
ৰিলায়েন্স গ্রুপে এক মাইলৰ খুঁতি অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। এই মন্তব্য ৰিলায়েন্স ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীৰ। কোম্পানীটোৰ ৪৪ সংখ্যক বার্ষিক সাধাৰণ সভাত উদ্বোধনী ভাষণত অধ্যক্ষজনে কয় যে যােৱা বছৰ ৰিলায়েন্সৰ ব্যৱসায় আৰু আর্থিক সফলতা আশা কৰাতকৈও অধিক হৈছে।
কিন্তু ব্যৱসায়তকে মানৱতাৰ খাতিৰত কোম্পানীটোৱে লােৱা ভূমিকাৰ বাবেহে তেওঁ অত্যন্ত সুখী। ক'ৰনা মহামাৰীৰ সময়ত মানৱ সেৱাক কোম্পানীটোৱে জাতীয় দায়িত্বৰূপে লৈ আহিছে। এই সময়ছােৱাত ৰিলায়েন্স জিঅ'ই মুঠ ৩.৭৯ কোটি গ্রাহকক সংযােগ দিছে। তদুপৰি তেওঁ সেউজ শক্তি প্রকল্প ৰূপায়ণৰ ঘােষণা কৰি অহা তিনি বছৰত এইক্ষেত্ৰত ৭৫ হাজাৰ কোটি টকা বিনিয়ােগ কৰাৰ কথা উল্লেখ কৰে।
আনহাতে, অনুষ্ঠানত অংশ লৈ নীতা আম্বানিয়ে কয় যে ৰিলায়েন্স ফাউণ্ডেচনে যােৱা সময়ছােৱাত মিছন অক্সিজেন, মিছন কোভিড ব্যৱস্থাপনা, মিছন অন্ন সেৱা, মিছন কৰ্মচাৰী কেন্সাৰ আৰু মিছন ভেকচিন সুৰক্ষা কার্যসূচী মুকলি কৰিছে। আনহাতে, ঈশা আৰু আকাশ আম্বানিয়েও সাধাৰণ সভাত উপস্থিত থাকি ‘দেশ প্রথম, সম্প্রদায় দ্বিতীয়, পৰিয়াল তৃতীয় আৰু নিজৰটো শেষত' শীর্ষক কোম্পানীটোৰ মন্ত্র আওৰায়।
তদুপৰি পৰিচালন সঞ্চালক মুকেশ আম্বানিয়ে ৰিলায়েন্সৰ সৈতে চৌদি আৰবৰ তেল কোম্পানী আৰামকো চুক্তিবদ্ধ হােৱাৰাে ইংগিত দিয়ে। একেদৰে গুগল আৰু ৰিলায়েন্স জিঅ'ই একেলগে নির্মাণ কৰা ‘ জিঅ'ফোন নেক্সট স্মার্টফোন সােনকালে বজাৰত উপলব্ধ হ'ব বুলিও তেওঁ জনায়।
Share your comments