1. অন্যান্য

বাগিছা পতাৰ চখ আছে নেকি আপোনাৰ? জানক কেনেকৈ আৰম্ভ কৰিব ওলোমা বাগিছা!

KJ Staff
KJ Staff
Hanging Garden
Hanging Garden

জনসংখ্যা বৃদ্ধিৰ সমান্তৰালভাৱে বাঢ়ি অহা লগে লগে পৃথিবীখনৰ আয়তন বাঢ়ি অহা নাই। যাৰ পৰিপ্ৰেক্ষিতত ক্ৰমশ এজন ব্যক্তি গড় অনুপাতে প্ৰতিদিনে কমি আহিছে ভূমিৰ পৰিমাণ। কিন্তু মানুহৰ চখবোৰ দিনে দিনে বাঢ়ি বাঢ়ি যাব ধৰিছে। বহু মানুহৰ চখ বা ৰুচি ঘৰখন সৌন্দৰ্যবৰ্ধনৰ বাবে এখন বাগিছা পতা। কিন্তু সেয়া বহু সময়ত সম্ভৱ হৈ নুঠে। কাৰণ এটাই মাটিৰ অভাৱ।

বিশেষকৈ এই সমস্যাটো দেখা যায় নগৰীয়া অঞ্চলসমূহত। কিয়নো নগৰসমূহত মানুহৰ মৌলিক প্ৰয়োজন বাসস্থান বা ঘৰখন স্থাপনৰ বাবেই মাটি নাথাকে তেনেক্ষেত্ৰত মধ্যবিত্ত মানুহখিনিয়ে চখ পুৰণৰ বাবে বাগিছাৰ বাবে মাটি খৰচ কৰাতো বহু টান কথা হৈ পৰে। কিন্তু অভাৱেই আবিস্কাৰ মূল। এই অভাৱেই এতিয়া সৃষ্টি কৰিছে ওলোমা বাগিছা বা সৰু মহাকাশ বাগিছাৰ পদ্ধতিটো। (অৱশ্যে এই পদ্ধতিৰ বৈজ্ঞানিক জ্ঞান থকা-নথকাকৈ বহু লোকে নিজৰ ঘৰখন সৌন্দৰ্যশালী কৰা পৰিলক্ষিত হৈছে।) এই পদ্ধতিৰে আপুনি আপোনাৰ ঘৰখন সুন্দৰ কৰি তোলাৰ লগতে বাগিচাৰ বাবে অতিৰিক্ত ভূমি নথকাৰ বাবে আপোনাৰ আপোনাৰ সপোনৰ বাগিছাখন বাস্তবায়িত কৰিব।

ওলোমা বাগিছা বা সৰু মহাকাশ বাগিচাৰ পদ্ধতিটো কোনো কঠিন আৰু জটিল কাম নহয়। মন কৰিলেই আপুনি আপোনাৰ ঘৰৰ বাৰান্দা বা বেলকনি,  ছাদত সৰু মহাকাশ বাগিছা এখন গঢ়ি তুলিব পাৰে। তদুপৰি আপোনাৰ ঘৰৰ ৱালত ফুলৰ টাব সংস্থাপন অৰ্থাত ওলোমাই ৰখা ব্যৱস্থা কৰি সৰু মহাকাশ বাগিছাখন গঢ়ি তুলিব পাৰে। ইয়াৰ বাবে মাত্ৰ প্ৰয়োজন সঠিক স্থান, পাত্ৰ অনুসৰি উদ্ভিদৰ বাছনি কৰাতো। প্ৰথম আপুনি কম পৰিসৰত বিকাশ হোৱা ফুল বা উদ্ভিদ এজোপা বাছনি কৰক।পুলিটো ৰোপন কৰিবলৈ প্ৰয়োজন হব টাবৰ লগতে এটা ষ্টেণ্ড। পৰাপক্ষত টাব আৰু ষ্টেণ্ডবিলাক মজবুট কিন্তু পাতল হ’ব লাগে।প্ৰয়োজন হলেই ইফাল সিফাল কৰিব পৰা হলে ভাল। টাবটো সাধাৰণ মাটিতকৈ কেঁছু সাৰ প্ৰয়োগ কৰিলে ভাল। ইফালে ওলোমা বাগিছা বা সৰু মহাকাশ বাগিছাৰ বাবে অৰ্থাত কম ঠাইত উদ্ভিদ গজাৰ বাবে গ্ৰোপ বেগৰ ব্যৱহাৰ সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। গতিকে এনে গ্ৰোপ বেগৰ ব্যৱহাৰ আপুনি কৰিব পাৰে।

সৰু ওলোমা বাগিছাখনৰ উদ্ভিদবোৰ নিৰ্বাচন কৰোতে আপুনি মন কৰিব যিবোৰ ধুনীয়া দেখায় আৰু কম স্থান লয়। ওলোমা বাগিছাৰ লগতে আপুনি সহজে অন্য কিছুমান ফুলো আপুনি আপোনাৰ ঘৰৰ বাৰান্দাত ৰোপন কৰি ঘৰুৱা বাগিচা এখন গঢ়ি তুলিব পাৰে। এই ঘৰুৱা বাগিছাখনত আপুনি তুলসী,  পেপাৰমিণ্ট, থাইম, লেমনগ্ৰাছ, অৰেগানো, ৰোজমেৰী আদি টাবত ৰোপন কৰি ঘৰুৱা বাগিছা এখনো গঢ়ি তুলিব পাৰে কম পৰিসৰতে।

ইফালে আকৌ ঘৰুৱা বাগিছাখনৰ লগতে, আপুনি ৫ৰ পৰা ৭ ইঞ্চিৰ কিছুমান পাত্ৰত পালেং, মচুণ্ডৰি,পদিনা, ধনিয়া, বিলাহী, ভেণ্ডি, জলকীয়া আদি পাচলিও খেতি কৰিব পাৰে। আনহাতে যিসকল লোকৰ ঘৰত সূৰ্যৰ পোহৰ কম পৰে তেওঁলোকে বেগোনিয়া, এগ্লোনমা, ড্ৰেচনা আৰু মনষ্টাৰাৰ দৰে পাতযুক্ত উদ্ভিদ ৰোপণ কৰিব পাৰে। একে সময়তে, আদা আৰু নহৰুৰ দৰে উদ্ভিদবোৰো কম পোহৰৰ লগতে কম ঠাইতে কৰিব পাৰি।

উল্লেখ্য যে ঘৰৰ ৰেলিঙত কুঞ্জলতা, মাধৱী লতা আদি ফুলবোৰ টাবত ৰোপন কৰি আমাৰ ঘৰখনৰ লগতে ওলোমা বাগিছাখনক অধিক সোন্দৰ্যশালী কৰি তুলিব পাৰো।

লগতে পঢ়ক-পলিহাউচ কি? গ্ৰীণ হাউচ আৰু পলিহাউচৰ মাজত মাজত পাৰ্থক্য জানেনে আপুনি?

English Summary: How to Start Hanging Garden at Home

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.