নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যাধাম দেশ – বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ধৰ্মীয় পৰ্যটকৰ বাহিৰেও কামাখ্যাৰ ঐশ্বৰ্যশালী ভাস্কৰ্য আৰু নীলাচল পাহাৰ বেষ্টিত প্ৰাকৃতিক সৌন্দৰ্যই সাধাৰণ পৰ্যটককো হাতবাউলি মাতে এই অঞ্চললৈ। আমাৰ দেশত ধৰ্মৰ লগত জড়িত কিছুমান উৎসৱৰ সৰ্বভাৰতীয় সুনাম আছে। কামাখ্যা দেশৰ ভিতৰতে এখন নামজলা শক্তিপীঠ ৰুপে প্ৰতিষ্ঠিত। প্ৰত্যেক মন্দিৰৰে বিভিন্ন সময়ত বিভিন্ন উৎসৱ – পাৰ্বণ অনুষ্ঠিত হয়। কামাখ্যা ধামত আহাৰ মাহৰ অম্বুবাচী উৎসৱ সৰ্বভাৰতীয় উৎসৱ। এই উৎসৱলৈ দেশ – বিদেশৰ ভক্তপ্ৰাণ পৰ্যটকৰ আগমণ ঘটে। ধৰ্মীয় উৎসৱ উপলক্ষে কোনো স্থানলৈ অহা পৰ্যটকক ধৰ্মীয় পৰ্যটক বোলা হয়। পণ্ডিত সকলৰ মতে অম্বুবাচী মূলতে এক কৃষি উৎসৱ। আদিম মানৱৰ কৃষি সম্বন্ধীয় বিশ্বাসৰ ওপৰতে অম্বুবাচী উৎসৱ প্ৰতিষ্ঠিত। অম্বুবাচীত নাৰী সম্পৰ্কীয় কিছুমান ধ্যান – ধাৰণা আছে। পৃথিৱীক মাতৃৰ লগত ৰিজোৱা হয়। বিশ্বাস কৰা হয় যে কৃষি পদ্ধতি আদিতে নাৰীয়েই আৱিষ্কাৰ কৰিছিল। সংস্কৃতত অম্বু মানে পানী আৰু বাচী মানে প্ৰস্ফুটিত হোৱা। ইয়াৰ ৰুপান্তৰ হৈছে অম্বুবাচী বা ষাঠ। এইকেইটা দিনত আই বসুমতী ৰজস্বলা হোৱা বুলি বিশ্বাস কৰা হৈছে। অম্বুবাচী আহাৰ মাহৰ ষষ্ঠ দিনৰ পৰা প্ৰায় ৮৪ ঘণ্টা পৃথিৱী এনে অৱস্থাত থকা বুলি বিশ্বাস কৰা হয়। ঋতুমতী নাৰীক যেনেকৈ কাম – কাজৰ পৰা জিৰণি দিয়া হয়, তেনেদৰে মাতৃ বসুমতীকো অম্বুবাচীৰ সময়ত জিৰণি দিয়া দিয়ে। কৃষি কৰ্ম নহয়, হালখতি হয়, মাটি কৰ্ষণ নকৰে। অসমৰ পৰ্যটকৰ উৎকৃষ্ট স্থানৰ মৰ্যাদা দিছে। অম্বুবাচী উৎসৱক কেন্দ্ৰ কৰি কামাখ্যাত ধৰ্মীয় পৰ্যটন ক্ষেত্ৰৰুপে গঢ় দিয়াৰ বহু সমল আছে। বৰ্তমান সময় তথ্য – প্ৰযুক্তিৰ সময়। সেয়েহে অম্বুবাচীৰ বিষয়ে যথাসম্ভৱ দেশে – বিদেশে প্ৰচাৰ কৰা উচিত। বৈদ্যুতিক মাধ্যমত ইয়াৰ এটা প’ৰ্টেল থাকিব লাগে, যাতে মা কামাখ্যাৰ সংস্কৃতিৰ বিষয়ে এটা আগতীয়া ধাৰণা পায়। প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় দূৰদৰ্শন মাধ্যমে অম্বুবাচী উৎসৱৰ বৰ্ণনা ৰাষ্ট্ৰীয় ভিত্তিত সম্প্ৰচাৰ কৰা উচিত। যিদৰে ওড়িষ্যাৰ ৰথযাত্ৰাৰ বিষয়ে কৰা হয়। বৈদ্যুতিন মাধ্যমত পূজা – অৰ্চনাৰ পদ্ধতি সমূহ যাৱতীয় খৰচ পাতি আৰু সম্ভাব্য দৰ্শনৰ সময় আগতীয়াকৈ উপলদ্ধ হ’লে মন্দিৰ প্ৰাংগণত ভিৰ হ্ৰাস হোৱাৰ লগতে শৃংখলাবদ্ধ হ’ব। এনে নিয়ম তিৰুপতি মন্দিৰত আছে। আচলতে কামাখ্যা পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ হ’লে কেৱল ধৰ্মীয় ভাৱ – ভাৱনাৰে সমৃদ্ধ হ’লেই নহ’ব। ইয়াৰ লগে লগে শিক্ষিত আৰু সজাগ যুৱক – যুৱতী তথা পুৰুষ – মহিলা সকলে অসমীয়া সংস্কৃতিৰ অনন্য উপাদান সমূহ পৰ্যটক সকলক চিনাকি কৰি দিবলৈ মানসিক, শাৰীৰিক সকলো দিশৰে পৰা প্ৰস্তুত হ’ব লাগিব। এসময়ত কামাখ্যা ধামত দেওধানী নৃত্য অনুষ্ঠিত হৈছিল। অম্বুবাচীৰ সময়ত দেওধানী নৃত্যৰ দৰ্শনে ভক্ত সকলক পূজা – অৰ্চনাৰ লগতে দিব পৰাৰ ব্যৱস্থা অসমৰ সাংস্কৃতিক ন্ন্ত্ৰ্যালয়ে কৰিব পাৰে। অম্বুবাচীৰ সময়ছোৱাত ভক্তিৰ লগতে যাকেতে শুদ্ধ বিনোদনৰো জুতি পৰ্যটকে পায়, তাৰ ব্যৱস্থা কৰিলে এচাম নিবনুৱাও লাভাম্বিত হ’ব। উল্লেখ্য যে সৰ্বশেষ দেওধানী নাচনী আছিল মঙলদৈৰ ৰাধিকা ডেকা। সত্ৰীয়া নৃত্যৰ দৰেই দেৱদাসী, দেওধানী আদি নৃত্যবোৰ উজ্জীৱিত কৰাৰ ব্যৱস্থা লোৱা প্ৰয়োজন।
পৰ্যটনৰ বাবে আন এটা আনুষংগিক দিশ হৈছে পৰ্যটকক স্থানীয় আতিথ্য আৰু সুৰক্ষা প্ৰদান কৰা। দূৰ – দূৰণিৰ পৰা অহা ভক্ত সকলক এনেদৰে আতিথ্য আৰু সুৰক্ষা দিব লাগে, যাতে তেওঁলোকে নিজৰ ঠাইত গৈ অসমবাসীৰ অতিথি পৰায়ণতা তথা ইয়ত অনুভৱ কৰা সুৰক্ষাৰ বিষয়ে নিঃসকোচে উল্লেখ কৰে। অম্বুবাচীৰ সময়ত অহা বেছি ভাগ ভক্তই মধ্যবিত্ত পৰ্যায়ৰ হয়।ত্তেওঁলোকৰ বাবে মন্দিৰৰ ওচৰে – পাঁজৰে বা অলপ দূৰত হ’লেও থকা খোৱাৰ বাবে মিতব্যয়ী হোটেল আদিৰ আৱশ্যক আছে। কামাখ্যাৰ কাষত ধৰ্মশালাজাতীয় ভৱনৰ অভাৱ পৰিলক্ষিত হয়। কেৱল এই উৎসৱৰ সময়তেই নহয়, আন সময়তো যিহেতু বহু পৰ্যটকৰ আগমণ ঘটে, গতিকে এনে সুলভ মূল্যৰ ব্যৱস্থা বাৰে বাৰে এই ঠাইলৈ আহিবলৈ পাৰ্যটকক আগ্ৰহ জন্মাব। বৰ্তমান উপলদ্ধ হোৱা সৎসংগ বিহাৰ, গৌড়ীয় মঠৰ লেখীয়া ভৱনবোৰৰ বিতং যোগাযোগৰ ব্যৱস্থা বৈদ্যুতিক মাধ্যমত উপলদ্ধ হ’ব লাগে। এনে কিছু ব্যৱস্থা শুক্ৰেশ্বৰ মন্দিৰ বা উগ্ৰতাৰা মন্দিৰত আছে। ভৰলুৰ পৰা মালিগাঁও হৈ আজাৰা পৰ্যন্ত অতিথি শালা জাতীয় ভৱনবোৰ গঢ় লৈ উঠিব পাৰে। বৰ্তমানৰ হোটেল সমূহতো কামাখ্যা দৰ্শনৰ সা – সুবিধা প্ৰদান কৰিব লাগে। হোটেল সমূহৰ অগ্ৰিম বা আগতীয়াকৈ আৰক্ষণৰ নিয়ম পৰ্যটকৰ সুবিধাৰ বাবে বৈদ্যুতিক মাধ্যমৰ জৰিয়তে হ’ব লাগে। পুৰীৰ জগন্নাথ মন্দিৰৰ ওচৰত, দ্বাৰকা আৰু তৰুপতিত এনে অসংখ্য মিতব্যয়ী ধৰ্মশালা গঢ় লৈ উঠিছে।
পৰ্যটক সকলৰ বিনোদনৰ ব্যৱস্থাও অতি আৱশ্যক। মনত ৰখা উচিত যে পুৰীৰ সমুদ্ৰ আৰু বৈত দ্বাৰকাৰ নৌকা বিহাৰ পৰ্যটকৰ বাবে আকৰ্ষণীয়, সুৰক্ষা বিপন্ন নকৰাকৈ ব্ৰহ্মপুত্ৰত নৌকা বিহাৰ বা দীঘলী পুখুৰীৰ ব্যৱস্থা সমূহ ভক্ত সকলক মাজত প্ৰচাৰ কৰিব পাৰি। সম্ভৱ হ’লে কপিলীৰ নিচিনা নৈত নৌকা গৃহৰ কথা ভাবিব পাৰি। অসম বিভিন্ন জাতি – জনগোষ্ঠীৰ মিলনভূমি। ৰঙীন সাজ – পোছাকৰ দৰেই প্ৰত্যেক জনগিষ্ঠীৰে খাদ্যতো আছে ভিন্নতা। অম্বুবাচীৰ সময়ত স্থানীয় খাদ্যৰ বিপণী মুকলি কৰি ভক্ত সকলক ইয়াৰ জুতি দিব পাৰি। স্থায়ী হ’অলে কামাখ্যাৰ পৰ্যটক সকলে সদায়ে ইয়াৰ জুতি ল’ব পাৰে। অসমীয়া পাট – মুগা, এড়ীৰ আদৰ সৰ্বত্ৰ। সাজপাৰৰ বিপণী সমূহত এই সাজপাৰ সমূহ বিশেষভাৱে প্ৰদৰ্শন কৰিব লাগে। তদুপৰি চুৰিদাৰ, শাড়ী আদিত অসমীয়া ফুলৰ চানেকিবোৰো বিক্ৰী কৰিব পাৰে। লগত সৰু সৰু ফুলাম জাপি, গঁড়ৰ মূৰ্ত্তি, সৰু আকৃতিৰ শৰাই, পাণ বঁটা, অসমীয়া অলংকাৰ আদিৰ বিপণী কামাখ্যাৰ ওচৰে – পাজৰে হ’লে যথেষ্ট চাহিদা হ’ব। অম্বুবাচীৰ সময়ত এইবোৰ বিশেষ ৰেহাইৰে শিল্প প্ৰদৰ্শনী অনুষ্ঠিত কৰিব পাৰি। পাণবজাৰ বা ফাঁচী বজাৰৰ বিপণী সমূহত দুৰ্গাপুজা বা বিহুৰ নিচিনাকৈ সুলভ মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰিলে পৰ্যটক উপকৃত হ’ব। অম্বুবাচী বা কামাখ্যা দৰ্শনৰ সুযোগতে আহিযাতে গুৱাহাটীৰ আন স্থানীয় পৰ্যটন ক্ষেত্ৰ যেনে – বশিষ্ঠাশ্ৰম, নৱগ্ৰহ, উগ্ৰতাৰা, কলাক্ষেত্ৰ, উমানন্দ আদি ভ্ৰমণ কৰিব পাৰে, তাৰ বাবে পৰ্যটন বিভাগ আৰু হোটেল বোৰেও নিজাববীয়াকৈ ব্যৱস্থা ল’ব পাৰে। তদুপৰি বহু পৰ্যটকে দূৰৰ পৰ্যটন ঠাইৰ যেনে – বৰদোৱা, হাজো মন্দিৰ, শিৱসাগৰ, তেজপুৰ আদি চোৱাৰ ইচ্ছা কৰে। তেওঁলোকৰ বাবে ইণ্টাৰনেট বা আন মাধ্যমেৰে সকলো তথ্য জনাৰ সুবিধা কৰি দিব লাগে। আন সময়ত কাজিৰঙা, পবিতৰা, মানাহ অভয়াৰণ্য আদিৰ বিষয়ে পৰ্যাপ্ত প্ৰচাৰ হ’লে অসমৰ পৰ্যটন ক্ষেত্ৰখন যথেষ্ট লাভাম্বিত হ’ব। আটাইতকৈ উল্লেখযোগ্য বিষয়টো হৈছে মন্দিৰ প্ৰাংগণত শৃংখলা বৰ্তাই ৰখাটো। কোনো ভক্ত যাতে লাঞ্ছনাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰখাটো সকলোৰে কৰ্তব্য। ভাৰতৰ নানা মন্দিৰত ভক্ত সকল প্ৰৱঞ্চনা আৰু ঠগৰ সন্মুখীন হয়। মন্দিৰৰ পাণ্ডা সকলে মাথোঁ আৰ্থিক আয়ৰ কথা নাবাবি সদ্ব্যৱহাৰ আৰু সেৱাৰ মনোভাবেৰে ভক্ত সকলৰ লগত সম্পৰ্ক স্থাপন কৰিব লাগে। দ্বাৰকা মন্দিৰৰ পাণ্ডা সকলৰ ব্যৱহাৰ উল্লেখযোগ্য; য’ত পাণ্ডাসকলক ব্যতিব্যস্ত নকৰে। তদুপৰি মন্দিৰৰ চৌহদ চাফ – চিকুণকৈ ৰাখিব লাগে। তেতিয়াহে ভক্ত সকলৰ ঋণাত্মক মনোভাৱ আঁতৰিব। কামাখ্যা মন্দিৰক কেন্দ্ৰ কৰি ওড়িষ্যাৰ জগন্নাথ মন্দিৰ, গুজৰাটৰ দ্বাৰকা মন্দিৰ, তামিলনাডুৰ তিৰুপতি আদিৰ দৰে ধৰ্মীয় পৰ্যটন গঢ় দিয়াৰ যথেষ্ট সম্ভৱনা আছে। চৰকাৰে উপযুক্ত পৰিকল্পনাৰে পৰ্যটক গাইড আদিৰ ব্যৱস্থা কৰি সমগ্ৰ নীলাচল পাহাৰক পৰ্যটন কেন্দ্ৰৰুপে গঢ় দি ৰাজহ আহৰণৰো এক সুন্দৰ উৎস মুকলি কৰিব পাৰে।
লেখক : ৰঞ্জন কুমাৰ পদ্মপতি।
উৎস : দেওবৰীয়া বাঁহী।
Share your comments