1. সফল কাহিনী

নলবাৰীৰ উচ্চ শিক্ষিতা নন্দিতাৰ ষ্ট্ৰ’বেৰি খেতিৰে স্বাৱলম্বিতাৰ এক নিদর্শন

KJ Staff
KJ Staff
Strawberry cultivation
Strawberry cultivation

   নলবাৰী জিলাৰ এগৰাকী উচ্চ শিক্ষিতা যুৱতী নন্দিতা বৰুৱা। MA পঢ়ি থকা নন্দিতাৰ এতিয়া ব্যস্ততাৰ অন্ত নাই। নন্দিতাৰ এই ব্যস্ততা কেৱল পঢ়াক লৈ নহয়, নতুনকৈ আৰম্ভ কৰা কৃষি কৰ্মক লৈহে। বৈজ্ঞানিক পদ্ধতিৰে নন্দিতাই আৰম্ভ কৰা কৃষি কৰ্মৰ জৰিয়তে নিবনুৱা হৈ থকা হাজাৰজন যুৱক-যুৱতীলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে যে, চৰকাৰী চাকৰিতকৈ অসমীয়া বাৰীতেই আছে লাখ টকা উপাৰ্জন কৰি স্বাৱলম্বী হ’ব পৰা পথ।

   নন্দিতাৰ পিতৃও এগৰাকী আদর্শ খেতিয়ক৷ নিজ পিতৃৰ আদৰ্শত অনুপ্ৰাণিত হৈ অনলাইনৰ জৰিয়তে সুদুৰ হিমাচল প্ৰদেশৰ পৰা ষ্ট্ৰবেৰিৰ পুলি ক্ৰয় কৰি ইউটিউৱক মাধ্যম হিচাপে লৈ নিজ ঘৰতে ৪ বিঘা মাটিত ষ্ট্ৰ’বেৰি খেতি আৰম্ভ কৰিছে নন্দিতাই। ষ্ট্ৰবেৰিৰ উপৰিও নিজৰ ঘৰতে নন্দিতাই ইনকুৱেবৰ(Incubator) জৰিয়তে নিজ ঘৰতে হাঁহ আৰু বটা চৰাইৰ পোৱালি জগাই এক আদৰ্শ দাঙি ধৰিছে।

   নন্দিতাই বৰ্তমান ১০০ টা বটা চৰাই, ২০০টা হাঁহ পালন আৰু আন আন শাক-পাচলিৰ খেতি কৰি বছৰি প্ৰায় দুই লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। অতি সাধৰণ ঘৰৰ উচ্চ শিক্ষিতা নন্দিতাৰ এই কৃষি কৰ্মক নিজ পিতৃ প্ৰতুল বৰুৱাৰ লগতে দুই ভগ্নীয়ে সহায়ৰ হাত আগবঢ়াইছে। বর্তমান সময়ত হাতে হাতে মোবাইল লৈ ইন্টাৰনেট জগতখনত হেৰাই যোৱা ল'ৰা-ছোৱালী সকলৰ বাবে নন্দিতা এক আদর্শস্বৰূপ। যিটো সময়ত যুৱ প্ৰজন্ম বিশেষকৈ উচ্চ শিক্ষিতা ছোৱালী কৃষিকৰ্মৰ প্ৰতি কম আগ্ৰহী হোৱা দেখা তেনে সময়তে নন্দিতাই দেখা স্বনিৰ্ভৰশীলতাৰ সপোনে আন দহজনৰ বাবে প্ৰেৰণাৰ উৎস হ’ব পাৰে।

 

English Summary: Highly educated assam student nandita started strawberry cultivation in Nalbari

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.