1. অন্যান্য

নির্বাচনত জয়ী হলে ৰাইজক চন্দ্র ভ্ৰমমনলৈ নিয়াৰ লগতে দিব একোটাকৈ আইফোন - পিছে কোনে দিলে এই প্রতিশ্রুতি?

KJ Staff
KJ Staff
An MLA candidate promises free helicopter iphone and trip to moon
An MLA candidate promises free helicopter iphone and trip to moon

    দেশৰ বহুকেইখন ৰাজ্যত ইতিমধ্যে নির্বাচনৰ বতৰ আৰম্ভ হৈছে। নির্বাচনৰ এই প্রাকক্ষণত প্রার্থী সকলৰ প্রতিশ্রুতিৰ বন্যা বইছে। বহু প্রার্থীয়ে বিভিন্নধৰণে প্রলোভন দেখুৱাইছে। পিছে তামিলনাডুৰ এজন বিধায়কৰ প্রার্থী অলপ ব্যতিক্রম৷ তেওঁ ভোটাৰ ৰাইজক দিয়া প্রতিশ্রুতিয়ে ৰাইজৰ মাজত হাঁহিৰ খোৰাক যোগাবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে সামাজিক মধ্যমসমূহতো ব্যাপক চর্চা লাভ কৰিছে। তেন্তে চাঁও আহকছোন কোন এই প্রার্থী-

   আগন্তুক ৬ এপ্রিলত হ'বলগীয়া তামিলনাডু বিধানসভা নির্বাচনৰ বাবে প্ৰাৰ্থীসকলে দিয়া প্রতিশ্রুতিকলৈ সৃষ্টি হৈছে ব্যাপক আলােচনা। দুই এগৰাকী প্রার্থীয়ে এনে প্রতিশ্রুতিও প্রদান কৰিছে, যাক লৈ ভােটাৰৰ চকু কপালত উঠিছে। মাদুৰাইৰ এগৰাকী নির্দলীয় প্রার্থীয়ে নির্বাচনত জয়লাভ কৰিলে সমষ্টিৰ জনসাধাৰণক চন্দ্র ভ্রমণ কৰােৱাৰ প্রতিশ্রুতি দিছে। ইয়াৰ উপৰি সমষ্টিবাসীক আইফোন প্রদান প্রতিশ্রুতিও দিছে এই প্রার্থীগৰাকীয়ে। আৰ ছাৰাভানন নামৰ প্রার্থগৰাকীয়ে সমষ্টিৰ সকলাে লােকক আইফোন প্রদান কৰাৰ উপৰি ছুইমিংপুলসহ একোটাকৈ তিনিমহলীয়া প্রাসাদ বিনামূলীয়াকৈ প্ৰদান কৰাৰ প্রতিশ্রুতি দিছে। ইয়াৰ উপৰি প্ৰতিটো পৰিয়ালক বছৰি ১ কোটিকৈ টকা দিব বুলি প্রতিশ্রুতি দিছে ছাৰাভাননে। লক্ষণীয়ভাৱে প্ৰতিটো পৰিয়ালক ২০ লাখ টকীয়া বিলাসী গাড়ী, একোখন সৰু হেলিকপ্টাৰ, পৰিয়ালসমূহৰ কাম-কাজৰ সহায় হোৱাকৈ ৰবট আৰু যুৱতীসকলক সােণৰ আ- অলংকাৰ প্ৰদানৰ প্রতিশ্রুতি দিছে প্রার্থীগৰাকীয়ে।

English Summary: Tamilnadu MLA candidate promises free helicopter iphone and trip to moon

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.