1. অন্যান্য

ৰাষ্টাৰ কাষৰ পৰিত্যক্ত মাটিত এজন বৃদ্ধ কৃষকৰ ব্যতিক্ৰম ৰূপত অমিতা খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Papaya Farming along the road
Papaya Farming along the road

ফটোত দেখা এই বৃদ্ধ কৃষকজনৰ ঘৰ বাংলাদেশৰ দিনাজপুৰত। তেওঁৰ নাম- আলতাফ হুছেইন। কৃষকগৰাকীৰ আছে সীমিত পৰিমাণৰ কৃষিভূমি। য’ত ধান খেতি কৰে। আৰু ধান খেতি কৰা ঠাইখিনি দ হোৱা বাবে অন্য উদ্যান শস্য বা ৰবি শস্যৰ খেতি নহয়। গতিকে কৃষকগৰাকীয়ে সেই সীমিত পৰিমাণৰ মাটিখিনিত ধান খেতিকে কৰে। কিন্তু তেওঁ দেখিলে নিজৰ পথাৰৰ সীমা আৰু ৰাস্তা কাষৰ মাটিখিনি ইনেই পৰি থাকে আৰু সেইখিনিত তেওঁ খেতি কৰাৰ কথা ভাৱে। কি খেতি কৰিব সেই কথা ভাৱোতেই তেওঁ অমিতাৰ কথা মনলৈ আহে। তাৰপাছত আৰু তেওঁ পিছলৈ ঘূৰি নাচালে।

ভবামতেই ৰাস্তাৰ কাষৰ ব্যৱহাৰ নোহোৱা ঠাইখিনিত  ৪০০ টা অমিতাৰ পুলি ৰোপন কৰিলে। মাজে মাজে যত্ন ল’লে, সাৰ পানী যোগান ধৰিলে। কম দিনতে বছৰ বছৰ ধৰি পৰি থকা ছন পৰা মাটিখিনিত সেউজীয়া হৈ আহিল অমিতাবোৰ। দিন বাগৰি যোৱাৰ লগে লগে অমিতা গছবোৰ ডাঙৰ হৈ আহিল আৰু গছত অমিতা লাগিবলৈ ধৰিলে। বৰ্তমান কৃষকগৰাকীয়ে প্ৰতি কুইন্টল অমিতা ২০০০ টকা দৰত বিক্ৰি কৰি আছে।  ৰাষ্টা কাষৰ ছন পৰা মাটিখিনিত এজন বৃদ্ধই খেতি কৰি উপাৰ্জন কৰা ঘটনাটোত অঞ্চলটোলৈ কৃষি সন্দৰ্ভত আপোনা-আপুনিকৈ এটা সজাগতা আনি দিয়ে। আৰু বৃদ্ধজনৰ ওচৰলৈ বিভিন্নজন ব্যক্তিৰ লগতে সাংবাদিকো আহিল আৰু সামাজিক মাধ্যমতো এক আলোড়ণ সৃষ্টি হয় তেওঁৰ কৃষি পদ্ধতিয়ে।

বাংলাদেশৰ এই বৃদ্ধ কৃষকজনৰ দৰে আমাৰ কৃষকসকলেও এই কামটো কৰিব পাৰে। আমাৰ কৃষকসকলৰ পথাৰৰ বকিয়া পথাৰৰ মাজৰে যোৱা ৰাষ্টাবোৰত খেতি কৰিব পাৰে। কেৱল অমিতা বুলিয়েই নহয় শীতকালত ৰবিশস্যৰো খেতি কৰিব পাৰে। যিসকলৰ কৃষকৰ কৃষিভূমি কম বা কৃষকৰ মাটি নাই তেওঁলোকেও এই পদ্ধতি অৱলম্বণ কৰি ৰাষ্টা কাষৰ অব্যৱহৃত মাটিবোৰত খেতি কৰিব পাৰে। অসমীয়াত এষাৰ কথা আছে- মন কৰিলেই ছন বাকৰি মাটিতেই ধন।

লগতে পঢ়ক- 

Father & Son : পিতৃয়ে দেখুওৱা বাটেৰেই দুই পুত্ৰৰ কৃষিৰে সপোনৰ সন্ধান

English Summary: An elderly farmer grows Papaya Farming along the road

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.