1. অন্যান্য

দীৰ্ঘদিনীয়া পৰিকল্পনাৰে ১-২ ঘন্টাতে ১ হাজাৰ পৰা ১৫০০ টকা উপাৰ্জন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

আজৰি সময়খিনিত ঘৰতে কাম কৰি উপাৰ্জন কৰিব পৰা এটা পদ্ধতিৰ বিষয়ে আজি আপোনালোকক জনাম। গ্ৰামাঞ্চলৰ কৃষকসকলৰ  প্ৰত্যেকৰে ঘৰতে তামোল গছ, নেমু টেঙা, পাণ গছ আদি থাকে। যিসকল কৃষকৰ বাৰীত তামোল গছ আছে সেইসকল কৃষকে ঘৰতে তামোলৰ পুলি উৎপাদন কৰিব পাৰে। কৃষকসকলে পৰম্পৰাগতভাৱে তামোলৰ পুলি কেনেকৈ প্ৰস্তুত কৰিব লাগে সেই বিষয়ে জানে। কিন্তু আধুনিক পদ্ধতিৰে ব্যৱসায়িক উদ্দেশ্যলৈ তামোলৰ পুলি কেনেকৈ উৎপাদন কৰিব লাগে সেই বিষয়ে নাজানে। সেই বিষয়ে অভিজ্ঞ ব্যক্তি বা জিলা কৃষি বিজ্ঞান কেন্দ্ৰত গৈ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে। আপোনালোক জনাও যে ২ টকীয়া এটা তামোলৰ পৰা এজন কৃষকে এবছৰ ৩০ টকা উপাৰ্জন কৰিব পাৰে। মাত্ৰ আজৰি সময়খিনি সুব্যৱহাৰ কৰি।

একেদৰে নেমু গছৰ পৰাও পুলি উৎপাদন কৰিব পাৰে আমাৰ কৃষকসকলে। কৃষকসকলে এজোপা নেমুৰ পৰাই ২০০-৩০০ পুলি উৎপাদন কৰিব পাৰে। দৰ্শকসকলক জনাও যে এখিলা নেমু পাতৰ পৰা এটা পুলি উৎপাদন কৰি ৩০-৩৫ টকাত বিক্ৰি কৰিব পাৰে। তাৰ বাবে আমাৰ কৃষকসকলে জিলা কৃষি বিজ্ঞান কেন্দ্ৰত গৈ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে। একেদৰে আমাৰ কৃষকসকলে ঘৰতে থকা পাণ, জালুক আদি গছৰ পৰাও পুলি প্ৰস্তুত কৰিব পাৰে। এটা পাণৰ আগ বা জালুকৰ আগৰ পৰা পুলি প্ৰস্তুত কৰি ঘৰৰ পৰাই ২০-২৫ টকাত একোটাকৈ পুলি বিক্ৰি কৰিব পাৰে। এই কামবোৰৰ বাবে কিছুমান সঁজুলিৰো প্ৰয়োজন হয়। যেনে- কেচি, পি পি বেগ, কেঁচু সাৰ, ভাল বালিয়া অহীয়া মাটি, গোৱৰ আদি।

আপোনালোকক জনাও যে বৰ্তমান সময়ত থলুৱা বস্তু, জৈৱিকভাৱে উউৎপাদিত সামগ্ৰীৰ বহু চাহিদা আছে। কৃষকসকলে এইবোৰৰ ওপৰি বিজ্ঞানসন্মত আৰু আগতীয়াকৈ কোনো বতৰৰ ৰবি বা খাৰিফ শস্য কিছুমান পুলি প্ৰস্তুত কৰিবও পাৰে। যেনে- অমিতা, জলকীয়া, লাইপুলি, বেঙেনা, কবি, কেৰেলা আদিৰ পুলি। কম টকা খৰচ কৰি এনে পুলিবোৰ ভাল দাম বিক্ৰি কৰিব পাৰে।

কিন্তু এই কামবোৰ কৰিব পাৰে প্ৰশিক্ষণৰ অত্যন্ত প্ৰয়োজন। এই প্ৰশিক্ষণ পাব পৰা অত্যন্ত সুবিধাজনক স্থান হল জিলা কৃষি বিজ্ঞানকেন্দ্ৰসমূহ। কৃষকসকলক এই জিলা কৃষি বিজ্ঞান কেন্দ্ৰসমূহে বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰে। দুই-তিনিটা দিনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আপোনালোকে ঘৰতে আজৰি সময়খিনিত কাম কৰি এটা ভাল উপাৰ্জন কৰিব পাৰিব। এই কামটো আমাৰ গৃহিনীসকলেও কৰিব পাৰে। ঘৰুৱা কামখিনি সমাপন কৰি আজৰি সময়খিনি কাম কৰি দুপইচা অৰ্জন কৰিব পাৰে। যিহেতু এই কামবোৰ ঘৰতে আৰু শাৰীৰিক পৰিশ্ৰম কম লাগে। কিন্তু আগতীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰিবই লাগিব।

লগতে পঢ়ক- 

Gadda 140 F1 : কৃষকসকলে আগতীয়াকৈ জাতিলাওৰ এই জাতটোৰ খেতি কৰক

English Summary: How can You earn 1000 to 1500 hundred in 1-2 hours

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.