1. অন্যান্য

Double Cropping Farming : ডাবল ক্ৰপিং খেতি কি! আৰু ইয়াৰ লাভালাভ!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Double Cropping Farming Benefit
Double Cropping Farming Benefit

প্ৰথমেই আপোনালোকক জনাও লওঁ যে ডাবল ক্ৰপিং খেতি খেতি কি! বছৰত একোডোখৰ মাটিতে দুবাৰ খেতি কৰাকে ডাবল ক্ৰপিং খেতি বুলি কোৱা হয়। উদাহৰণস্বৰূপে অসমত ধান খেতি কৰাৰ পাছতে আমাৰ কৃষকসকলে মাটিডোখৰ পুনৰ ছমাহলৈ একো খেতি নকৰাকৈ পেলায় ৰাখে। এনেকৈ ছমাহলৈ পেলায় নাৰাখি তাত পুনৰ খেতি কৰাটোৱেই ডাবল ক্ৰপিং খেতি বুলি কোৱা হয়। আমাৰ দেশৰ উন্নত কৃষিপ্ৰধান ৰাজ্যসমূহত ত্ৰিপুল ক্ৰপিং খেতি কৰে কৃষকসকলে। কিন্তু আমাৰ অসমত এতিয়াও ৯০ শতাংশ কৃষিভূমিত এবাৰহে খেতি কৰা হয়। এবাৰ খেতি কৰা পাছত এই ৯০ শতাংশ কৃষিভূমি ছমাহলৈ পৰি থাকে।

অৱশ্যে অসমৰ এতিয়া বহু কৃষকে ডাবল ক্ৰপিং খেতি কৰিবলৈ লৈছে। আগতীয়া ধান কটাৰ পাছতে সেই ঠাইত মাটিমাহ, তিল, সৰিয়হ, ঘেঁহু আদি খেতি কৰিবলৈ লৈছে। ই এটা শুভ লক্ষণ কিন্তু সেয়া কেইজনমান কৃষকৰ মাজতে সীমাবদ্ধ হৈ আছে। কিন্তু যিকেইজন ব্যক্তিয়ে এনেদৰে খেতি কৰিছে তেওঁলোক লাভান্বিত হৈছে আৰু এক স্বচ্ছল জীৱন কটাবলৈ সক্ষম হৈছে। আমাৰ অধিকাংশ কৃষকে বাৰিষাৰ সময়ছোৱাত ৰ’দ-বৰষুণ কাটি কৰি ঘাম পানী কৰি ধান খেতি কৰে। ধান খেতি কৰাৰ পাছতে তেওঁলোকে উপাৰ্জনৰ কাৰণে গুৰুত্বসহকাৰ লৈ কোনো কাম নকৰে। ধান খেতি আঘোণ মাহত ছপোৱাৰ পাছতে চকুৰে মনিব নোৱাৰালৈকে আমাৰ কৃষকসকলে পথাৰসমূহ পেলায় ৰাখে। এই পথাৰসমূহত যদি আমাৰ কৃষকসকলে বাৰিষা কালত ধান খেতি কৰাৰ দৰেই ৰবিশস্য, ঘেঁহু, মাহজাতীয় শস্যৰ খেতি কৰে তেতিয়া নিশ্চিতভাৱেই আমাৰ কৃষকসকলে পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকসকলৰ দৰেই স্বচ্ছল অৱস্থা হ’ব। আমি তেতিয়া পঞ্জাৱ-হাৰিয়ানাৰ আলু, চাউল, দাইল, মটৰ-বুট আদিৰ দৰে শস্যসমূহৰ বাবে আমি পঞ্জাৱ-হাৰিয়ানাৰ কৃষকৰ ওপৰত নিৰ্ভৰশীল হ’ব নালাগে।

এইক্ষেত্ৰত কিন্তু এইক্ষেত্ৰত কেৱল কৃষকসকলেই দায়বদ্ধ নহয়। চৰকাৰেও এই এইক্ষেত্ৰত পদক্ষেপ লব লাগিব। বাৰিষা বৰষুণ হয় কিন্ত শীতকালত সেই অনুপাতে বৰষুণ নহয়। গতিকে এই পথাৰসমূহত পানীৰ বাবে চৰকাৰে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব। তদুপৰি আমাৰ অসমত অধিকাংশ কৃষকেই ধান চপোৱাৰ পাছতে গৰুসমূহ এৰি দিয়ে। গতিকে গৰুৰ বাবেও কৃষকসকলে খেতি কৰিব নোৱাৰে। অসমৰ উদঙীয়া গৰুৰ সমস্যাটো নিৰাময় কৰিবৰ বাবেও চৰকাৰে পদক্ষেপ লব লাগিব। তেতিয়া নিশ্চিতভাৱে আমাৰ কৃষকসকলে বাৰিষা কালত ধান খেতি কৰাৰ দৰেই শীতকালতো পঞ্জাৱ-হাৰিয়ানাৰ কৃষকৰ দৰে আলু, চাউল, দাইল, মটৰ-বুট আদি খেতি কৰিব।

লগতে পঢ়ক- 

দীৰ্ঘদিনীয়া পৰিকল্পনাৰে ১-২ ঘন্টাতে ১ হাজাৰ পৰা ১৫০০ টকা উপাৰ্জন কৰক

English Summary: Double Cropping Farming Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.