1. অন্যান্য

প্রথমবাৰৰ বাংলাদেশলৈ ৫০ মেট্রিকটন মাকৈ ৰপ্তানি কৰিলে কৃষি বিভাগে

KJ Staff
KJ Staff

ৰঙালাও, নেমু, আনাসৰ আদি বিভিন্ন দেশলৈ ৰপ্তানি কৰি থকাৰ সময়ত এইবাৰ অসমৰ ভূমিৰ পৰা চুবুৰীয়া ৰাষ্ট্র বাংলাদেশলৈ ৰপ্তানি হ’ল মাকৈ। যোৱা মঙলবাৰে অসমৰ পৰা বাংলাদেশলৈ পঞ্চাশ মেট্রিকটন মাকৈ ৰপ্তানি কৰা হয়। অসম চৰকাৰৰ কৃষি বিভাগ আৰু কেন্দ্রীয় চৰকাৰৰ সংস্থা NERAMC জৰিয়তে বাংলাদেশলৈ মাকৈখিনি ৰপ্তানি কৰা হয়। বাংলাদেশলৈ মাকৈ ৰপ্তানিৰ ফ্লেগ অফ কৰে ৰাজ্যৰ কৃষি মন্ত্রী অতুল বৰাই।

  খানাপাৰাত ফ্লেগ অফ কৰি বৰাই কয় যে বাংলাদেশত মাকৈৰ বৃহৎ বজাৰ আছে। যিহেতু অসমত পর্যাপ্ত পৰিমাণৰ মাকৈ উৎপাদন হয়, সেয়ে অসমত উৎপাদিত মাকৈয়ে সহজতেই বাংলাদেশৰ বজাৰ দখলৰ সম্ভাৱনা আছে। বাংলাদেশত প্রতি বছৰে ২৫ লাখ মেট্রিকটন মাকৈৰ প্রয়ােজন হয়। অসমত উৎপাদিত মাকৈ সহজতে বাংলাদেশলৈ পৰিবহণ কৰিব পাৰি বুলি কয়। বৰাই কয় যে অসমত এতিয়া মাকৈৰ উৎপাদন পূর্বৰ তুলনাত সন্তোষজনকভাৱে বৃদ্ধি পাইছে। ২০১৫-১৬ বৰ্ষৰ তুলনাত ২০১৯-২০ বৰ্ষত ৰাজ্যখনত মাকৈ উৎপাদন ৪৭ শতাংশ বৃদ্ধি পাইছে।

  নেমু, আনাৰস, ৰঙালাও, কল, অন্যান্য পাচলি আদি বিদেশলৈ ৰপ্তানি কৰাত এপেডা, এপার্ট, নেৰামেক আদি চৰকাৰী সংস্থাসমূহে বিশেষ ভূমিকা গ্রহণ কৰি অহাৰ কথা উল্লেখ কৰি এই ৰপ্তানি ব্যৱসায়ৰ সৈতে জড়িত কিগা এক্সিমছ প্রাইভেট লিমিটেড, পাণবাৰী বডােফা এগ্রো অর্গেনিক প্রডিউছাৰ কোম্পানী লিমিটেড, তেতেলীয়া এগ্রো অর্গেনিক প্রডিউছাৰ কোম্পানী লিমিডেট আদি প্রতিষ্ঠানসমূহৰাে মন্ত্রী বৰাই শলাগ লয়। অনাগত দিনত কৃষিজাত আন সামগ্রী ৰপ্তানি কৰাৰ ক্ষেত্ৰতাে এই প্রতিষ্ঠানসমূহক উদ্যোগ গ্রহণ কৰিবলৈ তেওঁ আহ্বান জনায়। অসমৰ পৰা ৰপ্তানি বাণিজ্য বিদেশলৈ ক্রমাগতভাৱে সম্প্রসাৰণ হ'বলৈ ধৰাটো শুভ লক্ষণ বুলিও মন্তব্য কৰি মন্ত্ৰী বৰাই কয় যে কৃষিখণ্ডত যুৱ শক্তিৰ অংশগ্ৰহণৰ বাবে কৃষিখণ্ডই এক নতুন মাত্রা লাভ কৰিব সক্ষম হৈছে।

  যুৱ শক্তিৰ অংশগ্রহণেই কৃষিখণ্ডৰ ডাঙৰ সফলতা বুলি মন্তব্য কৰি বৰাই কয় ৰাজ্যখনৰ কৃষিভিত্তিক অর্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ ক্ষেত্ৰতাে যুৱশক্তিয়ে উল্লেখযােগ্য ভূমিকা গ্রহণ কৰিব ধৰিছে। বিগত পাঁচ বছৰে কৃষি বিভাগে কৃষি খণ্ডৰ বিকাশৰ বাবে বিভিন্ন বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰা বাবে আজি কৃষক ৰাইজৰ জীৱন-ধাৰণৰ মান পূর্বতকৈ যথেষ্ট উন্নত হৈছে বুলি মন্ত্রী বৰাই দাবী কৰে।

English Summary: Assam exported 50vmt maize to Bangladesh for the first time

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.