
থলুৱা সঁচৰ দেশী কুকুৰাই পৰা কণীবোৰক আমাৰ দেশত কথিত ভাষাত জনপ্ৰিয়ভাৱে লোকেল কণী বা দেশী কণী বুলি কোৱা হয়| এই কণীবোৰ আকাৰত সৰু ওজনত মাত্ৰ ৩৫-৪০ গ্ৰাম মান হয়| আনহাতে পামত উৎপাদিত হোৱা কণীবোৰ আকাৰত ডাঙৰ আৰু ওজনতো ৫০-৬০ গ্ৰাম বা ততোধিক হয়| পৰিপুষ্টিৰ ফালৰ পৰা এই দুয়োবিধ কণীৰ মাজতে বিশেষ একো প্ৰভেদ নাথাকে| দেশীয় কুকুৰাৰ কণীবোৰৰ কুহুমটো ৰঙা, হালধীয়া বৰণৰ যাক গ্ৰাহকে পচন্দ কৰে আৰু আনহাতে পামত উৎপাদিত কণীবোৰ বিশেষকৈ বাহিৰৰ পৰা চালান হৈ অহা কণীবোৰৰ কুহুমৰ ৰং ঢেলা বগা বৰণৰ| কণীৰ কুহুমৰ ৰঙৰ লগত ইয়াৰ পৰিপুষ্টিৰ সম্পৰ্ক নাথাকে|

কণীৰ কুহুমৰ বৰণ আৰু প্ৰকাৰ
কণীৰ কুহুমৰ বৰণটো মূলত: নিৰ্ভৰ কৰে কুকুৰাৰ আহাৰত থকা জেনথ’ফিল নামৰ পদাৰ্থৰ পৰিমাণৰ ওপৰত| পামত উৎপাদিত কণীত কুকুৰাজাকৰ দানাত থকা মাকৈ আৰু লুচাৰ্ণ ঘাঁহৰ গুৰা নামৰ উপকৰণৰ পৰাই ই মুখতে নিৰ্গত হয়| দানাত থকা এই দুবিধ উপকৰণৰ পৰিমাণৰ ওপৰতে কুকুৰাৰ কণীৰ কুহুম কিমান বেছি বা কম ৰঙীন হ’ব নিৰ্ভৰ কৰে| এই উপকৰণ দুবিধৰ অধিক দাম হোৱাৰ পৰিপ্ৰেক্ষিতত অনেক পামত কিছুমান সস্তীয়া অগতানুগতিক উপকৰণ ব্যৱহাৰ কৰে, বিশেষকৈ চালানী কণীৰ ক্ষেত্ৰত আৰু সেয়েহে উৎপাদিত হোৱা কণীৰ কুহুমৰ বৰণ ঢেলা বগা হোৱা দেখা যায়| আহাৰৰ উপৰিও কিছুমান প্ৰজাতিৰ কুকুৰাৰ কণী বংশগতভাৱে সামান্য ৰঙীন হোৱা দেখা যায়| সেইদৰে সজাত পোহা কুকুৰাৰ কণীবোৰ একেবিধ দানাখোৱা লিটাৰত পোহা কুকুৰাতকৈ বেছি ৰঙীন হয়| ককচিদিয়চি্চ বেমাৰ আৰু যিকোনো ধৰণৰ পীড়নত ভোগা অৱস্থাত কণীৰ কুহুমৰ বৰণ পাতল ৰঙৰ হ’ব পাৰে| দানা পুৰণা হ’লেও ইয়াত থকা জেনথ’ফিলৰ পৰিমাণ কমি যায় আৰু ফলত কুহুমৰ বৰণ পাতল ৰঙৰ হয়|

দেশীয় সঁচৰ কুকুৰাৰ কণীবোৰৰ কুহুম ৰঙা, হালধীয়া হোৱাৰ মূল কাৰণ এয়ে যে ইহঁতক সাধাৰণতে এৰি দিয়া থাকে আৰু এনে অৱস্থাত ইহঁতে বিভিন্ন ঘাঁহ-পাত ইত্যাদি খুচুৰি খায়| এনেবোৰ খাদ্যত জেনথ’ফিলৰ পৰিমাণ যথেষ্ট বেছি থাকে আৰু তাৰ ফলতেই কণীৰ বৰণ ৰঙা, হালধীয়া হয়| পামত পোহা কুকুৰা বোৰকো কবিৰ পাত, ঘাঁহ-বন ইত্যাদি খাব দিলে আৰু দানাত মাকৈ তথা লুচাৰ্ণ মিলৰ পৰিমাণ সঠিক ৰাখিলে কুহুমৰ বৰণ দেশীয় কুকুৰাৰ দৰেই হ’ব|
লেখক:- ডাঃ কুল প্ৰসাদ কলিতা
উৎস:- অসমীয়া খবৰ
Share your comments