1. সফল কাহিনী

দুধনৈত কবি খেতিৰে উজলিছে গোপেন ৰায়

KJ Staff
KJ Staff

সম্প্ৰতি গোৱালপাৰা জিলাৰ কৃষিখণ্ডত যি এক সেউজ বিপ্লৱৰ সূচনা হৈছে, ইয়াৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিভিন্ন ঠাইত এতিয়া কৃষক ভিন ভিন পদ্ধতিৰে খেতি কৰা দেখা গৈছে। ক’লা ধান, কল, অমিতা, তৈল খেজুৰ, ৰবৰ, আনাৰস, ফুলৰ খেতি, চক’ খেতি, বেঙেনা, কবি খেতিৰে জিলাখনৰ কৃষিখণ্ডত এক আলোড়ন সৃষ্টি হ’ব ধৰিছে। অতি সম্প্ৰতি নিবনুৱা যুৱকেও খেতিৰ প্ৰতি আগ্ৰহী হৈ বিভিন্ন ধৰণৰ খেতি কৰাত লাগিছে। এই শুভ বাৰ্তাৰে নতুন বছৰটোত গোৱালপাৰা জিলাখনে কৃষিৰ ক্ষেত্ৰত এক সুকীয়া স্থান দখল কৰিব বুলি কৃষক ৰাইজেও আশা পালি ৰাখিছে। তেনে এক আশা লৈয়েই দুধনৈৰ নিকটৱৰ্তী ধাৰা মেধিপাৰা গাঁৱৰ গোপেন ৰায়ে নিজৰ বাৰীতে আধুনিক পদ্ধতিৰ জৰিয়তে কবি খেতি কৰি অঞ্চলটোৰ ৰাইজকে অনুপ্ৰেৰণা যোগাব পাৰিছে। 

ফুলকবি, ওলকবি, ব্ৰকলি আৰু বন্ধাকবিৰ খেতি কৰি সেউজ কৰি তুলিছে নিজৰ বাৰীখন। অৱধাৰিতভাৱে বিগত ১০-১২ বছৰ ধৰি একেৰাহে খেতি কৰি অহা গোপেন ৰায়ে জানিবলৈ দি কয় যে স্নো কুইন জাতৰ ফুলকবি, এন এছ-২২ জাতৰ বন্ধাকবি, টুৱেষ্টাৰ জাতৰ ওলকবি আৰু গ্ৰীন মেজিক জাতৰ ব্ৰকলিৰ খেতি কৰা হৈছে। বন্ধাকবি আৰু ওলকবি প্ৰতিটোৰে ওজন প্ৰায় ৩ কেজিকৈ হ’ব। ইতিমধ্যে গোৱালপাৰা জিলাৰ কৃষিবিভাগৰ অধিনস্থ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ(আত্মা)ৰ কুশধোৱা উন্নয়ন খণ্ডৰ খণ্ড প্ৰযুক্তি প্ৰবন্ধক হোমেন ব্ৰহ্মৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে আত্মাৰ জৰিয়তে ২০১৬-১৭ বৰ্ষত কৃষক গোপেন ৰায়ে প্ৰদৰ্শনীমূলক খেতিৰ বাবে আৰ্থিক সাহায্যও লাভ কৰিবলৈ সক্ষম হৈছে। এইবেলি কবি খেতিৰ জৰিয়তে কিছু পৰিমাণে হ’লেও লাভৱান হ’ব পাৰিব বুলি আশা প্ৰকাশ কৰিছে খেতিয়ক গৰাকীয়ে।

লেখক: জ্যোতিষ নাথ(নিয়মীয়া বাৰ্তা)

English Summary: A farmer from Dudhnoi is blooming by doing vegetable farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.