1. অন্যান্য

Hornbill Festival : বিহংগম দৃষ্টিৰে কিনেই লিচানো আৰু নাগালেণ্ডৰ মহিলা সমাজ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ৭০ শতাংশ লোক কৃষিজীৱী।জীৱন আৰু জীৱিকাৰ গুৰুত্বপূৰ্ণ সমল কৃষি।পাহাৰীয়া ৰাজ্যখনৰ অৰঙে-দৰঙে ঘূৰি ফুৰাৰ সময়ত সততে চকুত পৰে বাটৰ কাষৰ কিছুমান আকৰ্ষণীয় বজাৰ।আমি দেখি থকা বজাৰসমূহৰ দৰেই এই বজাৰ। একে হ’লেও কিছু পৃথক। বাটৰ কাষত বাঁহেৰে চাং সাজি শাক-পাচলি, ফল-মূল এই বজাৰসমূহত অতি আকৰ্ষণীয়ভাবে সজাই থোৱা হয়। নৰও বুলি ভবাজনেও এই বজাৰসমূহৰ আগত থমকি ৰৈ যাবলৈ বাধ্য হৈ যায়। কহিমাৰ হৰ্ণবিল উৎসৱৰ পৰা ডিমাপুৰ অভিমুখে ঘূৰি আহোঁতে এনে এখন বজাৰ দেখি আমিও থমকি ৰ’লো। বজাৰখন মহিলাৰ দ্বাৰা পৰিচালিত। ভোট জলকীয়া, বাঁহৰ গাজৰ আচাৰ, বাঁহৰ শুকান গাজ, শুকান মাছ, ফলমূল, শাক-পাচলিৰ বজাৰখন এখন ছবিৰ নিচিনা ধুনীয়া। ভোট জলকীয়াৰ ৰঙা আৰু সেউজীয়া, কমলাৰ গাঢ় গেৰুৱা, বাঁহ গাজৰ বগা আদিকে ধৰি ভিন্ন ৰঙৰ সমহাৰেৰে এই বজাৰখন দেখাত এখন ছবিৰ দৰে সুন্দৰ আৰু মনোমোহা আছিল। পোহাৰী পৰিশ্ৰমী নগা মহিলাসকলৰ আচাৰ-ব্যৱহাৰো আছিল অতি ভদ্ৰতাৰে ভৰা। যাত্ৰাৰ ভাগৰ মৰাৰ বাবে প্ৰথমে একাপ গৰম চাহৰ সোৱাদ লোৱাৰ পাছত মহিলাসকলৰ সৈতে দুই এটা কথা পাতি তেওঁলোকৰ বেপাৰ, বজাৰ আৰু জীৱন সংগ্ৰামৰ কথা বোৰ জানিবলৈ বুজিবলৈ চেষ্টা কৰিছিলো। কথাৰ মাজতে এগৰাকী নগা পোহাৰী মহিলাই বৰ মৰম আৰু হেঁপাহেৰে এটা কমলা আগবঢ়াই দিলে। মানুহ গৰাকীৰ হেঁপাহ আৰু মৰমক নেউচা দিব নোৱাৰিলো।মৰমৰ বাইদেউ এগৰাকীৰ দৰেই নগা মহিলাগৰাকী মৰমিয়াল আছিল। অকণমান সময়ৰ ভিতৰতে মহিলাগৰাকীৰ সৈতে এটা আত্মীয়তা গঢ় লৈ উঠিল। সৌ সিদিনাৰ লৈকে বৰ অসমৰে অংগ আছিল নগালেণ্ড। ১৯৬৩ত নগালেণ্ডে সুকীয়া ৰাজ্যৰ মৰ্যদা লাভ কৰিছিল।ৰাজ্যখনৰ চাৰিও ফালে পাহাৰ আৰু পাহাৰ। সহজে খেতি কৰাৰ পৰিবেশ আৰু পৰিস্থিতি নাই। কিন্তু এই প্ৰতিকূলতাৰ সমুখত নগা ৰাইজে পৰাজয় স্বীকাৰ কৰা নাই।তেওঁলোকে কপালৰ ঘাম মাটিত পেলাই ৰাজ্যখনক কৃষি কৰ্মৰ জৰিয়তে আগুৱাই নিছে। এই সমগ্ৰ যাত্ৰাৰ নেতৃত্ব লৈছে নগা মাতৃ সমাজে। ঘৰুৱা জঞ্জালৰ পৰা বজাৰ সমাৰ, খেতি পথাৰ সকলোতে মহিলাৰ দপদপনি।

নাগালেণ্ডৰ ফুটপাথত মহিলাসকলে দিয়া বজাৰ
নাগালেণ্ডৰ ফুটপাথত মহিলাসকলে দিয়া বজাৰ

বজাৰখনত ক্ষন্তেক সময়তে আত্মীয়তাৰ উমাল স্পৰ্শ দিয়া মহিলাগৰাকীৰ সৈতে অনেক কথা পতা হ’ল। প্ৰাসংগিক-অপ্ৰাসংগিক সকলো । অকণো বিৰক্তি প্ৰকাশ নকৰাকৈ তেওঁ আমাৰ প্ৰতিটো কথাৰে তেওঁ উত্তৰ দিছিল। অহাৰ সময়ত কিনেই লিচানো নামৰ মধ্য বয়সীয়া মহিলাগৰাকীয়ে পুৰণি বাতৰি কাগজৰ মূৰ এটা ফালি নিজৰ নাম আৰু ফোন নম্বৰ লিখি দিলে । কাগজখন লৈ তেওঁক ফোন কৰিম বুলি কৈ আহিলো। অহাৰ সময়ত দেখোন মনটো কিবা বেয়া লাগিব ধৰিলে। আপোনজনক এৰি অহাৰ ভাৱ এটাই পাহাৰৰ শিখৰত ইফালৰ পৰা সিফাল কৰা থকা মেঘ এটুকুৰাৰ দৰে মনৰ মাজত ভাহি ফুৰা যেন লাগিল। পাহাৰ আৰু ভৈয়ামৰ মাজত চেনেহ মৰম বোৰ আগৰ দৰেই আছে নিচিনা লাগিল। সময়ৰ এলান্দুবোৰ আঁতৰাই নিয়াৰ ক্ষমতা আৰু সেই বোৰ চিনাক্ত কৰাৰ ক্ষমতা থাকিলে হেৰাই যোৱা চেনেহৰ জৰীডাল আকৌ ঘূৰাই পোৱা অসম্ভৱ নহয় বুলি ভাব এটা আহিল।

লগতে পঢ়ক- 

থলুৱা খাদ্যক বজাৰ উপযোগী কৰি স্বাৱলম্বী গৌৰীসাগৰৰ পৰী ৰাজখোৱা

নাগালেণ্ডৰ ফুটপাথত মহিলাসকলে দিয়া বজাৰ
নাগালেণ্ডৰ ফুটপাথত মহিলাসকলে দিয়া বজাৰ

কিনেই লিচানোৰ দৰে প্ৰতি গৰাকী মহিলাই পুৱাৰ পৰা সন্ধিয়ালৈ এই বজাৰখনতে ব্যস্ত থাকে। ইয়াৰ সমানে সমানে ঘৰ আৰু খেতিৰো দায়িত্ব থাকে তেওঁলোকৰ ওপৰত। এই সকলো দায়িত্ব কান্ধ পাতি লৈও তেওঁলোকে হাঁহিব পাহৰা নাই। মুখবোৰ ডালিমীৰ নিচিনা আৰু হাঁহিবোৰ অতি সৰল। জীৱনৰ গতি যাতে ৰুদ্ধ নহয় তাৰ বাবে তেওঁলোকে কৃষি কৰ্মকে সম্বল ৰূপে সাৱটি লৈছে । মহিলা সকলৰ এই প্ৰচেষ্টাৰ বাবেই হৰ্ণবিল উৎসৱত নগা চৰকাৰে ৰাইজৰ আদৰ আৰু চেনেহ বুটলিবলৈ সক্ষম হৈছে। কহিমাৰ পৰা বহু দূৰত কোনো অচিন পাহাৰত বসবাস কৰা এই মহিলা সকলে বৰ্তমান জৈৱিক কৃষিৰ গুৰুত্ব বুজি উঠিছে আৰু এই কৃষিৰ জৰিয়তে নিজকেই নহয় নগালেণ্ডৰো এক সুকীয়া পৰিচয় গঢ়ি তোলাৰ সচেতন প্ৰয়াস কৰিছে । খাদ্য প্ৰক্ৰিয়াকৰণ, আচাৰ, মৌ আদিকে ধৰি অনেক কাম-কাজত মহিলাসকলে নিজকে জড়িত কৰিছে। ইয়াৰ চানেকি আমি হৰ্ণবিল উৎসৱতে নহয়, এই দূৰ দূৰণিৰ বজাৰখনতো লাভ কৰিলো। কৃষি উৎপাদন আৰু সেৱাসমূহৰ মূল্য সংযোজন কৰাৰ বাবে চৰকাৰীভাবে চলাই থকা প্রচেষ্টাসমূহৰ কিছু ধনাত্মক প্ৰভাৱ সমগ্ৰ ৰাজ্যখনতে পৰিছে। এই প্ৰচেষ্টাই নগা ভূমিক তেওঁলোকৰ বৰ্ণাঢ্য কৃষি ভিত্তিক কলা-কৃষ্টি, খাদ্যাভাস আদিকে ধৰি প্রায় প্ৰতিটো আপুৰুগীয়া সম্পদ আৰু সমল সংৰক্ষণ কৰাৰ সুযোগ আৰু সুবিধা প্ৰদান কৰিছে। অনেক প্ৰতিকূল পৰিৱেশ পৰিস্থিতিৰ মাজতো নিজৰ স্বকীয়তা আৰু স্থিতি কেনেকৈ সদৃঢ় কৰি ৰাখিব পাৰি সেই কথা জানিবলৈ, শিকিবলৈ হ’লে জীৱনত এবাৰ যুঁজাৰু নগাৰ নগালেণ্ড ভ্রমণ কৰাটো অতি প্ৰয়োজনীয়।

নাগালেণ্ডৰ ফুটপাথত মহিলাসকলে দিয়া বজাৰ
নাগালেণ্ডৰ ফুটপাথত মহিলাসকলে দিয়া বজাৰ

অপৰূপ প্ৰকৃতিয়ে কৃপনালী নকৰাকৈ নগা ভূমিক এখন ছবিৰ দৰে আমাৰ সমুখত তুলি ধৰিছে । সঠিক দৃষ্টিভংগী হ’লে এই  ছবি খন বুজাৰ আৰু চোৱাৰ আনন্দই সুকীয়া হয়।উপলক্ষ যদি হৰ্ণবিল হয় তেন্তে এই ছবি আৰু বেছি মনোমোহা হৈ পৰে।যুঁজাৰো নগাবোৰ পৰিশ্ৰমী আৰু সাহসী। নিজৰ কলা, কৃষ্টি-সংস্কৃতি তেওঁলোকে বৰ ভালকৈ জীয়াই ৰাখিছে। জীয়াই থকাৰ কলা কিনো সেয়া শিকাৰ যদি অৱকাশ কেতিয়াবা পাই অথবা নিৰিবিলি পাহাৰৰ মাজত কিছু নিৰ্ভেজাল উৎকৃষ্ট সময় অতিবাহিত কৰিব বিচাৰে তেন্তে উত্তৰ পূব ভাৰতৰ নগালেণ্ডতকৈ উত্তম ঠাই আৰু নাই চাগে!নগৰ চহৰ বোৰ বাদ দিলে নগা ভূমি এতিয়াও প্ৰাকৃতিক ভাবে অতি ঐশ্বৰ্যশালী।

লেখক-মুজাহিদ আলি, শিৱসাগৰ

ফোন নং- ৭০০২০-৫৫২৫২

লগতে পঢ়ক- 

নতুন প্ৰযুক্তিৰে এৰী সুতা উৎপাদনেৰে উজলিছে বাক্সাৰ ১০ গৰাকী বড়ো মহিলা

English Summary: Kinei Lichano and the women's society of Nagaland

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.