কেৰেলাৰ এজন প্ৰগতিশীল কৃষক বিজু নাৰায়ণ। কৃষকগৰাকীয়ে প্ৰথমে ৰবৰ খেতি কৰিছিল। প্ৰথম অৱস্থাত ৰবৰ খেতিৰে ভাল উপাৰ্জন কৰিছিল। কিন্তু এসময়ত ১ কেজি ৰবৰ উৎপাদন কৰিবলৈ যিমান পৰিমাণৰ টকা খৰচ হৈছিল বা কষ্ট হৈছিল সেই অনুপাতে লাভ হোৱা নাছিল। গতিকে তেওঁ ৭ একৰ মাটিত থকা ৰবৰ খেতিৰ ঠাইত সলনি খেতি কৰিবলৈ মন মেলিলে। তেওঁ নিৰ্বাচন কৰিলে ৰামবুটান, আম, লিছু, জালুক, তামোল, নাৰিকল আদি দীৰ্ঘজীৱি ফল-মূলৰ খেতি। প্ৰথমে তেওঁৰ আত্মীয়-কুটুম্ব, পৰিয়ালে বিজু নাৰায়নৰ সিদ্ধান্তটো ভাল নহয় আৰু অধিক লাভ নহলেও কিবা এটা উপাৰ্জন হৈ থকা বাগানখন শেষ কৰি তাৰ ঠাই ফল-মূলৰ খেতি আৰম্ভ কৰা মানি লব পৰা নাছিল। কিন্তু নিজৰ স্থিতিত অটল থাকি ৭ একৰ মাটিত কৰা নতুন খেতিয়ে ভাগ্য উদয় কৰিলে কৃষকজনৰ। বৰ্তমান তেওঁ বছৰি ১৫ লাখ টকা উপাৰ্জন কৰে।
বিজু নাৰায়ণ পেচাত এজন ইঞ্জিনিয়াৰ আছিল। অৱশ্যে পঢ়ি থকা দিনৰ পৰাই খেতিৰ লগত জড়িত আছিল। পঢ়ি থকাৰ সময়তেই অৰ্থাত ১৮ বছৰ বয়সতে দেউতাক ঢুকুৱাত ঘৰখনৰ সমস্ত দায়িত্ব তেওঁৰ ওপৰতেই পৰিছিল। কাৰণ ঘৰখনৰ ডাঙৰ সন্তান বিজু নাৰায়ণেই আছিল। মাক আৰু ভনিয়েকৰ চোৱা-চিতাৰ দায়িত্ব তেওঁৰেই হৈছিল। পঢ়া আৰু ঘৰখনৰ দায়িত্ব কান্ধ পাতি লবলৈ তেওঁ কৃষকেই মাধ্যম হিচাপে লয়। খেতি আৰু পঢ়া একেলগে আগুৱাই নি এসময়ত তেওঁ নিজক এজন অভিযন্ত্ৰা হিচাপে প্ৰতিষ্ঠা কৰে। কিন্তু খেতি আৰু অভিযন্ত্ৰাৰ দৰে এটা কাম একেলগে চলাই নিবলৈ বহু সময়ত অসুবিধা হয়। গতিকে অভিযন্ত্ৰাৰ দৰে এটা লোভনীয় বৃত্তি এৰি তেওঁ কৃষিক আগস্থান দিয়ে। খেতি কৰিবলৈ লয়। এই লেখাটোৰ জড়িয়তে আমি আজি দৰ্শকসকলক জনাম বিজু নাৰায়ণে কেনেকৈ খেতি কৰি! যাৰ জড়িয়তে তেওঁ এটা ভাল উপাৰ্জন কৰে।
বহুতৰপীয়া খেতি কৰে বিজু নাৰায়ণে
প্ৰথমে বিজুৱে এডোখৰ মাটিত কেৱল ৰবৰ কৰিছিল। কিন্তু ৰবৰ খেতি এৰাৰ পাছতেই তেওঁ বহুতৰপীয়া পদ্ধতিৰে এডোখৰ মাটিতে কেইবাটাও খেতি কৰিবলৈ লয়। কৃষক বিজু নাৰায়ণে কয় “মই বহুতৰপীয়া পদ্ধতিৰে একোডোখৰ মাটিতে পাঁচৰ পৰা ছয়া খেতি কৰিবলৈ লওঁ। উদাহৰণস্বৰূপে, প্ৰথম মই তামোল গছ ৰোপণ কৰিছিলো। তামোল ৪৫ ফুট পৰ্যন্ত ওখ হয়। তাৰ পিছত, মই ২৫ ফুট ওখ আমলখি ৰোপণ কৰিলোঁ, তাৰ পিছত ১৫ ফুটৰ জালুক , ১০ ফুটৰ কল, আৰু দুই পৰা পাঁচ ফুট ওখ আদা আৰু শিমলু আলুৰ পুলি ৰোপন ৰোপণ কৰিলোঁ।’ লগতে কৃষক বিজু নাৰায়ণে কয়- ‘শস্যবোৰৰ উচ্চতা বেলেগ বেলেগ হোৱাৰ বাবে সূৰ্যৰ তাপ উদ্ভিদসমূহে প্ৰয়োজন অনসৰি লাভ কৰে। এই পদ্ধতিৰে খেতি কৰিলে এডোখৰ মাটিতে বিভিন্ন শস্যৰ খেতি কৰি লাভ উঠাব পাৰি আৰু মাটিখিনিৰ সুব্যৱহাৰ কৰা হয়।
লগতে পঢ়ক-
বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব!
কৃষক বিজু গগৈয়ে আটাইকতৈ বেছি উপাৰ্জন কৰে তেওঁ ফলৰ খেতিৰ পৰা। ২০১০ চনত কৃষকগৰাকীয়ে ৰামবুটান ফলৰ খেতি কৰে। তেওঁ কয়- ‘২০১০ চনত মই ৰামবুটান ফলৰ পুলি ৰোপণ কৰিছিলো। মই জানিছিলোঁ পাঁচ বছৰৰ পাছত প্ৰতিজোপা ৰামবুটান ফলৰ গছৰ পৰা ৪০ কেজি ৰাম্বুটান আৰু সাত বছৰত ৬০ কেজি পৰ্যন্ত ৰামবুটান পাম। বৰ্তমান প্ৰতিজোপা গছত ৮০ কিলোগ্ৰাম ফল লাগে।’ তেওঁ জানিবলৈ দিয়া মতে, বিগত বৰ্ষত প্ৰতি একৰত ৬ হাজাৰ কিলোগ্ৰামতকৈ অধিক ৰেম্বুটান চপাইছিল। প্ৰতি কেজিত ২৫০ টকাত বিক্ৰী কৰিছিল। কেৱল ৰামবুটান ফলৰ খেতিৰ পৰাই ১৫ লাখ টকা উপাৰ্জন কৰিছিল।
কৃষকগৰাকীয়ে মধ্যভোগী বা বেপাৰীক তেওঁৰ ফাৰ্মত উৎপাদিত সামগ্ৰী বিক্ৰি কৰা সলনি প্ৰত্যক্ষভাৱে গ্ৰাহকক উৎপাদিত সামগ্ৰীৰ বিক্ৰি কৰে। আৰু ইয়াৰ বাবে তেওঁ সামাজিক মাধ্যমৰ জড়িয়তে গ্ৰাহকৰ লগত সম্বন্ধ ৰাখে। এই সন্দৰ্ভত তেওঁ কয়- ‘মই মধ্যভোগী মোৰ ৰামবুটান বিক্ৰি কৰা হ’লে ১ কেজিত ১৯০ৰ পৰা ২০০ টকাহে পালোঁহেঁতেন। প্ৰত্যক্ষভাৱে বিক্ৰি কৰাৰ ফলত ২৫০ টকা পাবলৈ সক্ষম হৈছো প্ৰতিকেজি ৰামবুটানত।
বহনক্ষম কৃষি পদ্ধতি কৃষক বিজু নাৰায়াণৰ কৃষিৰ এক বিশেষ বিশেষত্ব। তেওঁ ৰাসায়নিক সাৰৰ সলনি গৰুৰ গোবৰ, গৰুৰ প্ৰস্ৰাৱ, ভাৰ্মিকম্পোষ্টৰ দৰে ৮০ শতাংশ জৈৱিক সামগ্ৰীক ২০ শতাংশ অজৈৱিক পদাৰ্থ যেনে পটাছৰ সৈতে মিহলাই মাটিৰ স্বাস্থ্য বজাই ৰখাৰ লগতে উদ্ভিদৰ বৃদ্ধি বৃদ্ধি কৰে।
কৃষকগৰাকীয়ে কয়- কৃষি কৰ্মৰ মাজত তেওঁ ব্যক্তিগত জীৱনৰ পূৰ্ণতা বিচাৰি পাওঁ। মাটিৰ লগত মোৰ সম্পৰ্ক স্থাপন হোৱাৰ পৰা আচলতে মোৰ জীৱনটো সলনি হৈ গ’ল। চাকৰি এৰি দিয়াৰ বাবে মই কেতিয়াও আক্ষেপ নকৰো; এতিয়া মোৰ নিজকে ৰজাৰ দৰে লাগে।।’
লগতে পঢ়ক-