কৃষিৰ মাজত সংস্থাপনৰ বাট বিচাৰি পালে অৰ্থনীতি বিজ্ঞানৰ স্নাতক অনুষ্কা জয়ছৱালে। ৬ একৰ কৃষিভূমিত কেপচিকাম, বন্ধাকবি, বকচয়, বিলাহী আদি বিদেশী শস্যৰ খেতি কৰে ২৮ বছৰীয়া যুৱতীগৰাকীয়ে।
২০১৭ চন। দিল্লীৰ হিন্দু কলেজত প্লেচমেণ্টৰ ছিজনত ছাত্ৰ-ছাত্ৰীসকলে সাক্ষাৎকাৰৰ বাবে দিন ৰাতি একাকাৰ কৰি প্ৰস্তুতি চলাই আছিল। সেই সময়তে দিল্লীৰ হিন্দু কলেজৰ স্নাতক অনুষ্কা জয়ছোৱালে কিন্তু প্লেচমেণ্টৰ কাৰণে কোনো প্ৰস্তুতি চলোৱা নাছিল। আৰু আগ্ৰহ প্ৰকাশো কৰা নাছিল। ইফালে, প্লেচমেণ্ট চেলৰ নিজেই সভাপতি আছিল- অনুষ্কা জয়ছোৱাল।
অনুষ্কাৰ লক্ষ্য সন্দৰ্ভত কৈছিল যে তাই তৃণমূল পৰ্যায়ত কাম কৰিব। পৰৱৰ্তী সময়তে কলেজীয়া জীৱন শেষ কৰি ঘৰলৈ উভটি আহিছিল অনুষ্কা। প্ৰথমে তেওঁ ঘৰতে পৰীক্ষামূলকভাৱে টেৰচ গাৰ্ডেনত খেতি কৰিবলৈ লয়। এনেদৰে খেতি কৰি থাকোতেই কৃষি কৰ্মৰ মাজত আনন্দ পাবলৈ ধৰিলে। আৰু শেষত ভাতৃৰ সৈতে হোৱা কথা-বতৰাৰ পাছত কৃষি বৃত্তিৰ মাজেৰে আগুৱাই যাবলৈ থিৰাং কৰে। কিন্তু খেতি সন্দৰ্ভত বিশেষ জ্ঞান নাছিল অনুষ্কাৰ। ভাতৃৰ পৰা উৎসাহিত হৈ তাই নয়ডাৰ উদ্যান শস্য প্ৰযুক্তি প্ৰতিষ্ঠানত উদ্যান শস্যৰ প্ৰশিক্ষণত নামভৰ্তি কৰে।
২০২০ চনত প্ৰশিক্ষণ সামৰি অনুষ্কাই এক একৰ মাটিত পলিহাউচৰ ভিতৰত উদ্যানশস্যৰ খেতি আৰম্ভ কৰে। বিগত চাৰিবছৰত অনুষ্কাই গৃহজিলাখনত বিদেশী পাচলিৰ খেতি কৰি নিজৰ নাম উজ্বলাইছে। বৰ্তমান প্ৰগতিশীল কৃষক হিচাপে নিজৰ নাম খোদিত কৰা অনুষ্কাই ছয় একৰৰো অধিক মাটিত শাক-পাচলি খেতি কৰে। বিগত এটা বছৰত এক কোটি টকাৰো অধিক লেনদেন কৰিছে অনুষ্কাই। তেওঁৰ উৎপাদিত সামগ্ৰী ব্লিংকিট (Blinkit) আৰু বিগ বাস্কেট( Big Basket )ৰ দৰে দ্ৰুত বাণিজ্যিক প্লেটফৰ্মৰ লগতে লুলু হাইপাৰমাৰ্কেটৰ (Lulu Hypermarket) দৰে ষ্ট’ৰত বিক্ৰী কৰা হয়।
অনুষ্কাই কয়- মই টেবুলৰ চাকৰি বিচৰা নাছিলো। গ্ৰাউণ্ড লেভেলত কিবা এটা কৰা ভাবিছিলো। ফৰাচী শিকিছিলো। কিন্তু মোৰ কিবা এটা ভাল লগা নাছিল। মই মানুহক অনুপ্ৰাণিত কৰা আৰু তেওঁলোকক জীৱিকা আৰু দক্ষতা প্ৰদান কৰাৰ লক্ষ্য লৈছিলো।’
আৰম্ভণি সময়ছোৱাত ২৪ বছৰীয়া অনুষ্কা জয়ছোৱালো বিভিন্ন প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল। পথাৰত পোক-পতংগ, থিয়ৰিত শিকা আৰু ব্যৱহাৰিকভাৱে কৰা মাজত ব্যৱধান বহুত। এইবোৰৰ উপৰি এগৰাকী মহিলা হিচাপে কৃষিক্ষেত্ৰখনত এই দৰে আগবাঢ়ি যাওঁতে বিভিন্নজনৰ সমালোচনাৰো সন্মুখীন হৈছিল অনুষ্কা। কিন্তু তেওঁৰ সফলতাই সমালোচনা কৰাসকলৰ মুখ বন্ধ কৰিছিল। এই সন্দৰ্ভত অনুষ্কাই কয়- “আৰম্ভণিতে মানুহে মোক সন্দেহ কৰিছিল, কিয়নো মই আৰম্ভ কৰাৰ সময়ত মোৰ বয়স মাত্ৰ ২৪ বছৰ আছিল। মহিলাই যে কৃষিক্ষেত্ৰখনত কাম কৰিব পাৰে তাৰ উদাহৰণ আমাৰ অঞ্চলত নাছিল। এই অঞ্চলৰ অধিকাংশ কৃষক পুৰুষ। কিন্তু মোৰ পৰিয়ালটোৱেই আছিল মোৰ আটাইতকৈ ডাঙৰ সহায়।’
লগতে পঢ়ক-
Share your comments