1. অন্যান্য

শক্তিৰ উৎস

KJ Staff
KJ Staff

সৌৰ আৰু বতাহৰ শক্তি

সূৰ্য

আমাৰ সূৰ্যটো শক্তিৰ মূল উত্স ৷ ই দিনত আমাৰ ঘৰখন পোহৰাই ৰাখে, আমাৰ কাপোৰ শুকুৱাই আৰু কৃষিজাত সামগ্ৰীসমূহ উত্পাদনত অৰিহনা যোগোৱাৰ লগতে আমাক উমাল কৰি ৰাখে আৰু অন্যান্য বহুতো কামত আমাক শক্তি প্ৰদান কৰে ৷ ইয়াৰ সম্ভাৱনীয়তা আমি ভৱাতকৈ অধিক গুণে বেছি

সৌৰ শক্তিৰ উত্পাদনক্ষম ব্যৱহাৰৰ বাবে কাৰিকৰী কৌশল

সৌৰ শক্তিক ইলেক্ট্ৰিচিটি উত্পাদনৰ বাবে ব্যৱহাৰ কৰা হয় ৷ চৌলাৰ ফটোভলটিক (SPV) ৰ ছেলসমূহৰ যোগেদি সূৰ্যৰ বিকিৰণক পোনপটীয়াভাৱে ডিচি ইলেক্ট্ৰিচিটিলৈ ৰূপান্তৰ কৰা হয় ৷ এই উত্পাদন কৰা ইলেক্ট্ৰিচিটিক একেধৰণেৰেই ব্যৱহাৰ কৰিব পাৰি নতুবা বেটাৰীত সঞ্চয় কৰি ৰাখিব পাৰি ৷ সৌৰ শক্তি নাথাকে, তেতিয়া সংগ্ৰহ কৰি ৰখা ইলেক্ট্ৰিকেল এনাৰ্জীক ব্যৱহাৰ কৰিব পাৰে ৷ এছ.পি.ভি.ক আজিকালি ঘৰত, ৰাস্তাৰ কাষৰ লাইট আৰু পানীৰ পাম্পৰ ক্ষেত্ৰত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে ৷ পাহাৰীয়া অঞ্চলসমূহত, সৌৰ শক্তিৰ হিটিং (গৰম কৰা কাৰ্য) ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে

বতাহ

মাটি আৰু সাগৰত বতাহৰ প্ৰাকৃতিকভাৱে চলাচল হয় ৷ যেতিয়া বতাহক ৱইণ্ড মিলৰ পাংখা ঘুৰাবলৈ ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ সৈতে সংযুক্ত হৈ থকা ধূৰাডালো ঘোৰে ৷ ধূৰাডাল ঘূৰাৰ লগে লগে পাম্পটো ঘূৰে আৰু ইলেক্ট্ৰিচিটিৰ উত্পাদন হয় ৷ এইটো নিশ্চিত কৰা হৈছে যে ভাৰতবৰ্ষত 45000 মেগাৱাটৰ শক্তি উত্পাদন কৰাৰ সক্ষমতা আছে ৷ উইণ্ড পাৱাৰ স্থাপনৰ সক্ষমতা 1870 মেগাৱটলৈ বৃদ্ধি পাইছে আৰু ই বিশ্বত ভাৰতৰ স্থান পঞ্চমলৈ লৈ গৈছে ৷ ভাৰতত 95% উইণ্ড পাৱাৰৰ ফাৰ্ম বেচৰকাৰী এজেন্সীসমূহৰ হাতত আছে

অনবীকৰণ উত্সসমূহ

কয়লা, তেল আৰু প্ৰাকৃতিক গেছসমূহক শক্তিৰ অনবীকৰণীয় উত্স বুলি কোৱা হয় ৷ হাজাৰ হাজৰ বছৰৰ পূৰ্বে থকা গছ-গছনি, উদ্ভিদ আদিৰ পৰা উত্পাদন হোৱাৰ বাবে ইয়াক জীবাষ্ম ইন্ধন বুলিও কোৱা হয় ৷ বৰ্তমান এই জীবাষ্ম ইন্ধনসমূহক ঘাইকৈ শক্তিৰ উত্স ৰূপে ব্যৱহাৰ কৰা হয় ৷ ভাৰতবৰ্ষত সমগ্ৰ পৃথিবীৰ সাত শতাংশ কয়লা সংৰক্ষিত হৈ আছে ৷ সমগ্ৰ দেশৰ প্ৰয়োজনীয় শক্তিৰ 50% কয়লাৰ যোগানৰ পৰা আহে ৷ ভাৰতক বছৰে প্ৰতি 114 মেট্ৰিক ট’ন তেলৰ প্ৰয়োজন হয় আৰু 75% বাহিৰৰ পৰা আমদানি কৰি অনা হয় ৷ এনেধৰণৰ জীবাষ্ম ইন্ধনসমূহ পোৰাৰ বাবে পৰিবেশ ব্যাপক ৰূপত প্ৰদূষণ হৈছে ৷

উৎস: আইএনডিজি দল(বিকাশপেডিয়া)

English Summary: Source of Power

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.