1. অন্যান্য

মন্ত্রী হিমন্ত বিশ্ব শর্মালৈ নির্বাচন আয়োগৰ নির্দেশ! আগন্তুক ৪৮ঘন্টালৈ কোনো নির্বাচনী প্রচাৰ চলাব নোৱাৰিব মন্ত্রীজনে !!! সকলো জানক ইয়াত

KJ Staff
KJ Staff
Himanta biswa sarma
Himanta biswa sarma

  বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীক ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা ‘NIA’ৰ হতুৱাই গ্রেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিম বুলি ভাবুকি দি এতিয়া নির্বাচন আয়ােগৰ ৰােষত পৰিছে মহাপ্রতাপী মন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। বিৰােধী দল কংগ্ৰেছে মন্ত্রী শর্মাই দিয়া ভাবুকিৰ ভিডিঅ’ ক্লিপিংছসহ নির্বাচন আয়ােগৰ ওচৰত 1 এপ্রিলত অভিযােগ দাখিল কৰাৰ পাছতেই আয়ােগে মন্ত্রী শৰ্মালৈ এখন জাননী জাৰি কৰিছিল। নির্বাচন আয়ােগৰ সচিব অজয় কুমাৰ বাৰ্মাই স্বাক্ষৰ কৰা জাননীখনত শৰ্মাক যোৱাকালি আর্থাৎ 2 এপ্রিলৰ বিয়লি পাঁচ বজাৰ ভিতৰত সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মন্তব্য প্ৰদানৰ নির্দেশ দিয়া হৈছিল। 

উল্লেখযােগ্য যে, ৰাজ্যত নির্বাচনী প্রচাৰ তুংগত উঠাৰ সময়তে কেইদিনমানৰ পূর্বে মন্ত্রী শর্মাই বি পি এফৰ মুৰব্বীজনক তীব্র ভাষাৰে সমালােচনা কৰি প্ৰকাশ কৰিছিল যে, কোকৰাঝাৰত অস্ত্র উদ্ধাৰৰ লগতে উগ্রপন্থী বাথা’ৰ সৈতে হাগ্রামাই সম্পৰ্ক ৰখাৰ বিষয়টো অনুসন্ধান কৰাৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা NIAক দায়িত্ব দিয়া হ'ব। বিজেপি ক্ষমতালৈ অহাৰ পাছতেই এটাৰ পাছত এটাকৈ সকলােবােৰ গােচৰ খুলি অনুম সন্ধান কৰা হ'ব বুলি তেওঁ স্পষ্টভাৱে প্ৰকাশ কৰিছিল। আনকি পূর্বৰ বিটিচি প্রধান হাগ্রামা মহিলাৰীক গ্রেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা হ'ব ভাবুকি প্রদান কৰিছিল। তাৰ পিছতে সৃষ্টি হৈছিল ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ। ইয়াৰ পিছতে নির্বাচন আয়ােগৰ দ্বাৰস্থ হৈছিল কংগ্ৰেছ ৷ তেওঁলোকে দাবী তুলিছিল যে এটা ৰাজনৈতিক দলৰ এজন মুৰব্বীক মন্ত্রীজনে মুকলিকৈয়ে ভাবুকি দি নির্বাচনী আচৰণ বিধি ভংগ কৰিছে বুলি অভিযােগ তুলি হিমন্ত বিশ্ব শৰ্মাৰ নির্বাচনী প্ৰচাৰ বন্ধ কৰাৰ লগতে তেওঁক প্রার্থিত্বৰ পৰা বঞ্চিত কৰিব লাগে বুলিও দাবী জনাইছিল।

 মন কৰিব লগীয়া কথা যে, কংগ্ৰেছে দাখিল কৰা এই অভিযােগ লাভ কৰাৰ পাছতেই নির্বাচন আয়ােগে সমগ্র বিষয়টো গুৰুত্ব সহকাৰে লৈ প্ৰথমতে ৰাজ্যিক নির্বাচন আয়ােগৰ পৰা সমগ্র বিষয়টো জানিব খােজাৰ লগতে মন্ত্রীজনে কোৱা কথাখিনিৰ ইংৰাজী অনুবাদ সংগ্রহ কৰে। ৰাজ্যিক নির্বাচন আয়ােগে প্রদান কৰা তথ্য চালিজাৰি চোৱাৰ পাছত যোৱাকালি আয়ােগে মন্ত্রী ড° শৰ্মাক আগন্তুক ৪৮ ঘন্টালৈ নির্বাচনী প্রচাৰ বন্ধ ৰাখিবলৈ নির্দেশ দিয়ে। উল্লেখ যোগ্য যে এই সময়ছোৱাত মন্ত্রীজনে ডিজিটেল সামাজিক মাধ্যমতো প্রচাৰ চলাব নোৱাৰিব আৰু সাক্ষাৎকাৰ দিব নোৱাৰিব। ইতিমধ্যে মন্ত্রী জনে টুইটাৰযোগে সকলো নির্বাচনী কার্য্যসূচী বাতিল কৰা বুলি জনাইছে।

English Summary: Eci ordered himanta biswa sarma to stop campaigning next 48 hours

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.