1. সফল কাহিনী

ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত তৰমুজ খেতিৰে স্বাৱলম্বী মৰিগাঁৱৰ ৬ যুৱক

KJ Staff
KJ Staff

ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত ৬ গৰাকী সৰ্বস্বান্ত কৃষকৰ জীৱন সংগ্ৰাম। বগা বালিত তেওঁলোকে ৰচিছে সোণালী সপোন। কপালৰ ঘাম মাটিত পেলাই এই ৬ গৰাকী কৃষকে বালি চাপৰিত আনিছে সেউজ বিপ্লৱ। আব্দুল মতলেব, মা: মজিদ, আবুস্বামা, ৰফিকুল ইছলাম, জেহিৰুল ইছলাম আৰু এমদাদুল হক। এই ৬ গৰাকী কৃষক গৰাখহনীয়াত সকলো হেৰুৱাই সৰ্বস্বান্ত হৈছিল। অৱশেষত এই ৬ গৰাকী কৃষকে বগা বালিত বিচাৰি পালে জীৱনৰ সোৱাদ। সাধাৰণতে বগা বালিত কোনো ধৰণৰ শস্য উৎপাদন কৰিব নোৱাৰি। কিন্তু এই ৬ গৰাকী কৃষকে বগা বালিত ৰচিছে সেউজ সপোন। বিগত তিনি বছৰ ধৰি মৰিগাওঁ জিলাৰ ভুৰাগাঁৱৰ বালি চাপৰিত কৰি আহিছে তৰমুজৰ খেতি। ভুৰাগাঁৱৰ কুপতিমাৰীৰ এই ৬ গৰাকী কৃষকে বালি চাপৰিত তৰমুজ খেতি কৰি অধিক লাভৱান হ’বলৈ সক্ষম হৈছে।

এই বছৰ ৬ গৰাকী কৃষকে বালি চাপৰিত ৩০০ বিঘা তৰমুজ খেতি কৰিছে। তাৰে এজন কৃষক আব্দুল মতলেবে জনোৱা মতে, প্ৰতি বিঘা তৰমুজ খেতিত ১০-১২ হাজাৰ টকা খৰচ হোৱাৰ বিপৰীতে প্ৰতি বিঘাত বিক্ৰী হয় ৫০-৬০ হাজাৰ টকা। পশ্চিমবংগৰ পৰা এজন যুৱক আহি তৰমুজ খেতিৰ দিহা শিকাই গৈছিল। তেতিয়াৰ পৰা এই সৰ্বস্বান্ত কৃষকে তৰমুজ খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। এইদৰে বালি চাপৰিত ৬ গৰাকী সৰ্বস্বান্ত কৃষকে সেউজ বিপ্লৱ অনাৰ পিছতো বিয়াগোম কৃষি বিভাগে এই কৃষকসকলক কোনো ধৰণৰ সহায়-সাহায্য দিবলৈ আগবাঢ়ি অহা নাই। কৃষি বিভাগে এই কৃষকসকলক সহায়-সাহায্য আগবঢ়ালে তৰমুজ খেতি কৰি অধিক লাভৱান হ’ব পাৰিলেহেঁতেন। আনকি কৃষকসকলে কৃষি বিভাগৰ লোকক তৰমুজ খেতি পৰিদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পিছতো বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকল আহিবলৈ আহৰি পোৱা নাই।

লেখক: আবুল কালাম(নিয়মীয়া বাৰ্তা)

English Summary: Six farmers doing Watermelon farming in the bank of river Brahmaputra in Marigaon District

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.