1. এগ্ৰিপেডিয়া

Black Potato : কলা আলুৰ খেতিয়ে বিহাৰত হাঁহি বিৰিঙাইছে কৃষকৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Black Potato Farming & Health Benefit
Black Potato Farming & Health Benefit

আপুনি ক’লা আলু দেখিছে নে! বিহাৰত এতিয়া কলা আলুৱে যাদু দেখুৱাইছে। কল আলুৰ যাদুৱে কৃষকৰ মুখত হাঁহি বিৰিঙাইছে। আমেৰিকাৰ এণ্ডিজ চহৰ ক’লা আলুৰ জন্মভূমি। তাতেই আমেৰিকাৰ কৃষকসকলে কলা আলুৰ খেতি কৰে। কিন্তু বিগত বৰ্ষত ইউটিউবত ভিডিঅ’ চাই কলা আলুৰ প্ৰতি আকৰ্ষিত হয় বিহাৰৰ আশিষ কুমাৰ নামৰ এজন কৃষক।

কৃষকজনে নিজৰ খেতি মাটিতো কলা আলুৰ খেতি কৰা উদ্দেশ্য ১৫ কেজি কলা আলু অনলাইনত অৰ্ডাৰ কৰে। আমেৰিকাৰ পৰা বিহাৰ আহি পাওঁতে এক কেজি আলুত ১৫০০ টকা পৰিছিল। কৃষকগৰাকীয়ে ভাৰত বৰ্ষত আলু খেতি কৰাৰ দৰেই কলা আলুৰ খেতি আৰম্ভ কৰে। ২০২২ বৰ্ষৰ ১০ নৱেম্বৰত বীজ ৰোপণ কৰিছিল আৰু ১২০ দিনৰ পিছত অৰ্থাত ১৩ মাৰ্চত আলু খান্দিছিল।

কেৱল একঠা মাটিত আশিষ কুমাৰে কলা আলুৰ খেতি কৰিছিল । কৃষকগৰাকীয়ে ১৪ কেজি আলুৰ খেতি কৰি ১২০ উতপাদন কৰিছিল। কিন্তু তেওঁ ১৪ কেজি আলুৰ খেতিৰ পৰা ২০০ কেজি আশা কৰিছিল। সংবাদ মাধ্যমৰ হোৱা কথা বতৰাত তেওঁ কয় যে প্ৰতি কেজি ৩০০ৰ পৰা ৫০০ টকাত বিক্ৰী কৰে। আৰু প্ৰতি কেজি ৩০০ৰ পৰা ৫০০ টকাত বিক্ৰী কৰিব। এইবাৰ তেওঁ অধিক পৰিমাণে  কল আলু খেতি কৰিব।

উল্লেখ্য যে ক’লা আলুত বহুতো ঔষধি গুণ পোৱা যায়। যাৰ বাবে কলা আলুৰ চাহিদাও বজাৰত আছে। তেওঁ জানিবলৈ দিয়া মতে, কলা আলুৰ খেতি কৰাৰ পাছতেই বিহাৰৰ লগতে অন্য ৰাজ্যৰ বহু কৃষক আৰু অন্যান্য লোকে আশিষৰ সৈতে যোগাযোগ কৰিছে। কম উতপাদন হৈছিল যদিও কৃষকসকলক ৰোপনৰ বাবে কম কম হ’লেও কৃষকসকলক দিবলৈ চেষ্টা কৰিছে বুলি জানিবলৈ দিছে। বৰ্তমানেও অসমত কলা আলুৰ খেতি কোনো কৃষকে কৰিছে বুলি জানিবলৈ পোৱা নাই। আমাৰ কৃষকসকলে কৰি চাব পাৰে। যিসকল কৃষক নতুন শস্যৰ খেতিৰ প্ৰতি আগ্ৰহী।

লগতে পঢ়ক- 

Dragan Fruit : ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বী গোৱালপাৰাৰ কৃষক অনুপ ৰাভা

English Summary: Black Potato Farming & Health Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.