 
            আমাৰ ৰাজ্যত আমাৰ দেশত এতিয়া ধৰ্মপৰায়ণ মানুহৰ অভাৱ নাই। কাৰোবাৰ ঘৰ জলাবলৈ, কাৰোবাক আক্ৰমণ কৰিবলৈয়ো এতিয়া জয় শ্ৰীৰাম, আল্লা-আকবৰ আদি ধ্বনি দিয়ে। কিন্তু পশ্চিমীয়া বহু দেশত ধৰ্ম ৰীতি-নীতি নমনা মানুহৰ সংখ্যা বেছি। তেওঁলোকে কোনো ধৰ্ম নামানে, তেওঁলোকে কুকুৰৰো শৃগাল, গদৰ্ভৰো আত্মাত ৰাম বা য'ত জীৱ ত'তে শিৱ আদি কথাবোৰ নামানে। কাপোৰ কানিক লৈ আমাৰ দৰে সচেতন নহয়। সাগৰৰ পাৰত অৰ্ধ নঙঠা হৈ তেওঁলোকে গা-ধোৱে, সাগৰৰ পাৰত, অৰ্ধ নঙঠা হৈ ৰ'দ লয়। কিন্তু সেই অৰ্ধ নঙঠা পৰি থকা, ধৰ্ম নমনা এই মানুহবোৰে সাগৰৰ ঢৌত উটি আহি বামত চটফটাই থকা ডাঙৰ মাছটোক, তিমিটো বা কাছজনীক সাগৰৰ পানীলৈ যিকোনো প্ৰকাৰে পঠিয়াবলৈ অপ্ৰাণ চেষ্টা কৰে। তদুপৰি যিকোনো জীৱ-জন্তুৰ বিপদৰ সময়ত সদায় বন্ধুৰ দৰে আচৰণ কৰি বন্য জীৱ-জন্তুসমূহক সুৰক্ষা নিদিয়ালৈকে ক্ষান্ত নাথাকে। কিন্তু আমাৰ দেশ বিশেষকৈ আমাৰ অসমত হাবিৰ পৰা হৰিণা এটা ওলাই আহিলে তাক খেদি মাৰি খাই পেলোৱাৰ কথা ভাৱে আমাৰ উঠোতে ৰাম বহোতে ৰাম কোৱা আমাৰ ধৰ্মপৰায়ণ লোকসকলে। যাদৱ পায়েঙ বা সৰ্পবান্ধৱ শৰত বৰকটকী দৰে দুই এজন ব্যক্তি অৱশ্যে এইক্ষেত্ৰত ব্যতিক্ৰম। যোৱা দুই তিনিটা দিনত সোৱণশিৰি পানী শুকাই গ'ল। NSPC য়ে পানী আহিবলৈ দিয়া বাটটো পাহাৰ খহি বন্ধ হৈ পৰাত সোৱণশিৰি পানী শুকাই গ'ল। আৰু আমি কি কৰিলো পানী শুকাই যোৱাত চটফটাই থকা মাছবোৰ কুইন্টলে কুইন্টেলে ধৰিলো। এতিয়া শুকান মাছৰ গোন্ধই সোৱণশিৰি পাৰ উদুলি-মুদুলি। পশ্চিমীয়া ধৰ্মহীন বা অৰ্ধ নঙঠা হৈ থকা মানুহবোৰে হোৱা হ'লে বিপদত পৰা মাছবোৰক যিকোনো প্ৰকাৰে সুৰক্ষা দিবলৈ চেষ্টা কৰিলেহেঁতেন। আমি মাছবোৰক পাকঘৰলৈ অনাৰ সলনি পশ্চিমীয়া এইসকল ৰীতি-নীতি নমনা মানুহে কিন্তু যিকোনো প্ৰকাৰে মাছবোৰৰ জীৱন বচাবলৈ দ' তথা গভীৰ পানীলৈ লৈ যাবলৈ চেষ্টা কৰিলেহেঁতেন! কিন্তু আমি কৰিলো!
(২)
অসমত এতিয়া ৰাস্তা বনোৱাৰ নামত গছ কটাৰ যোৱাৰ উঠিছে। দৈনিক হাজাৰ হাজাৰ গছ কটা হৈছে উন্নয়নৰ নামত। অসমৰ মানুহবোৰ যে এতিয়াও বৰ্বৰ হৈ আছে সেই কথা খোলা খিৰিকৰ সিপাৰ দৰেই স্পষ্ট হৈ পৰিছে। মই দিল্লীত থকা আজি দুটা বছৰ হ'বৰ হ'ল। দিল্লীৰ যিফালে গৈছো সেইফালেই দেখিছো ৰাষ্ট্ৰাৰ কাষে কাষেই নহয় ৰাষ্ট্ৰাৰ মাজতো গছ। ৰাষ্ট্ৰা বনাবৰ বাবে কাটিব লগা গছজোপা অভিযন্ত্ৰাসকলে নকটাকৈ টেকনিক খটোৱাই ৰাষ্ট্ৰাটো বনাইছে। এনেকৈ বনোৱাত ৰাস্তাটোৰ সৌন্দৰ্যৰ সৃষ্টি হৈছে আৰু মানুহখিনিৰ পৰিৱেশ সচেতনতা আৰু গছপ্ৰীতি ফুটি উঠিছে। কিন্তু আমাৰ অসমত ইয়াৰ ওলোটা ছবি। আমাৰ মানুহবোৰৰ গছ এজোপা কাটিবলৈ হাত নকঁপে। হাইৱেই নিৰ্মাণৰ নামত এতিয়া দৈনিক হাজাৰ হাজাৰ গছ কটা হৈছে অসমত। আনফালে অৰণ্য মানবৰ দেশ বুলি পৃথিবী বিখ্যাত অসম।
লগতে পঢ়ক-
পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডৰ উন্নয়নত প্ৰাচীৰ হৈ থিয় দিছে!
(৩)
এতিয়া অসমত ৰিক্সাচালক চালকে অৱশ হৈ ঠেলাৰ ওপৰতে চিৰনিদ্ৰাত ধলি পৰিছে, পৰেশ বৰুৱা বাহিনীয়ে দিনে এজন দুজনকৈ নিজৰ ভাই-ককাইক মৰাৰ খবৰ হাবিৰ পৰা হাবিৰ পৰা আহিছে, গুৱাহাটীত পূজাৰ দিনটোতে এখন উৰণীয়া সেতু বনাব পৰাকৈ মদ বিক্ৰি হৈছে, মাতৃভাষাৰ স্কুল হাজাৰ হিচাপত বন্ধ কৰিবলৈ কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে, বৰাকত অসমীয়াৰ অস্তিত্ব নাইকীয়া হোৱাৰ দিশে অগ্ৰসৰ হৈছে, হিন্দু-মুছলিমৰ ৰাজনীতিয়ে চূড়ান্ত ৰূপ পাইছে- তাৰ মাজতে আমি "ৰাঘব" চাব লাগে। ৰীমা দাসৰ তৰাছ হাচবেণ্ড, মঞ্জুল বৰুৱাৰ অনুৰ আদি চিনেমা চাওঁক নাচাওঁক কথা নাই কিন্তু জুবিন, যতিন, ৰবিৰ চিনেমা চাবই লাগিব।
(৪)
চৰকাৰী চাকৰিয়ালে দ্বিতীয়বাৰ বিয়া পাতিবলৈ চৰকাৰৰ পৰা নিৰ্দেশ ল'ব লাগিব, অবৈধ স্বামী হাৰি নাযায়, স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক স্কুটি দিব, হিন্দু-ছোৱালীয়ে মুছলমান ল'ৰাক বা মুছলিম ছোৱালীয়ে হিন্দু ল'ৰাক বিয়া নকৰালৈ হ'ল, হিন্দু ৰক্ষা কৰিব লাগিব। বাকী গছ কাটক একো নাই, সোৱণশিৰি পানী শুকাওঁক একো নাই, আলফাই অসমীয়া ল'ৰাক মাৰক একো নাই, অসমীয়া ডেকাই ৰিক্সা চলাই থাকোতেই ঢলি পৰি মৃত্যু হওঁক একো নাই, বৰাকক অসমৰ পৰা বিচ্চিন্ন কৰক একো নাই, বৰাকৰ পৰা অসমীয়া মাধ্যমৰ অন্তিমখন স্কুলো উঠাই দিয়া হ'ল একো নাই।এতিয়া অসমীয়া মানুহৰ বাবে প্ৰতিটো মাহৰ ১০ তাৰিখটোতকৈ গুৰুত্বপূৰ্ণ একো নাই।
লেখক- পংকজ খনিকৰ
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments