একবিংশ শতিকত পৰিৱেশৰ প্ৰধানতম সমস্যাৰ ভিতৰত প্ৰথমে স্থান পাবলগীয়া বিষয়টো হৈছে জলবায়ু পৰিৱৰ্তন। জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ বাবে এটা বৃহৎ প্ৰত্যাহ্বান, যাৰ প্ৰভাৱৰ পৰা কোনো জীৱই নিজক মুক্ত কৰি ৰাখিব নোৱাৰে- যদিহে প্ৰয়োজনীয় সময়ত ব্যৱস্থা গ্ৰহণ কৰা নহয়। জলবায়ু বুলিলে কোনো এটা অঞ্চলৰ অতি কমেও ২৫ বছৰৰ গড় বতৰৰ অৱস্থা নিৰ্দেশ কৰে। সাম্প্ৰতিক সময়ত অভাৱনীয় হাৰত প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰকৰ প্ৰভাৱত জলবায়ুৰ পৰিৱৰ্তন হৈছে।
জলবায়ু পৰিৱৰ্তনকাৰী বহুবোৰ কাৰকে পৃথিৱীৰ ওপৰত ক্ৰিয়া কৰি আছে। বায়ুমণ্ডলে পৃথিৱীখনক এটা ছাতিৰ দৰে আৱৰি আছে। বায়ুমণ্ডলত সেউজগৃহৰ গেছৰ পৰিমাণ বৃদ্ধি হোৱা বাবে সূৰ্যৰ পৰা বিকীৰিত ৰশ্মি গেছবিলাকে শোষণ কৰি যায়। ফলত বিকীৰিত ৰশ্মি উভতি যাব নোৱাৰে। এই পৰিঘটনাই পৃথিৱীৰ গড় উত্তাপ বৃদ্ধি কৰে। এই পৰিঘটনাক সেউজ গৃহ প্ৰভাৱ বোলা হয়। জীৱাশ্ম ইন্ধন দহনৰ ফলত ৪৯ শতাংশ, কৃষিক্ষেত্ৰৰ সম্প্ৰসাৰণৰ ফলত ১৩ শতাংশ, নিৰ্বননিকৰণৰ ফলত ১৪ শতাংশ, ঘৰুৱা আৰু ঔদ্যোগিক আৱৰ্জনাৰ ফলত ২৪ শতাংশ সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি পায়।মানুহৰ ভাৱনাহীন ক্ৰিয়া-কৰ্মই সেউজ গৃহ গেছ মাত্ৰাধিক বৃদ্ধি কৰিছে। বিশেষকৈ উদ্যোগ বিপ্লৱৰ আগতে সেউজ গৃহ গেছৰ ভাৰসাম্য আছিল। কিন্তু শিল্প বিপ্লৱ আৰম্ভ হোৱাৰ পিছৰে পৰা অভাৱনীয় হাৰত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি হৈছে। এই ক্ষেত্ৰত উন্নত দেশবোৰৰ অৰিহণা বেছি। কাৰ্বন নিস্কাষনৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাজ্য শীৰ্ষত আছে।
পৃথিৱীপৃষ্ঠক অতিবেঙুণীয়া ৰশ্মিৰ প্ৰভাৱৰ পৰা মুক্ত কৰি অহা অ’জন স্তৰৰ অৱক্ষয় হ’বলৈ লৈছে। এই অৱক্ষয়ৰ বাবে জড়িত মুখ্য প্ৰদূষকবোৰ হ’ল-ক্ল’ৰফ্ল’ৰ কাৰ্বন, নাইট্ৰ’জেন অক্সাইড আৰু হাইড্ৰ’কাৰ্বন। নাইট্ৰ’জেন-ডাই-অক্সাইড আৰু হাইড্ৰ’কাৰ্বনৰ মাজত বিক্ৰিয়া ঘটি অ’জন আৰু আন অক্সাইড, যেনে-পেৰক্সি এচিটাইল, নাইট্ৰেট, হাইড্ৰ’জেন পেৰক্সাইড আদিৰ দৰে বিষাক্ত পদাৰ্থ উতপন্ন কৰে। ক্ল’ৰফ্ল’ৰ’ কাৰ্বনে ১৪ শতাংশ আৰু নাইট্ৰ’জেনৰ অক্সাইঅডবোৰে ৩.৫ শতাংশ অ’জন স্তৰৰ অৱক্ষয় ঘটায়। অ’জন স্তৰৰ এক শতাংশ হ্ৰাস হ’লে দুই শতাংশ অতি বেঙুণীয়া ৰশ্মি পৃথিৱীত পৰিব, যাৰ ফলত ছালৰ কৰ্কট ৰোগ, চকুৰ ৰোগ, মেল’নোমা, খজুৱতি আদিৰ দৰে ভায়বহ ৰোগৰ প্ৰাদুৰ্ভাৱ হ’ব। অ’জন স্তৰৰ গাঢ়তা দহ শতাংশ বৃদ্ধি হ’লে শস্যৰ উতপাদন হ্ৰাস পাব। ০.০২ অংশ প্ৰতি মিলিয়ন গাঢ়তাৰ অ’জনে বিলাহি, ধঁপাত, সৰল গছ আদিৰ ক্ষতি কৰিব।
মূলত: সেউজ গৃহ প্ৰভাৱ আৰু অ’জন স্তৰৰ অৱক্ষয়ৰ বাবে গোলকীয় উত্তপ বৃদ্ধি পাইছে। যোৱ এশটা বছৰত গোলকীয় উত্তাপন বৃদ্ধিৰ মাত্ৰা ০.৮ ডিগ্ৰী চেলচিয়াচ যাৰ ভিতৰত ০.৬ ডিগ্ৰী চেলচিয়াচ মাত্ৰ যোৱা তিনিটা দশকত বৃধি পাইছে। আনহাতে বিংশ শতিকাত প্ৰায় ১৫ ছেণ্টিমিটাৰ সগৰীয় উচ্চতা বৃদ্ধি হৈছে মূলত: আটলাণ্টিক মহাসাগৰৰ হিমবাহ গলা আৰু সাগৰীয় পানীৰ প্ৰসাৰণৰ বাবে।
জীৱাশ্ম ইন্ধনৰ দহন, শক্তি প্ৰকল্প, উদ্যোগ, অট’ম’বাইল আৰু ঘৰুৱা ইন্ধনৰ আংশিক বা সম্পূৰ্ণ দহনৰ ফলত বায়ুমণ্ডলত ছালফাৰ আৰু নাইট্ৰ’জেন অক্সাইড বৃদ্ধি পায়। ছালফাৰ-ডাই-অক্সাইড, নাইট্ৰিক অক্সাইড, নাইট্ৰ’জেন-ডাই-অক্সাইড আদি হ’ল অম্ল বৰষুণৰ উতস। ছালফিউৰিক এচিড ৬০-৭০ শতাংশ আৰু নাইট্ৰিক অক্সাইডে ৩০-৪০ শতাংশ আম্লিকতা বৃদ্ধি কৰে। অম্ল বৰষুণৰ প্ৰভাৱত মাটিৰ অম্লতা বৃদ্ধি হয়। অম্লতাযুক্ত পানী জলধাৰাতঅ পৰিলে জলজ উদ্ভিদ আৰু প্ৰাণীৰ মৃত্যু হয়। ১৯৭৪ চনত স্কটলেণ্ডত ২.৪ গাঢ়তাৰ বৰষুণ হৈছিল। অম্ল বৰষুণক কাল নিৰ্ণায়ক বোমা বুলি অভিহিত কৰা হয়।
জলবায়ু পৰিৱৰ্তনৰ স্ংকটে বিশ্ব ত্ৰাসৰ সৃষতি কৰিছে। ইয়ে কৃষি, অৰ্থনীতি, মানৱ স্থাস্থ্য, অনাকাংক্ষিত প্ৰাকৃতিক দুৰ্যোগ, উদ্ভিদৰ বিতৰণ, মৰুভৱন আদিত প্ৰভাৱ পেলাইছে। এই স্ংকট দূৰ কৰাৰ বাবে সেউজ বৃদ্ধি, বহনক্ষম উন্নয়ন, সেৱা পৰিচালনা গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে। বহুবোৰ দেশে মিলিত প্ৰচেষ্টা হাতত লোৱাটো এক সন্তোষজনক দিশ। বিশেষকৈ ধৰিত্ৰী সন্মিলন, জলবায়ু পৰিৱৰ্তনৰ আন্ত: চৰকাৰী অনুষ্ঠান আদিৰ দৰে অনুষ্ঠানত জলবায়ু পৰিৱৰ্তন বিষয়টোৱে আলোচনাৰ শীৰ্ষস্থান অধিকাৰ কৰিছে। তদুপৰি জলবায়ু পৰিৱৰ্তন হ্ৰাসকৰণ পদক্ষেপ গ্ৰহণ কৰাটো এক গুৰুত্বপূৰ্ণ দিশ।
লিখক: মহেশ দাস, দৈনিক অসম।
Share your comments