1. অন্যান্য

এছিয়াৰ ভিতৰত দীৰ্ঘতম ২,৬৬২ শাৰীৰ পংকজ মাহাতোৰ কবিতা

KJ Staff
KJ Staff

গোৱালপাৰা জিলাৰ ধূপধৰাৰ যুৱ সাংবাদিক তথা উদীয়মান কবি পংকজ মাহাতোৱে তেওঁৰ কবিতা পুথি ‘বীৰ-বীৰাংগনা’ৰে ৰাজ্যখনলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে| দেশৰ সৰ্ববৃহৎ কবিতা হিচাপে ইণ্ডিয়া বুক অব্‌ ৰেকৰ্ড, ইণ্ডিয়ান এচিভাৰ বুক অব্‌ ৰেকৰ্ডছ আৰু ৱ’ৰ্লড ৰেকৰ্ড ইণ্ডিয়াৰ পৰা স্বীকৃতি লাভ কৰাৰ পাছত এইবাৰ লিমকা বুক অব্‌ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ’ল কবিতাটো| ইয়াৰ লগে লগে পংকজ মাহাতোৰ কবিতা পুথি ‘বীৰ-বীৰাংগনা’ই লাভ কৰিলে চতুৰ্থসংখ্যক ৰাষ্ট্ৰীয় বঁটা| পূৰ্বে তেওঁৰ কবিতা ‘বীৰ-বীৰাংগনা’ই লিমকা বুক অব্‌ ৰেকৰ্ডত অন্তৰ্ভুক্ত হোৱা বুলি ইয়াৰ কতৃপক্ষই পংকজ মাহাতোক অৱগত কৰাইছিল যদিও বিগত ৭ জুনত কবি পংকজ মাহাতোৱে ডাকযোগে লাভ কৰে লিমকা বুক অব্‌ ৰেকৰ্ডৰ প্ৰমাণ পত্ৰ| উল্লেখ্য যে যুৱ সাংবাদিক পংকজ মাহাতোৱে দেশৰ ৪৫ গৰাকী স্বাধীনতা সংগ্ৰামীৰ সংগ্ৰামী কাৰ্যপন্থা আৰু বিৰল দেশপ্ৰেমক আধাৰ হিচাপে লৈ ‘বীৰ-বীৰাংগনা’ নামেৰে ২,৬৬২ শাৰীৰ দেশপ্ৰেমমুলক কবিতাটো লিখে| এই কবিতাটোত দহ হাজাৰৰ অধিক শব্দ ব্যৱহৃত হয়| ইপিনে অসমীয়া ভাষাতে লিখা কবিতাটো পৰৱৰ্তী সময়ত হিন্দী, ভোজপুৰী, বাঙালী, মৈথিলী, ৰাভা আৰু চাহ বাগানীয়া ভাষাতো অনুবাদ কৰা হৈছে| এই সম্পৰ্কত সাংবাদিক পংকজ মাহাতোৱে জানিবলৈ দি কয় যে কবিতাটো আন ভাষাত অনুবাদ কৰাৰ মূল উদ্দেশ্যে হৈছে ইয়াক গীনিজ বুক অৱ ৱ’ৰ্লড ৰেকৰ্ডত অন্তৰ্ভুক্তিৰে দেশৰ স্বাধীনতা সংগ্ৰামী সকলৰ দেশপ্ৰেম আৰু দেশৰ বাবে কৰা অসীম ত্যাগক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা| ইফালে, তেওঁৰ এই কবিতাটো কেৱল দেশৰে নহয়, এছিয়াৰ ভিতৰতে দীৰ্ঘতম অসমীয়া ভাষাৰ কবিতা হিচাপে এছিয়া বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে| ইতিমধ্যে এছিয়া বুক অৱ ৰেকৰ্ড কতৃপক্ষই পংকজ মাহাতোক বঁটা গ্ৰহণৰ বাবে এছিয়া বুক অৱ ৰেকৰ্ডৰ হাৰিয়ানাস্থিত মুখ্য কাৰ্যালয়লৈ আমন্ত্ৰণ জনাইছে| এই বঁটা গ্ৰহণৰ বাবে শীঘ্ৰে হাৰিয়ানালৈ যাব বুলি সাংবাদিক গৰাকীয়ে সংবাদ মাধ্যমক জনায়| ইফালে পংকজ মাহাতোৱে জানিবলৈ দিয়ে যে অসমীয়া সাহিত্য সংস্কৃতিক ৰাষ্ট্ৰীয় পৰ্যায় তথা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ইয়াৰ পাছত অসমৰ ইতিহাস সমৃদ্ধ বিষয় সমূহক লৈ এনেদৰে দীঘলীয়া কবিতা লিখিব|

লেখক:- জ্যোতিষ নাথ

English Summary: Longest poem of ASIA written by Youth Journalist of Goalpara Mr Pankaj Mahato.

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.