Krishi Jagran Assam
Menu Close Menu

অসমত দেখা পোৱা কেইবিধমান আপুৰুগীয়া চৰাই

Monday, 13 May 2019 01:47 AM

দেওহাঁহ

এই আপুৰুগীয়া তথা বিৰল প্ৰজাতিৰ হাঁহবিধক অসমৰ জাতীয় চৰাই ৰূপে জনা যায়| এই হাঁহবিধৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক ‘দেওহাঁহ’ বুলি কোৱা হয়৷ ২০০২ বৰ্ষৰ এটা সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বতে মাঁথো মুঠ ৮০০ মান দেওহাঁহ আছে ৷ ইয়াৰে ৪৫০ টা দেওহাঁহ ভাৰত, বাংলাদেশ আৰু ম্যানমাৰ ত আছে৷ ভাৰতবৰ্ষত বৰ্তমান দেওহাঁহ কেৱল অসম তথা অৰুণাচলত পোৱা যায়৷ অসমত দেওহাঁহ দেখা পোৱা প্ৰধান সংৰক্ষিত বনাঞ্চল কেইখন হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই সংৰক্ষিত বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান৷

অসমৰ জাতীয় চৰাই দেওহাঁহ

ই মূলতঃ চিৰসেউজীয়া বা পৰ্ণপাতী বনাঞ্চলৰ বন্ধ বা কম সোঁতৰ পানী থকা প্ৰাকৃতিক তথা কৃত্ৰিম জলাশয়ত বাস কৰে৷ ক্ৰমান্বয়ে বৃদ্ধি পাই অহা বনাঞ্চল ধ্বংস, দেওহাঁহৰ কণী, মাংস তথা অন্যন্য ব্যৱহাৰৰ বাবে কৰা চোৰাংচিকাৰ আদিৰ ফলশ্ৰুতিত দেওহাঁহৰ জনসংখ্যা বিপদজনক ভাৱে হ্ৰাস পাই আহিছে৷ বৰ্তমান এই প্ৰজাতিটোক আই ইউ চি এন ৰঙা তালিকা (IUCN Red List) অনুসৰি বিলুপ্তপ্ৰায় (Endangered) গোটত অন্তৰ্ভুক্ত কৰা হৈছে৷

হাড়গিলা

হাড়গিলা বগলী জাতীয় এবিধ বৃহৎ আকাৰৰ চৰাই৷ হাড়গিলাৰ মূৰটো নোমহীন আৰু ডিঙিত এটা বৈশিষ্ট্যপূৰ্ণ টোপোলা (neck pouch) থাকে ৷ ইহঁতে মিলিটেৰী আৰ্হিত দিয়া খোজৰ লগত সাদৃশ্য ৰাখি ইয়াৰ ইংৰাজী নামটো উদ্ভৱ হৈছে৷ হাড়গিলা এবিধ সৰ্বভক্ষী (omnivorous) চৰাইৰ প্ৰজাতি৷ ইহঁতক প্ৰায়ে জাৱৰৰ দ'মত দেখা যায়, ই তাৰ পৰা মানুহ বা অন্য জীৱ-জন্তুৰ মল খাই জীয়াই থাকে৷ জলাশয় সমূহ শুকাই যোৱাৰ ফলত বাহ সজাৰ আৰু চৰাৰ স্থানৰ অভাৱত তথা প্ৰদুষণ আদিৰ প্ৰভাৱত হাড়গিলাৰ জনসংখ্যা বিপদজনক ভাৱে হ্ৰাস পাই আহিছে৷ পূৰ্বতে ইয়াক সমগ্ৰ দক্ষিণ এছিয়াতে পোৱা গৈছিল যদিও বৰ্তমান বিভিন্ন কাৰণত ইয়াৰ জনসংখ্যা হ্ৰাস পাই মাত্ৰ দুটা প্ৰজনন কাৰী গোটহে বাকী ৰৈছেগৈ| তাৰে এটা ভাৰতৰ অসমত আৰু আনটো কম্বোডিয়াত আছে৷ বৰ্তমান আই ইউ চি এন ৰঙা তালিকাত ইয়াক সংকটাপন্ন প্ৰজাতি ( Endangered) বুলি আখ্যা দিয়া হৈছে৷

বৰশৰালি

বৰশৰালি এবিধ স্থানীয় হাঁহৰ প্ৰজাতি৷ ৷ বৰশৰালিৰ ঠোঁট দীঘল আৰু মুগা বৰণৰ, মূৰ দীঘল আৰু ডেউকা গাঢ় মুগা বৰণৰ হয়৷ ইয়াৰ নেজ আৰু ডেউকাৰ অংশবিশেষ ৰঙচুৱা (chestnut) আৰু নেজৰ ওপৰভাগত বগা আঁচ দেখা যায়৷ বৰশৰালিয়ে ঘাইকৈ ধাননি, জলচৰ উদ্ভিদেৰে পূৰ্ণ জলাশয় আদিত চৰে৷ ই ধাননি পথাৰত বাহ সাজে৷ বৰশৰালিয়ে নিশাৰ ভাগত ধান, গুটি বা অন্যান্য উদ্ভিদৰ সন্ধান কৰে আৰু বৃহৎ গোটত বাস কৰে৷ ই এবিধ হুলস্থুলীয়া হাঁহৰ প্ৰজাতি বুলি খ্যাত৷

ৰজা শগুণ

ই এটা মধ্যমীয়া আকাৰৰ শগুণৰ প্ৰজাতি৷ ৰজা শগুণ পূৰ্বতে ভাৰত আৰু দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত আছিল যদিও যদিও পৰৱৰ্ত্তী কালত বিশেষকৈ ১৯৯২ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ইয়াৰ ৯৯.৯% জনসংখ্যা মৃত্যুমুখত পৰে৷ ফলস্বৰূপে এসময়ত উভৈনদীকৈ পোৱা এই চৰাইবিধৰ জনসংখ্যা বৰ্তমান বিলুপ্তিৰ পথত৷ ২০০৭ চনত আই ইউ চি এনে ইয়াক বিপদজনক ভাৱে সংকটাপন্ন (Critically Endangered) প্ৰজাতি বুলি ঘোষণা কৰে৷ ভাৰতত বহুলভাৱে ব্যৱহাৰ কৰা ডাইক্ল'ফেনেক (Diclofenac) নামৰ পশুচিকিৎসাৰ ঔষধ বিধকে ইয়াৰ জনসংখ্যা হ্ৰাস পোৱাৰ বাবে জগৰীয়া কৰা হয়৷ গৰুৰ বাবে ব্যৱহাৰ কৰা এই ঔষধবিধ গৰু মৰাৰ পিছতো মৰাশত থাকি যায় আৰু শগুণে যেতিয়া এনে মৰাশ ভক্ষণ কৰে তেতিয়া বৃক্ক নিস্ক্ৰিয় হৈ শগুণবোৰ মৃত্যুমুখত পৰে৷ ৰঙাশগুণৰ সংৰক্ষণৰ বাবে বিভিন্ন ঠাইত ইয়াৰ কৃত্ৰিম প্ৰজনন (captive-breeding), পুনৰ সংস্থাপন আৰু কৃত্ৰিমভাৱে ৰেষ্টোৰা (vulture restaurant) আদিৰ ব্যৱস্থা কৰা হৈছে৷

এই আপুৰুগীয়া চৰাইসমূহৰ উপৰিও শীতকালৰ আগমণৰ লগে লগে অসমৰ বিভিন্ন অঞ্চললৈ পৰিভ্ৰমী চৰাইৰো সোঁত বয়৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল, ধৃতিৰাজ (Bar-headed Goose) নামৰ বনৰীয়া হাঁহবিধ৷ ধৃতিৰাজ বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় ধৰি আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই সমূহৰ মাজত অন্যতম৷ অবিশ্বাস্য হ’লেও

অসমলৈ অহা বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ আৰু সৰ্বোচ্চ

উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই ধৃতিৰাজ

সঁচা যে এই হাঁহবিধে সুদূৰ ৰাছিয়াৰ পৰা অসমকে ধৰি ভাৰতৰ অন্যান্য ঠাইবোৰ পাবলৈ সুউচ্চ হিমালয় পৰ্বত উৰি পাৰ হৈ আহে৷ প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত ধৃতিৰাজ হাঁহৰ জাক অসম পায়হি আৰু মাৰ্চ মাহৰ ভিতৰত পুনৰ উভতি যায়৷ অসমলৈ অহা অন্যান্য পৰিভ্ৰমী চৰাইৰ ভিতৰত বিভিন্ন হাঁহৰ প্ৰজাতি যেনে, দীঘলনেজীয়া (Northern Pintail), চাকৈ-চকোৱা (Ruddy Shelduck), কলীমূৰী হাঁহ (Common Teal), খন্তীয়া হাঁহ (Northern Shoveller) আৰু অন্যান্য চৰাই যেনে, বগা বালিমাহী (White Wagtail), বগাঢেৰা (Great White Pelican),বৰবালি বগুৱা (Wood Sandpiper) লৰীয়তী (Marsh Sandpiper), ৰামপৰা (Brown-headed Gull), গলমণিকা নাচনী (Red-throated Flycatcher) আদি উল্লেখযোগ্য৷

অসমত দেখা পোৱা অন্যান্য চৰাইৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ ফেঁচা, ধনেশ, বাঢ়ৈটোকা, বতাহী, ভাটৌ, হাইঠা, শেন, সখিয়তী, বাৰীসুন্দৰী, চাতক, বালিমাহী, টুনি আদিয়ে প্ৰধান| বাৰেৰহণীয়া ৰং, সুললিত কন্ঠ আৰু মানুহৰ সৈতে অভিযোজিত হৈ বাস কৰিব পৰা বৈশিষ্ট্য সমূহৰ বাবে অসমৰ লোকসংস্কৃতিত চৰাই-চিৰিকটিয়ে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে| অসমীয়া লোকগীত, বিহুনাম, কবিতা, ফকৰা-যোজনা আদিত বহুলভাৱে চৰাইৰ উল্লেখ পোৱা যায়| অসমীয়া জন-জীৱনৰ প্ৰতিটো পুৱাই ঘৰচিৰিকা, কপৌ, শালিকাৰ কিচিৰ-মিচিৰ মাতে মুখৰিত কৰি তোলে| চৰাইৰ বিৰহী গীতে বিহুনাম আৰু গোৱালপৰীয়া লোকগীতত মানুহৰ হিয়াৰ কান্দোন হৈ স্থান পাইছে-

"কপৌ কুৰুলিয়াই ৰাতি ঐ নুপুৱায়

ফেচাই কুৰুলিয়াই ডালত ৷" (বিহুনাম)

"বালু তিল তিল পংখী কান্দে

বালুতে পৰিয়া

মুঈ অভাগী নাৰী কান্দো

এ যৌৱন বান্ধিয়া||" ( গোৱালপৰীয়া লোকগীত)

“বৰ ঘৰৰ মুধতে কপৌ কুৰুলিয়ায়

সাইলাখ মদনৰ মাত

থেকেচি ভাঙি যাও যতৰ ঐ চেৰেকী

অগনি জ্বলালে গাত |” (বিহুনাম)

তেনেদৰে অসমত চৰাই-চিৰিকটিয়েই ঋতুৰ পৰিৱৰ্তনৰ প্ৰথম বাৰ্তাবাহক| উদাহৰণস্বৰূপে,

"চ’ততে মাতিলে চতীয়া চৰাই ঐ

বহাগত মাতিলে কুলি (বিহুনাম)"

চৰাইৰ ৰং-ৰূপৰ বৰ্ণনাও অসমীয়া বিয়ানাম, ধাইনাম, বাৰমাহী গীত আদিত বিৰাজমান| উদাহৰণস্বৰূপে, চৰাই হালধীয়া পাখী বিনন্দীয়া (বিহুনাম), হালধীয়া চৰায়ে বাওধান খায় (ধাইনাম), কাম চৰাইৰ ৰঙা ঠোট (বিয়ানাম), বগাকৈ বগলী উৰে জাকি মাৰি (বিহুনাম), চৰাইৰ চিকুণে তেলীয়া সাৰেঙে (বিয়ানাম), সোণাৰ বৰণ পাখীৰে তোৰ হেঙুল বৰণ আখি (গোৱালপৰীয়া লোকগীত) ইত্যাদি|

জলী বৰা

Some rare birds have seen in Assam

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.