1. সফল কাহিনী

গাহৰি-কুকুৰা পালনেৰে স্বাৱলম্বী মৰিগাঁৱৰ সোণাৰাম বণিয়া

KJ Staff
KJ Staff

একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত মানুহে কেনেকৈ স্বাৱলম্বী হ’ব পাৰে, তাক এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে মৰিগাঁও জিলাৰ এজন যুৱকে। জিলাখনৰ ভূৰবন্ধা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰূপহীবড়ী নিগমৰ প্ৰয়াত তৰণিকান্ত বণিয়া আৰু প্ৰিয়মাই বণিয়াৰ পুত্ৰ সোণাৰাম বণিয়াই নিজৰ একাণপতীয়া চেষ্টাৰ ফলত সম্প্ৰতি জিলাখনৰ ভিতৰতেই এজন স্বাৱলম্বী তথা আদৰ্শৱান যুৱক হিচাপে পৰিগণিত হৈছে। এসময়ত আৰ্থিক দৈন্যৰ কবলত পৰি হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত জলপানিৰ সাঁচতীয়া ১৪০০ টকাৰে সুদূৰ তিনিচুকীয়াত পদপথত খাৰু-মণিৰ ব্যৱসায় আৰম্ভ কৰিছিল যুৱকজনে। সেইজন খাৰু-মণিৰ দোকানী সোণাৰাম বণিয়াই এতিয়া উন্নত প্ৰজাতিৰ গাহৰি, কুকুৰা, হাঁহ আদিৰ ফাৰ্ম খুলি নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। যুৱকজনে জনোৱা মতে, পদপথত খাৰু-মণিৰ দোকান দিয়াৰ পিছত নিজে এখন টেম্প’ কিনি চলাবলৈ লয়। তাৰ পিছত তেওঁ অঞ্চলটোত প্ৰথমবাৰৰ বাবে ব্ৰয়লাৰ ফাৰ্ম খোলে। ইয়াৰ পিছত তেওঁ অসম গ্ৰামীণ বিকাশ বেংকৰ মৰিগাঁও শাখাৰ পৰা ৪.৫০ লাখ টকাৰ এটা ঋণ লয়। ইয়াৰে তেওঁ ২০১৩ চনত উন্নত জাতৰ গাহৰি আৰু কুকুৰা(বনৰজা প্ৰজাতি)ৰ এখন ফাৰ্ম আৰম্ভ কৰে।

 ইয়াৰ পিছৰেপৰা যুৱকজনে পিছলৈ ঘূৰি চাব লগা হোৱা নাই। এতিয়া তেওঁ ক্ৰমে নিজা ফাৰ্মখনৰ পৰিসৰ বঢ়াই যোৱাত ব্যস্ত হৈ পৰিছে। বৰ্তমান তেওঁ ফাৰ্মখনত ৰক্সা, ঘুংগুৰু আৰু ঘুংগুৰুৰ লগত ৰাণী প্ৰজাতিৰ গাহৰিৰ বৰ্ণসংকৰ কৰাই এবিধ উন্নত জাতৰ গাহৰিৰ বীট উদ্ভাৱন কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ পোৱালিসমূহ ৰপ্তানি কৰি আহিছে। গাহৰিৰ উপৰি তেওঁৰ ফাৰ্মখনত এতিয়া উন্নত জাতৰ বিভিন্ন কুকুৰা, যেনে- আৰ আই ২২০টা, কামৰূপা ৬৫টা, বনৰজা ৩৫টাৰ উপৰি চেৰা চাম্বেলী হাঁহ ৩০টা আৰু খাকী কেম্বেল ৫০টা আছে। তদুপৰি তিনিশটা জাপানীজ কয়েল পালন কৰি কণী আৰু মাংস বিক্ৰী কৰিও তেওঁ লাভাম্বিত হৈছে। এতিয়া আকৌ ৫০০টা জাপানীজ কয়েলৰ পোৱালি ভুৱনেশ্বৰৰপৰা লৈ অনাৰ বাবে ব্যৱস্থা কৰিছে। বৰ্তমান দৈনিক তেওঁ ২০০-২৫০টা কণী কুকুৰা, হাঁহ আৰু জাপানীজ কয়েলৰপৰা উৎপাদন কৰি আছে। প্ৰতি চাৰিটা ফাঁহ আৰু কুকুৰাৰ কণী ৩৫টা আৰু জাপানীজ কয়েলৰ কণী ২০ টকাত বিক্ৰী কৰাৰ লগতে প্ৰতি কিলোগ্ৰাম কুকুৰা ২০০ টকাকৈ আৰু প্ৰতিটো জাপানীজ কয়েল ১০০ টকাকৈ বিক্ৰী কৰি আহিছে। উল্লেখ্য যে এইজন উদ্যমী যুৱকে কেঁচু সাৰ উৎপাদন কৰাৰ লগতে উন্নত পদ্ধতিৰে মৎস্যও পালন কৰি আহিছে। পুখুৰীৰ পাৰত ভোট জলকীয়াৰ খেতিও কৰিছিল যদিও এইবাৰ ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকৰী বানে পুখুৰীৰ মাছ উলিয়াই নিয়াৰ লগতে ভোট জলকিয়াৰ খেতিও অনিষ্ট কৰি থৈ যায়

তেওঁ জনোৱা মতে, ফাৰ্মখনৰপৰা বছৰি ১৪-১৫ লাখ টকা উপাৰ্জন হয় যদিও এইবাৰ বানৰ বাবে ৬-৭ লাখ টকাহে লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে, যুৱকজনে পুনৰ নিগমতে ৫০০ বৰ্গমিটাৰ এটা গ্ৰীণ হাউছ নিৰ্মাণ কৰি কেপছিকাম আৰু ভোট জলকীয়াৰ খেতি কৰাৰ প্ৰস্তুতি চলাইছে। গ্ৰীণ হাউছত কৰা কেপছিকাম আৰু ভোট জলকীয়াৰ খেতিৰপৰা তেওঁ ছমাহত ২.৫০-৩ লাখ টকা উপাৰ্জন কৰাৰ আশা কৰিছে। উল্লেখ্য যে, যুৱকজনক গাহৰি পালনকে ধৰি সকলো ক্ষেত্ৰতে মৰিগাঁও কৃষি বিকাশ কেন্দ্ৰই পূৰ্ণ সহযোগিতা আৰু দিহা-পৰামৰ্শ দি আহিছে। তদুপৰি মৰিগাঁৱৰ ইউনাইটেড গ্ৰাম্য প্ৰশিক্ষণ কেন্দ্ৰত এই সন্দৰ্ভত প্ৰশিক্ষণ লোৱা বুলিও তেওঁ জানিবলৈ দিছে। একেদৰে আৰ চি ডিয়েও তেওঁক যথেষ্ট সহায় কৰাৰ লগতে গাহৰি পালনৰ ক্ষেত্ৰত কাঁহিকুছিত প্ৰশিক্ষণ লাভ কৰা বুলিও তেওঁ সদৰি কৰিছে।

                                                                                            লেখক:বিষ্ণু ডেকা(দৈনিক অসম)

English Summary: Sonaram Bania from Marigaon District getting success by farming Piggery and Poultry

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.