অধিক কেঁচা আৰু এক কুইণ্টলৰাে অধিক পকা জলকীয়া কৃষক গৰাকীয়ে বিক্ৰী কৰে। একেদৰে নিজৰ ১৪ বিঘা কৃষি ভূমিতাে স্বর্ণ চাপ, স্বর্ণ মচুৰি আৰু মচুৰি জাতৰ ধানৰ খেতি কৰি বিঘাই প্রতি ২৬ মােন ধান উৎপাদন কৰে। ঢেকিয়াজুলিৰ এইগৰাকী আদর্শ কৃষকে জিকা, ভােল, লেচেৰা মাহ, মাকৈ আদিও একে পদ্ধতিতে খেতি কৰিও যথেষ্ট পৰিমাণে উপার্জন কৰি আহিছে। আনহাতেদি কৃষিৰ উপৰি এইগৰাকী আদর্শ কৃষক নৃপেন দাসে ছাগলী পালন, গাে-পালন আৰু হাঁহ পালন কৰিও আর্থিকভাৱে যথেষ্ট লাভান্বিত হৈছে।

   এনেদৰেই এতিয়া ষ্ট্রবেৰী খেতিকে ধৰি অনান্য খেতিৰে সংস্থাপনৰ পথ মােকলাই এক আদর্শ দাঙি ধৰিবলৈ সক্ষম হৈছে এইগৰাকী খেতিয়ক নৃপেন দাসে।

আৰু পঢ়ক- মৎস্য পালনৰে লাখ লাখ টকা উপার্জন কামৰূপৰ ৰঞ্জিতাৰ
English Summary: Strawberry cultivation in one Bigha land earns over Rs 5 lakh within four months assam farmer

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.