1. অন্যান্য

কেইবিধমান চৰ্বি কমোৱা খাদ্যসামগ্ৰী

KJ Staff
KJ Staff
  1. সমগ্ৰ বিশ্বতে স্বাস্থ্যৰ প্ৰতি সজাগ লোকসকলে মেদবহুলতা বা শকত হোৱাৰ পৰা হাত সাৰিবলৈ অনেক উপায় অৱলম্বন কৰিবলৈ ধৰিছে । কাৰণ এটা সুন্দৰ শৰীৰ ফেশ্বনৰ প্ৰতীক হোৱাৰ উপৰিও সঠিক বা ক্ষীণকায় দেহত শকত দেহতকৈ বেমাৰ-আজাৰ কম হয় । সেয়ে সঠিক খাদ্য অভ্যাস তথা কিছু নিৰ্বাচিত ব্যায়ামৰ দ্বাৰা আমাৰ শাৰীৰিক গঠন সঠিক ৰুপত ৰাখিবলৈ যত্ন কৰিব লাগে । ইয়াৰোপৰি আমি জানিব লাগিব কোনসমূহ খাদ্যৰ দ্বাৰা বা শাক-পাচলি বা ফলমূলে আমাৰ দেহত চৰ্বি হোৱাত বাধা প্ৰদানত সহায়ক হয় ।
  2. সাধাৰণতে শৰীৰত চৰ্বি নহ’বলৈ আমাৰ আহাৰ সন্তুলিত হোৱা প্ৰয়োজনত তথা কিছু শাৰীৰিক শ্ৰমৰ অত্যন্ত দৰকাৰী । সাধাৰণতে শৰীৰত মেদ জমা হোৱাত বাধা প্ৰদান কৰা কেইবিধমান সামগ্ৰী হ’ল-
  3. ১) আপেল চাইডাৰ ভিনেগাৰ- আহাৰ গ্ৰহণ কৰাৰ আগতে এক টেবুল চামুচ আপেল চাইডাৰ সৈতে অকণমান পানী মিহলাই তাত অলপ নেমু চেপিব । সোৱাদ অনুযায়ী শুকান জলকীয়াৰ গুড়ি অলপো দিব পাৰে ।
  4. ২) আহাৰ খোৱাৰ পিছত এচামুচ চফ খাওক ।
  5. ৩) পাচলিৰ ভিতৰত ভেণ্ডিত থাকে অনেক ফেট বাৰ্ণিং উপাদান ।
  6. ৪) ৰাতিপুৱা চাহ খোৱাৰ আগতেই কেঁচা হালধি বটি অলপ পানী মিহলাই খাব পাৰে ।
  7. ৫) আমলখিৰ ৰসেও চৰ্বি জমা হোৱাত বাধা প্ৰদান কৰে ।
  8. ৬) ভাত খোৱাৰ আগতে ৫ বা ৬ ফুট নহৰু কেঁচাকৈ চোবাই খাওক ।
  9. ৭) আন ৰিফাইন তেলতকৈ নাৰিকল তেলত শাক-পাচলি আদি ৰান্ধিব পাৰে ।
  10. ৮) ডালচেনিত অনেক গুণ আছে, তাৰে ভিতৰত চৰ্বি কমোৱাতো সহায়ক । ফিকা চাহ (গাখীৰ নোহোৱা) ত চেনি কমাই ডালচেনিৰ গুড়ি দিয়ক বা দৈ আদিতো দি খাব পাৰে ।
  11. ৯) তেঁতেলীৰ চৰ্বত বা তৰকাৰী আদিত তেঁতেলী দি খাব পাৰে ।
  12. ১০) পানীলাউৰ ৰস চৰ্বি কমোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক ।
  13. ১১) বিলাহী, তিয়ঁহ, বন্ধা কবি আদিত যথেষ্ট পানী থাকে । নেমু চেপি আহাৰ গ্ৰহণৰ আগতেই খাব লাগে ।
  14. ১২) ব্ৰ’কলি, মূলা, কমলা, জালুক, কিৱি ফল, পদিনা আদিয়ে চৰ্বি হোৱাত বাধা প্ৰদান কৰে ।
  15. বাঢ়ি অহা পেট কমাবলৈ :-
  16. গ্ৰীণ টি :-
  17. সাধাৰণ চাহৰ ঠাইত গ্ৰীণ টি গ্ৰহণৰ অভ্যাসৰ প্ৰয়োজন । একেলেথাৰিয়ে তিনিমাহ ধৰি গ্ৰহণ কৰি থকাৰ পিছতহে ইয়াৰ ফলাফল গম পোৱা যায় । দিনত তিনিবাৰমান খাবলৈ যত্ন কৰিব লাগে । গ্ৰীণ টিয়ে মেটাবলিক ৰেট সঠিক কৰাৰ উপৰিও বাৰে বাৰে খাবলৈ মন নোযোৱা কৰে । তাৰোপৰি এণ্টি অক্সিডেণ্ট প্ৰচুৰ পৰিমাণে পোৱা যায় ।
  18. কণী :-
  19. কণীৰ বগা অংশত প্ৰ’টিন পোৱা যায় । হালধীয়া অংশত থাকে কাৰ্ব’হাইড্ৰেট । যি শৰীৰত মেটাবলিজিম বঢ়োৱাত সহায়ক হৈ কেল’ৰি বাৰ্ণ কৰে । আনহাতে কম পৰিমাণে কেল’ৰি নথকা নহয় । ৰাতিপুৱা আহাৰত এটা কণী গ্ৰহণ কৰিলে দিনটোত সোনকালে আন খাদ্য খাবলৈ মন নাযায় ।
  20. ব্ৰক’লি :-
  21. আজিকালি অসমত যথেষ্ট ব্ৰ’কলিৰ খেতি কৰা হয় । খাবলৈ সোৱাদযুক্ত এই পাচলিয়ে শৰীৰত চৰ্বি জমা হোৱাত বাধা প্ৰদান কৰে ।
  22. বন্ধাকবি :-
  23. যথেষ্ট এণ্টি অক্সিডেণ্ট আৰু ভিটামিন ‘চি’ পোৱা যায়, যি ভাতৰ সলনি সৰহ পৰিমাণে খাব পাৰিলে ভাল ।
  24. ব্ৰাউন ৰাইচ :-
  25. কম কেল’ৰিযুক্ত । আঁহ পোৱা যায় ।

ইয়াৰোপৰি পেট কমোৱাৰ ক্ষেত্ৰত আদাও যথেষ্ট উপযোগী । একাপ পানীত এক ইঞ্চি আদা থেঁতেলিয়াই উতলাই তাত দহফুটা নেমুৰস দি সেইখিনি দিনটোত দুবাৰ খাই শেষ কৰক ।

English Summary: Convenient fat coma food items

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.