বিহাৰৰ নালন্দা জিলাৰ পুজা ভাৰতী নামৰ এজনী শিক্ষিত যুৱতীয়ে খেতি-বাতি কৰিবলৈ আৰম্ভ কৰে। পুজা ভাৰতীয়ে ভাৰতীয় প্রযুক্তি প্রতিষ্ঠানৰ পৰা 2009 চনত কেমিকেল ইঞ্জিৰিয়াৰিং ত ডিগ্রী লাভ কৰে। পুজাই 2015 চনলৈ ভাৰতৰ ৰাজহুৱা খণ্ডৰ আটাইতকৈ বৃহৎ প্রতিষ্ঠান GAIL (Gas Authority of India Limited) ত লাখ বার্ষিক বেতনৰ চাকৰি কৰি আছিল ৷
উল্লেখযোগ্য যে পুজাৰ লগতে তাইৰ IIT ৰ সহপাথী মনিষে সহযোগ কৰে৷ পুজাই জানিবলে দিয়া মতে তাইৰ আগৰে পৰাই খেতি-বাতিৰ ওপৰত দুর্বলতা আছিল। তাই চাকৰি জীৱনত যেতিয়াই সুবিধা পাইছিল গাঁওৰ ঘৰত আহি চাইছিল। তেতিয়াই তাই উপলব্ধি কৰিছিল যে তাইৰ গাঁওলীয়া সেই খেতিয়ক সকলৰ বাবে কৰিবলগীয়া বহুখিনি আছে। তাই লক্ষ্য কৰিছিল যে সেই অঞ্চলৰ মানুহৰ মাজত এটা পৰম্পৰা চলি আহিছে যে খেতি সেই সকল মানুহে কৰে যাৰ কৰিবলৈ একো বিকল্প পথ নাথাকে ৷ কিন্তু এই ধাৰণা সম্পূর্ণ মিছা বুলি প্রমাণ কৰি 2015 চনত চাকৰি ত্যাগ কৰি খেতি কৰা পদ্ধতি, কৌশল সকলো জ্ঞান লয় দীপক সহদেৱ বুলি এজন ব্যক্তিৰ পৰা|
পুজাই 2016 চনৰ পৰা খেতিত মনোনিৱেশ কৰে। তাইৰ কেৱল খেতি কৰাই উদ্দেশ্য নাছিল, বৰং কেনেকৈ গাঁওৰ সেই চহা মানুহৰ জীৱনশৈলী উন্নত কৰিব পাৰি, আধুনিক পদ্ধতিৰে আৰু চৰকাৰী সা-সুবিধা গ্রহণ কৰি অধিক উৎপাদন কৰিব পাৰে, এই বিষয়ে মানুহক চিনাকি কৰি দিয়া বা শিক্ষা দিয়াত গুৰত্ব দিছিল।
প্রথমতে, মনিষ আৰু পুজাই উৰিষ্যাৰ এখন গাঁওত খেতি কৰা আৰম্ভ কৰে। কিছু নিৱনুৱালোকক কর্ম সংস্থান দিয়াৰ উদ্দেশ্যে সহযোগী হিচাপে লয় ৷ তাই কয় যে তেওঁলোকে কোনো লাভ বিচৰা কোম্পানী হিচাপে কাম কৰা নাই। সকলো আমাৰ ইয়াত সমান, কোনো কোনো লোক কেৱল মেট্রিক পাছ কিন্তু কামত ডিগ্রীধাৰী এজনতকৈ কোনো গুনেই কম নহয় ৷ তাই ইয়াকো কয় যে আমি খেতিয়কৰ বাবে কাম কৰিব নালাগে, খেতিয়কৰ সৈতে কাম কৰিব লাগে।
পুজা আৰু মনিষৰ বর্তমান উৰিষ্যাত দহটা কেন্দ্র সক্রিয় হৈ আছে। সিহঁতে গাঁওসমূহত দুখীয়া, ক্ষুদ্র খেতিয়ক সমূহক শিকাই আহিছে যে কেনেকৈ কম মাটীতে , কম খৰচতে ভাল শস্যৰ খেতি কৰিব পাৰি। তেওঁলোকৰ পৰা বহুতো খেতিয়ক উৎসাহী হোৱা বুলি কয়।
তাৰোপৰি তাইৰ মতে বর্তমান সময়ত উন্নত জাতৰ সামগ্রী সমূহৰ বজাৰত যথেষ্ট বেছি। কিয়নো সেইসমূহ সামগ্রী উৎপাদনৰ তুলনাত চাহিদা বহুত বেছি। সেয়েহে আমি সেই সামগ্রী সমূহ চাহিদাৰ অনুপাতে উৎপাদন কৰিব লাগিব, তেতিয়াহে বজাৰত সকলোৰে বাবে সহজলভ্য হব ৷ বর্তমান সময়ত কেৱল উচ্চ, ধনী শ্ৰেণীৰ লোকেহে সেই সামগ্রী সমূহ ক্রয় কৰিব সক্ষম। দুখীয়া সকলে নিম্ন মানৰ সামগ্রী খোৱাৰ সুবিধা পাই আহিছে।
পুজাই কয় যে "যদি মই সেই চাকৰি কৰি থাকিলোহেঁতেন, মোৰ বার্ষিক বেতন প্রায় 33 লাখৰ ওচৰ পালেগৈ। কিন্তু ইয়াতে খেতি কৰি তাৰে তুলনাত নগন্য পৰিমানৰ উপার্জন কৰিছো ৷ আমি সকলো ক্ষেত্রতে পইচাৰে বা লাভ-লোকচান দৃষ্টিৰে চোৱা উচিত নহয়। মোৰ বাবে স্বাস্থ্য গুৰত্বপূর্ণ, চাকৰি কালত পোৱা দৰে মানসিক চাপ ইয়াত নাই। ইয়াত মই পাঁচটা L পাইছোঁ-
L-Love, Laugh, Livelihood, Learning and Living,
তাৰোপৰি মই ভাল খাদ্য, বিশুদ্ধ বায়ু, বিশুদ্ধ পানী আৰু শান্তিৰ উশাহ লব পাইছো। বেমাৰৰ পৰা বহু দূৰত মই ৷
ভৱিষ্যতে সিহঁতৰ খেতি কৰা প্রণালী সমূহ, কোম্পানীৰ শাখা আন আন ৰাজ্যত সুবিধা পালে মুকলি কৰিব ৷
Share your comments