অসমত স্বাৱলম্বণৰ এনে কিছুমান সুলভ ক্ষেত্ৰ আছে যিবোৰ সাধাৰণতে অন্য ৰাজ্যত দুৰ্লভ। কিন্তু আমাৰ দৃষ্টিয়ে এইক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ আমি অসমৰ্থ হওঁ। যাৰবাবে বহু সময়ত আমি হাতৰটো এৰি বাটৰটো ধৰিবলৈ খপজপ কৰোঁ। সোণ বিচাৰি থাকো কিন্তু হাততে সোণ থকাৰ দৰে হয় আকৌ বহুসময়ত হাতৰ সোণ ডখৰ নিচিনা অভাৱত।
কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম আছিল ডিমাকুছিৰ ভাৰত-ভূটান সীমান্তৰ ছেখাৰ মৌজাৰ অন্তৰ্গত ৩নং শুক্লাইৰ বিষ্ণু খড়েল। যুৱ অৱস্থাতেই চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি সৰ্বশ্ৰান্ত হোৱাৰ পৰিৱৰ্তে নিজ পৈতৃক ভূমিত বিভিন্ন প্ৰকাৰৰ খেতি কৰি স্বাৱলম্বী হৈছিল বিষ্ণু খড়েল।
বৰ্তমান তেওঁৰ বয়স ৫৯ বছৰ। শোহতীয়াকৈ তেওঁ নিজৰ বাৰীৰ ৩০০ জোপাতকৈয়ো অধিক তামোল গছত জালুকৰ খেতি কৰিছিল। এই জালুকৰ খেতিৰ পৰা তেওঁ এতিয়া বছৰি ইকামক কৰে দুই লক্ষাধিক টকা।
৫৯ বছৰীয়া এজন লোকে ঘৰতে থাকি এনেদৰে বছৰি দুই লক্ষাধিক টকা উপাৰ্জন কৰাটো সাধাৰণ কথা নহয়। বঢ়াই কোৱা নহ’ব এনে সুযোগ কেৱল অসমতহে আছে।
লগতে পঢ়ক- কাঠফুলাৰ খেতিৰে জীৱল সলনি কৰা এগৰাকী মহিলা