1. অন্যান্য

সুস্বাদু কোমোৰাৰ লাৰু আপুনি ঘৰতে কেনেদৰে বনাব পাৰে শিকো আহক -

KJ Staff
KJ Staff

   আমাৰ অসমীয়া সমাজৰ থলুৱা অতি জনপ্রিয় পাচলি এবিধ হৈছে কোমোৰা। কোমোৰাই অসমীয়া খাদ্য তালিকাত এক সুকীয়া বৈশিষ্ট্য আছে। কোমোৰা আমি সাধাৰণতে মাংস-মাছৰ লগত ৰান্ধি খাই অন্য এক আমেজ পাওঁ। বিশেষকৈ হাঁহৰ মাংসৰ লগত ইয়াৰ এক আৱেগ জড়িত হৈ আছে। কোমোৰা হাঁহৰ মাংসৰ লগত ৰান্ধিলে নোখোৱাকৈ কোনেও থাকিব নোৱাৰে। এইটো আমি সকললোই জানো। তাৰোপৰি বিভিন্ন প্ৰণালীৰে আজিকালি কোমোৰাৰ সুস্বাদু তৰকাৰী বনোৱা দেখা যায় I

       তদুপৰি আজি কালি মিঠাই দোকান বোৰত কোমোৰাৰ পৰা মিঠায়ো প্ৰস্তুত কৰা হয়। সেয়েহে আজি আমি আপোনাৰলোকৰ মাজলৈ কোমোৰাৰ পৰা কেনেদৰে লাডু বনোৱা হয় বা আপুনি ঘৰতে বনাব পাৰে তাৰ এটি আভাস দাঙি ধৰিম-  

  তেন্তে পলম নকৰি আহকচোন ৰেচেপিটোৰ বিষয়ে জানো।

উপকৰণ (Gradients)-  

* এটা পূৰঠ কোমোৰা * নাৰিকল গুৰি * চেনী 

* অধা চামুচ নিমখ * ঘিউ * ইলাচী * আদা * জালুক 

* কমলাৰ বাকলি 

প্ৰণালী (Process)-

       প্ৰথমে কোমোৰা খিনি বাকলি গুচাই ডাঙৰ ডাঙৰকৈয়ে কাটি পিহনাত পিহি লব। তাৰ পিছত পিহি লোৱা কোমোৰা খিনি আধা চামুচ মান নিমখ, এটা বা দুটা ইলাচি আৰু অলপমান কমলাৰ শুকান বাকলি দি কিছু সময় উহাই লব। কোমোৰা খিনি সিজাৰ পিছত এখন চাকনিৰে কোমোৰা খিনি চাকি লব আৰু পানী খিনি সম্পূৰ্ণ শুকাবৰ বাবে এখন কপাহী কাপোৰত কোমাৰা খিনি পাতলকৈ মেলি ৰদত শুকুৱাই লব, লগতে এটুকুৰা আদাও পিহি লৈ ৰদত শুকুৱাই লব। কোমোৰা খিনি সম্পূৰ্ণৰূপে শুকোৱাৰ পিছত কোমোৰা খিনিৰ সম পৰিমাণে চেনী আৰু নাৰিকল গুৰিৰে ভালদৰে মিহলাই লব। এতিয়া এখন কেৰাহীত সামান্য পৰিমানে ঘিউ দি সানি থোৱা কোমোৰা খিনি দিব লগতে ইলাচি, জালুকৰ গুড়ি আৰু কমলাৰ বাকলি অলপ দি কিছু সময় ভাজি লব। কোমোৰা খিনি ৰঙচুৱা হলে নমাই গৰমে গৰমে লাডু বনাব।

   এনেদৰে আপুনি ঘৰতে কোমোৰা লাড়ু বনাব পাৰে।

আৰু পঢ়ক- কৃষক সকলৰ মূৰত ৰামটাঙোন বৃদ্ধি হল ৰাসায়নিক সাৰৰ দামৰ লগতে বহুতো অত্যারশ্যকীয় সামগ্ৰীৰ

English Summary: How to make winter melon laddu recipe at home

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.