অসমত মাল্টা, ড্ৰেগন, কমলা, আপেল, আম, ভেনিলা, মধুৰি, কল আদিৰ লগতে গ্ৰাফটিং আৰু হাইব্ৰীড প্ৰজাতি উদ্যানশস্যৰ খেতি নহয় বুলি দীৰ্ঘদিন ধকি কিছুমান উৰা-বাতৰি চলি আহিছে। এই উৰা-বাতৰিবোৰৰ বাবে অসমৰ কৃষকে তেনে উদ্যানশস্যসমূহৰ কৃষিকৰ্মৰ পৰা আঁতৰি আছে। আৰু এই উৰা-বাতৰি প্ৰচাৰ কৰি থকা একাংশ বহি:ৰাগতই সেই উদ্যানশস্যসমূহৰ বজাৰখন দখল কৰি আহিছে। উৰা-বাতৰিসমূহ আওকাণ কৰি সম্প্ৰতি অসমত ড্ৰেগন, হাইব্ৰীজ প্ৰজাতিৰ কল, গ্ৰাফটিং আম, আপেল, লিছু, তামোল, মাল্টা, আপেল, মৌচুমী, থাইলেণ্ড বগৰী, ক’ক’ আদিৰ খেতি কৰিবলৈ লৈছে। অসমত এই নতুন উদ্যানশস্যসমূহৰ খেতি কৰি কৃষকসকলে লাভ কৰা সফলতাই প্ৰমাণ কৰি দেখুৱাইছে যে অসমৰ জলবায়ু এই নতুন শস্যসমূহৰ খেতিৰ বাবে উপযোগী। অসমৰ কৃষকে এই উদ্যানশস্যসমূহৰ খেতি কৰিছে যদিয়ো কিন্তু চাহিদা অনুপাতে উতপাদন কৰিব পৰা নাই। ফলত বৰ্তমানেও অসমৰ ফলৰ দোকান আৰু বজাৰসমূহত বহিঃৰাজ্যৰ ফল-মূলেই ভৰি থাকে।
এই শস্যসমূহৰ খেতি কৰিলে বিভিন্ন দিশত আমাৰ কৃষকসকল লাভান্বিত হ’ব।
১। এবাৰ কৰি ১৫-২০ বছৰলৈ ফল পাই থাকিব। অৱশ্যে মাজে মাজে সাৰ-পানী যোগান ধৰিব লাগিব।
২। এই উদ্যানশস্যসমূহৰ দাম বেছি। ১ কেজিৰ দাম ১০০-৫০০ টকা হয়।
৩। দিনে-ৰাতিয়ে ৰদে-বৰষুণে, বোকা-পানীৰ সৈতে শ্ৰম কৰিব নালাগে।
৪। মাল্টিলেয়াৰ বা মিশ্ৰিত পদ্ধতিৰে এই উদ্যানশস্যসমূহৰ লগত অন্য কিছুমান পদ্ধতিৰে এডোখৰ ঠাইতে বিভিন্নধৰণৰ খেতি কৰিবও পাৰে।
ভাৰতবৰ্ষত কৃষিকৰ্মৰে সফলতা লাভ কৰা অধিকাংশ কৃষকেই এনে উদ্যানশস্যসমূহৰ খেতি কৰে। অসমৰ কৃষিভূমিয়ো ওপৰত উল্লেখ কৰা উদ্যানশস্যসমূহৰ খেতিৰ উপযোগী। অসমৰ কৃষকে কৰা মাল্টা বা মৌচুমী টেঙাৰ খেতি দেখিলে আচৰিত হ’ব। যিবোৰৰ ফলৰ খেতি অসমত ভাল নহয় বুলি প্ৰচলিত হৈ আছিল। অসমত শেহতীয়াকৈ অসমৰ কৃষকে ড্ৰেগন ফলৰ খেতি কৰিছে। এবিঘা মাটিতে ড্ৰেগন ফলৰ খেতি কৰি এতিয়া এজন কৃষকে ১০ বিঘা মাটিত কৰা ধান খেতিৰ উপাৰ্জনৰ সমান। একেদৰে কমলা, হাইব্ৰীড প্ৰজাতিৰ কল, আম খেতি কৰিয়ো ভাল উপাৰ্জন কৰিছে অসমৰ কৃষকে। তিনিচুকীয়াৰ কৃষক ধনীৰাম চেতিয়াই হাইব্ৰীজ আৰু গ্ৰাফটিং প্ৰজাতিৰ আম খেতি কৰিয়ো বিশেষ সফলতা লাভ কৰিছে।
অৱশ্যে এনে উদ্যানশস্যসমূহৰ খেতি বৰ্তমানেও অসমৰ মুষ্টিমেয় কেইজনমান প্ৰগতিশীল কৃষকৰ মাজতেই আৱদ্ধ হৈ আছে। অসমৰ যিবোৰ ঠাই ওখ, বাম, পানী জমা নহয় তেনেকুৱা ঠাইসমূহত আমাৰ কৃষকসকলে বিজ্ঞানসন্মতভাৱে আৰু কৃষিবিশেষজ্ঞৰ পৰামৰ্শলৈ উল্লেখিত উদ্যানশস্যসমূহৰ খেতি কৰিব পাৰে। অসমৰ গাঁৱে-ভূঞে উদ্যানশস্যৰ খেতিৰ উপযোগী তেনে মাটি আমাৰ বেছিভাগ কৃষক ৰাইজেই ছন পেলায় ৰাখে। আৰু বহু ধান খেতিৰ পথাৰ আছে যিবোৰত ধান খেতি কৰি ১০০ টকা খৰচ কৰি ৯০ টকাহে লাভ কৰিছে তেনে পথাৰসমূহতো এই উদ্যানশস্যসমূহৰ খেতি কৰিব পাৰে।
লগতে পঢ়ক-
Share your comments