1. অন্যান্য

Urban Farming New Tips : চহৰত ঘৰতে কৰক এই পদ্ধতিৰে পাচলিৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Urban Farming New Tips
Urban Farming New Tips

চহৰ অঞ্চলৰ লোকসকলৰ গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে শাকনিবাৰী এখন প্ৰায়েই নাথাকে বুলিব পাৰি। গতিকে শাক-পাচলিৰ বাবে চহৰ অঞ্চলৰ এইসকল লোকে বজাৰখনৰ ওপৰতেই নিৰ্ভৰ কৰিব লগা হয়। কিন্তু যদি এজন চহৰীয়া লোকৰ এখন ছাদ আছে, বেলকনি আছে, বা কোনো চাজা আছে- তেওঁলোকে কিন্তু কেৱল বজাৰখনৰ ওপৰতে নিৰ্ভৰ নকৰি ঘৰ এখনত প্ৰয়োজনীয় ৮০ শতাংশ শাক-পাচলি নিজেই উতপাদন কৰিব পাৰিব। তাৰ বাবে লাগিব কিছুমান টিপচ। দৰ্শকসকলক আজি এই আলোচনাত তেনেকুৱা কেইটামান টিপছ দিম। যিকেইটা টিপছ আপোনালোকে অৱলম্বণ কৰি ঘৰ এখনত প্ৰয়োজন হোৱা ৮০ শতাংশ শাক-পাচলি মাটি নাথাকিলেও উতপাদন কৰিব পাৰিব।

জলকীয়া পুলি কত ৰুৱ

পাকঘৰৰ প্ৰয়োজনীয় শাক-পাচলিসমূহৰ ভিতৰত অন্যতম। এটা চাৰিজনীয়া পৰিয়ালৰ বাবে ৫ জোপা জলকীয়াই হৈ যাব। ইয়াৰে দুজোপা ভোট জলকীয়া, দুজোপা কণ জলকীয়া আৰু এজোপা জাতি জলকীয়া লগাওঁক। পিছে ৰুৱ ক’ত?  জলকীয়াৰ বাবে ১০ কেজি মান মাটি ধৰা ৫ টা টাব আনক। টাববোৰত গোৱৰ ২০ শতাংশ, কেঁছুসাৰ ২০ শতাংশ আৰু মাটি ৬০ শতাংশ অনুপাতত মিশ্ৰণ ঘটাই ভৰাই দিয়ক। একোটাকৈ পুলি লগাই দিয়ক। আৰু পুলি ৰোপন কৰাৰ পাছতে টাববোৰ কৰিডৰ, বাৰান্দাৰ, চাজা আদিত ৰাখি দিয়ক। আৰু নিয়মিত পানী যোগান ধৰক। মাজে সময়ে মাটিবোৰ খান্দি ওলট-পালট কৰি দিয়ক।

মাছৰ কাৰ্টনত ধনিয়া খেতি-

মাছৰ কাৰ্টন দুটাত গোৱৰ ২০ শতাংশ, কেঁছুসাৰ ২০ শতাংশ আৰু মাটি ৬০ শতাংশ অনুপাতত মিশ্ৰণ ঘটাই  ৪ ইঞ্চিমান ডাঠকৈ ভৰাই দিয়ক।তাৰ পাছতে ধনীয়াৰ বীজ সিঁচি দিয়ক। পোণপটীয়াকৈ বৰষুণৰ পানী পৰিব নোৱৰা যিকোনো খালি ঠাইতে ৰাখি দিয়ক। নিয়মিত পানী যোগান ধৰক।

তিয়হ খেতি-

১০ কেজি মান মাটি ধৰা ২ টা টাব আনক। টাববোৰত গোৱৰ ২০ শতাংশ, কেঁছুসাৰ ২০ শতাংশ আৰু মাটি ৬০ শতাংশ অনুপাতত মিশ্ৰণ ঘটাই ভৰাই দিয়ক। একোটাকৈ পুলি লগাই দিয়ক। আৰু পুলি ৰোপন কৰাৰ পাছতে ঘৰৰ চাদত ৰাখি দিয়ক। পুলিবোৰ ডাঙৰ হৈ অহাৰ লগে লগে ত্ৰিভূজ আকাৰৰ তিনিটাৰ খুটাৰ এটা ফ্ৰেম ছফুটমান ওখ কৰি পুলিকেইটাই বগাব পৰাকৈ স্থাপন কৰক আৰু ইটো খুটাৰ পৰা সিটো খুটালৈ ৬ ইঞ্চি এৰি ৬ ইঞ্চি মূৰত প্লাষ্টিকৰ ৰছিৰে মেৰিয়াই দিয়ক।

লগতে পঢ়ক- 

Ginger Farming new tips : কম ঠাইতে বস্তাত আদা খেতি কেনেকৈ কৰিব!

English Summary: Urban Farming New Tips

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.