কৃষক আৰু কৃষি বিষয়াসকলে সম্প্ৰতি সম্মুখীন হোৱা অতি জটিল প্ৰত্যাহ্বানসমূহৰ এটি হৈছে বৰ্দ্ধিত জনসংখ্যাৰ কাৰণে পৰ্যাপ্ত তথা স্বাস্থ্য সন্মত খাদ্য উৎপাদন কৰা আৰু আন এটা হৈছে কৃষি ভূমিৰ উৎপাদিকা শক্তি ভৱিষ্যত প্ৰজন্মলৈ অক্ষুণ্ণ ভাৱে ধৰি ৰখা, অৰ্থাৎ, বহনক্ষম কৃষি পদ্ধতি প্ৰৱৰ্তন কৰা। জনসংখ্যা বিস্ফোৰণৰ তাৎক্ষণিক ফলশ্ৰুতি হ'ল সংকুচিত কৃষি ভূমিৰ পৰা বৰ্দ্ধিত খাদ্যশস্য উৎপাদনৰ তাগিদা ।
কৃষক আৰু কৃষি বিষয়াসকলে সম্প্ৰতি সম্মুখীন হোৱা অতি জটিল প্ৰত্যাহ্বানসমূহৰ এটি হৈছে বৰ্দ্ধিত জনসংখ্যাৰ কাৰণে পৰ্যাপ্ত তথা স্বাস্থ্য সন্মত খাদ্য উৎপাদন কৰা আৰু আন এটা হৈছে কৃষি ভূমিৰ উৎপাদিকা শক্তি ভৱিষ্যত প্ৰজন্মলৈ অক্ষুণ্ণ ভাৱে ধৰি ৰখা, অৰ্থাৎ, বহনক্ষম কৃষি পদ্ধতি প্ৰৱৰ্তন কৰা। জনসংখ্যা বিস্ফোৰণৰ তাৎক্ষণিক ফলশ্ৰুতি হ'ল সংকুচিত কৃষি ভূমিৰ পৰা বৰ্দ্ধিত খাদ্যশস্য উৎপাদনৰ তাগিদা । গতিকে আধুনিকৰ পৰা অত্যাধুনিক পদ্ধতি প্ৰয়োগ কৰি উৎপাদন বৃদ্ধি কৰাৰ বাহিৰে গত্ত্যন্তৰ নাছিল । আধুনিক পদ্ধতি মানেই হ’ল বৰ্ণসংকৰ আৰু উচ্চ উৎপাদনক্ষম জাতৰ ব্যৱহাৰ, মাটিত ৰাসায়নিক সাৰৰ প্ৰয়োগ, শস্য ৰক্ষাৰ বাবে ৰাসায়নিক কীটনাশক, বীজাণুনাশক, অপতৃণনাশক আদিৰ প্ৰয়োগ, যন্ত্ৰ পাতিৰ ব্যৱহাৰ, প্ৰতি একক মাটিত অধিক সংখ্যক পুলি ৰোপন, সুনিশ্চিত পানী যোগানৰ ব্যৱস্থা, ইত্যাদি। এই পদ্ধতিৰ তাৎক্ষণিক ফলাফল অতি চমৎকাৰ আছিল। ফলত অধিক লাভৰ আশাত আধুনিক পদ্ধতিৰ উপাদান বিলাকৰ, বিশেষকৈ ৰাসায়নিক সাৰ, কীটনাশক আৰু অপতৃণনাশক বিলাকৰ মাত্ৰাধিক ব্যৱহাৰ অথবা অপব্যৱহাৰ হ’ব ধৰিলে। তাৰেই কুফলবোৰ আজি আমাৰ কাৰণে প্ৰত্যাহ্বান ৰূপে দেখা দিছে । আধুনিক কৃষি পদ্ধতিৰ (Green Revolution technology)ভয়াবহ পৰিণামৰ বিষয়ে Rachel Carson নামৰ এগৰাকী মাৰ্কিন সামুদ্ৰিক জীৱবিজ্ঞানী (Marine Biologist) তথা সংৰক্ষণবাদী (Conservationist) লেখিকাই The Silent Spring (1962) গ্ৰন্থৰ জৰিয়তে মানৱ সমাজক সঁকীয়াই থৈ গৈছিল।
সাধাৰণতে দেখিবলৈ পোৱা ৰাসায়নিক কীটনাশক, সাৰ আদিৰ অপপ্ৰয়োগৰ উদাহৰণবোৰ হ’ল:
১) নিজে খাবৰ কাৰণে বেলেগকৈ খেতি কৰি সীমিত পৰিমাণৰ ৰাসায়নিক সাৰ আৰু দৰৱ ব্যৱহাৰ কৰি, বজাৰত বিক্ৰীৰ বাবে বেলেগকৈ খেতি কৰি অধিক উৎপাদন পাবলৈ আৰু অধিক আকৰ্ষণীয় কৰিবলৈ মাত্ৰাধিক পৰিমাণৰ ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ কৰা ।
২) হকে বিহকে নিৰ্দিষ্ট দিনৰ অন্তৰে অন্তৰে ৰাসায়নিক সাৰ অথবা কীটনাশক প্ৰয়োগ কৰা (routine application)।
৩) নিৰ্দিষ্ট শস্যৰ বাবে অনুমোদিত নোহোৱা কীটনাশক প্ৰয়োগ কৰা, বিশেষকৈ ধান বা আন শস্যৰ বাবে অনুমোদিত কীটনাশক শাক-পাচলিত প্ৰয়োগ কৰা। শাক-পাচলিৰ কৃষিকাল ধানৰ তুলনাত কম । কেবাবিধ শাক-পাচলি কেঁচাই খোৱা হয় । গতিকে এই বিলাক কীটনাশকৰ অৱশিষ্ট শাক-পাচলিত ৰৈ যোৱাৰ সম্ভাৱনাই অধিক।
৪) শাক-পাচলিৰ খেতিতো আজিকালি বহু খেতিয়কে খৰছ কমাবৰ উদ্দেশ্যে বন মৰা ৰাসায়নিক ঔষধ (weedicide) প্ৰয়োগ কৰে যিবোৰৰ পাৰ্শ্বক্ৰিয়া মাটিত বহুদিনলৈ থাকে বিশেষকৈ চাহ বাগিচাৰ বাবে অনুমোদিত ঔষধবোৰ।
৫) কিছুমান খেতিয়কে অজ্ঞানতাৱশত: মেলেৰিয়া ৰোগ নিয়ন্ত্ৰনৰ কাৰণে ব্যৱহৃত কিন্তু মানুহ তথা আন জীৱ-জন্তুৰ বাবে অতিশয় হানিকাৰক DDT নামৰ বিষাক্ত পদাৰ্থ/দৰৱ ব্যৱহাৰ কৰিব পাৰে। সাধাৰণতে ৰাসায়নিক সাৰ বা ঔষধ ব্যৱহাৰ কৰিব নজনা, সাধাৰণ দৃষ্টিত “জৈৱিক” ভাৱে খেতি কৰা হোজা খেতিয়কৰ ক্ষেত্ৰতো এনে হ’ব পাৰে।
৬) বেঙেনাৰ ফলবোৰ বেছি আকৰ্ষণীয় কৰিবলৈ কাৰ্বফুৰান জাতীয় ৰাসায়নিক ঔষধৰ মিশ্ৰণেৰে শোধন কৰা।
৭) পটল, জিকা, ভোল, ভাত কেৰেলা, আদি পাচলিবোৰ দেখাত সেউজীয়া কৰি ৰাখিবলৈ কৃত্ৰিম ৰং ব্যৱহাৰ কৰা।
৮) শাক-পাচলিত চপাবৰ দুদিনমান আগলৈকে অতিৰিক্ত পৰিমাণৰ ৰাসায়নিক সাৰ বা অনুসাৰ আদি প্ৰয়োগ কৰা, যেনে: ইউৰিয়া, বৰাক্স ।
৯) আন ধৰণৰ অপপ্ৰয়োগ বা অপব্যৱহাৰ হ’ল, নিজৰ আৰু আন জীৱ-জন্তুৰ নিৰাপত্তাৰ কাৰণে ন্যূনতম সাৱধানতা অৱলম্বন নকৰাকৈ খেতিপথাৰত ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰা ।
এই আটাইবোৰ অপপ্ৰয়োগৰ ফলতেই পৰিবেশ প্ৰদূষণ তথা জীৱকুলৰ স্বাস্থ্যৰ প্ৰতি সাংঘাতিক ভাবুকি আহিব ধৰিছে যাৰ বিৰুদ্ধে জন-সজাগতা তথা বৈকল্পিক কৃষি পদ্ধতিৰ প্ৰয়োজন হৈছে।
আধুনিক অথবা ৰাসায়নিক কৃষি পদ্ধতিৰ চৰম বিপৰীত প্ৰান্তত অৱস্থান কৰি Masanobu Fukuoka নামৰ এগৰাকী প্ৰখ্যাত জাপানী গৱেষক-কৃষক তথা কৃষি বিজ্ঞানীজনে প্ৰৱৰ্তন কৰিছিল “Do Nothing Agriculture” যাৰ বিষয়ে তেখেতে The One-Straw Revolution: An Introduction to Natural Farming (১৯৭৫) নামৰ প্ৰখ্যাত গ্ৰন্থখনত বৰ্ণনা কৰিছে যি তলত উল্লেখিত চাৰিটা প্ৰায়োগিক নীতিৰ আধাৰত প্ৰতিষ্ঠিত:
১) No Tillage: মাটি চহ নকৰিব ।
২) No Fertilizer: ৰাসায়নিক সাৰ প্ৰয়োগ নকৰিব ।
৩) No Weeding: অপতৃণ নিৰনি নকৰিব।
৪) No Pesticides: কীটনাশক প্ৰয়োগ নকৰিব ।
আনহাতে “জৈৱিক কৃষি” অৰ্থাৎ “Organic Farming”ৰ ধাৰণাটো ১৯২০ চন মানৰ পৰা Sir Albert Howard, F.H. King, Rudolf Steiner আদিৰ নেতৃত্বত গঢ় লৈ উঠিছিল বুলি জনা যায়।
সমান্তৰাল ভাৱে প্ৰাকৃতিক কৃষি অথবা “Natural Farming” ৰ পৰীক্ষা-নিৰীক্ষাও চলি আছিল আৰু ইয়াৰ ধাৰণাটো Mokachi Okada নামৰ আন এগৰাকী জাপানী দাৰ্শনিকে প্ৰৱৰ্তন কৰিছিল ১৯৩৫ বৰ্ষত।
ভাৰতীয় পটভূমিত পদ্মশ্ৰী ড: সুভাষ পালেকাৰ নামৰ বৰেণ্য কৃষি বিজ্ঞানী তথা কৃষিবিদ (Agriculturist) এগৰাকীয়ে ১৯৯০ৰ দশকত “কম খৰচী প্ৰাকৃতিক কৃষি পদ্ধতি” (Zero Budget Natural Farming: ZBNF) নামৰ বৈকল্পিক কৃষি পদ্ধতি উদ্ভাৱন কৰে।
ভাৰতৰ দৰে জনবহুল ৰাষ্ট্ৰৰ সন্মুখত আটাইতকৈ কঠিন প্ৰত্যাহ্বান হৈছে ‘খাদ্য সুৰক্ষা’ আৰু ‘স্বাস্থ্য সুৰক্ষা’ দুয়োটা নিশ্চিত কৰা । খাদ্য সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে উৎপাদন বৃদ্ধিৰ বিভিন্ন আধুনিক পদক্ষেপ সমূহ ল’ব লগা হৈছিল যাক ‘সেউজ বিপ্লৱ প্ৰযুক্তি: Green Revolution Technology’ বুলি অভিহিত কৰা হয়, যেনে: উচ্চ উৎপাদনক্ষম আৰু বৰ্ণসংকৰ জাতৰ প্ৰচলন, অধিক পৰিমাণৰ সাৰ তথা কীটনাশকৰ প্ৰয়োগ, জলসিঞ্চন, যান্ত্ৰিকীকৰণ, আদি । আনহাতে জনস্বাস্থ্য আৰু পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলৈ হ’লে আমি আধুনিক কৃষিৰ এই পদক্ষেপ বা উপাদান সমূহ অতি নিয়ন্ত্ৰিত ভাৱে (judiciously) ব্যৱহাৰ কৰিব লাগে যিটো কাৰ্যক্ষেত্ৰত সঠিক ভাবে পালন কৰা নহয়।
নীতিগত দ্বন্দ: জৈৱিক বনাম আধুনিক কৃষি:
এফালে জনসংখ্যা বৃদ্ধিৰ লগত সামঞ্জস্য ৰাখি খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ তাগিদা, আনহাতে জনস্বাস্থ্য তথা পৰিৱেশ সুৰক্ষাৰ বাবে জৈৱিক, প্ৰাকৃতিক, পৰম্পৰাগত কৃষি, আদিৰ ন-ন আঁচনি ! একে সময়তে এইটো নিশ্চিত কৰিবলৈ দিয়া হয় যে দেশৰ প্ৰতিটো প্ৰান্তৰ খেতিয়ক সকলৰ কাৰণে সময় মতে প্ৰয়োজনীয় ইউৰিয়া, চুপাৰ ফছফেট, মিউৰেট অৱ পটাছ আদি সাৰৰ লগতে কীটনাশক ঔষধবোৰ যাতে উপলব্ধ হয় । ইয়াৰ কাৰণে প্ৰতিটো গাওঁ পঞ্চায়ত এলেকাৰ অধীনত কমেও একোটা খুচুৰা বিক্ৰী কেন্দ্ৰ (Retail Outlet) খুলিব দিয়া হৈছে । সমান্তৰাল ভাৱে জৈৱিক কৃষি, প্ৰাকৃতিক কৃষি, আদিৰ বাবে কৃষক সজাগতা, কৃষক প্ৰশিক্ষণ, কৃষিভূমি সম্প্ৰসাৰণৰ (area expansion) পদক্ষেপবোৰো লোৱা হৈ আছে ।
এক সময়তে জৈৱিক তথা প্ৰাকৃতিক কৃষিৰ লগতে ৰাসায়নিক সাৰ-কীটনাশক যুক্ত আধুনিক কৃষিৰ সপক্ষেও কাম কৰিব লগা হৈ আছে। প্ৰকৃততে জৈৱিক অথবা প্ৰাকৃতিক কৃষিৰ আঁচনি সফল ভাৱে ৰূপায়ণ কৰিবলৈ হ’লে ক্ষেত্ৰ ভিত্তিক হ’ব লাগে । একোটা জৈৱিক অথবা প্ৰাকৃতিক কৃষিক্ষেত্ৰ ঘোষণা কৰি তাৰ চাৰি সীমাৰ ভিতৰত ৰাসায়নিক কাৰ্যকলাপ সম্পূৰ্ণ নিষিদ্ধ কৰিব লাগিব। একেখন ক্ষেত্ৰৰ ভিতৰতে জৈৱিক-প্ৰাকৃতিক আৰু ৰাসায়নিকৰ সহাৱস্থান বৰ্জনীয়।
আত্মবিশ্বাসৰ দৰকাৰ: বহু বছৰৰ অভিজ্ঞতাৰে ক’ব পাৰি যে জৈৱিক কৃষি বৰ্তমান সময়তো এটা বিলাসীতাৰ মাজতে সীমাবদ্ধ হৈ আছে, কৃষক আৰু গ্ৰাহক, দুয়ো পক্ষৰ বাবে। সম্পূৰ্ণ জৈৱিক খাদ্য সামগ্ৰী না কৃষকসকলে উৎপাদন কৰিব পাৰিছে, না গ্ৰাহকসকলে পাইছে ! ছেগা-চোৰোকাকৈ সপ্তাহে-মাহেকে এসাঁজ জৈৱিক খাদ্য খাই কাৰো উপকাৰ নিশ্চয় নহয় ! জৈৱিক কৃষি পদ্ধতিয়ে কৃষক আৰু কৃষি বিষয়া, দুয়ো পক্ষৰে আত্ম-বিশ্বাস গঢ়ি তুলিবলৈ সক্ষম নহ’ল ।
অতি সম্প্ৰতি গুজৰাটৰ মহামান্য ৰাজ্যপাল আচাৰ্য দেৱব্ৰত বিদ্যাবাচপতিৰ প্ৰাকৃতিক কৃষিৰ ওপৰত অভিজ্ঞতাপুষ্ট বক্তৃতা শুনি (শ্ৰীমন্ত শঙ্কৰদেৱৰ কলাক্ষেত্ৰ, ২২/৫/২০২৩) আৰু তেখেতে ৰচনা কৰা “প্ৰাকৃতিক কৃষি” (প্ৰকাশক: ৰাজভৱন, গান্ধীনগৰ, গুজৰাট) অধ্যয়ন কৰি আত্মবিশ্বাস জাগিছে যে প্ৰাকৃতিক কৃষি পদ্ধতিয়ে বহনক্ষম হোৱাৰ লগতে কৃষক, গ্ৰাহক, প্ৰশাসক, কৃষি বিষয়া, প্ৰকৃতি প্ৰেমীকে আদি কৰি বহু পক্ষৰ সমস্যাৰ সমাধান দিবলৈ সক্ষম হ’ব ।
প্ৰাকৃতিক কৃষিৰ চাৰিটা স্তম্ভ: পদ্মশ্ৰী ড: সুভাষ পালেকাৰে উদ্ভাৱন কৰা কম খৰচী প্ৰাকৃতিক কৃষি (Zero Budget Natural Farming: ZBNF)ৰ চাৰিটা মূল স্তম্ভ হ’ল:
১) জীৱামৃত
২) বীজামৃত
৩) ভূমি আৱৰণ (mulching), আৰু
৪) মাটিত ‘ৱাফছা’ৰ পৰিৱেশ (Wafasa: a condition where water molecules and air molecules are present in the soil) বজাই ৰখা।
কৃষি মাটিত জীৱামৃত অৰ্থাৎ ‘জীৱৰ অমৃত’ প্ৰয়োগ কৰিলে মাটিত থকা উপকাৰী জীৱ-অণুজীৱৰ সংখ্যা কম সময়ৰ ভিতৰতে ইমানেই বৃদ্ধি হয় যে তাৰ ফলত মাটিৰ স্বাস্থ্য ন-মাটিৰ দৰে (virgin soil) সাৰুৱা অৱস্থালৈ ঘুৰি আহে আৰু উৎপাদন বৃদ্ধিত অৰিহণা যোগায় ।
আনহাতে বীজামৃত অৰ্থাৎ ‘বীজৰ অমৃত’ বীজ শোধনৰ বাবে ব্যৱহাৰ কৰা হয় যাৰ দ্বাৰা শস্যৰ বীজসমূহ শক্তিশালী তথা নিৰোগী কৰি লোৱা হয় ফলত অধিক বৃদ্ধি, অধিক উৎপাদন সম্ভৱপৰ হয়গৈ ।
ভূমি আৱৰণৰ ব্যৱস্থা কৰিলে মাটিৰ আৰ্দ্ৰতা ধৰি ৰাখে, উপকাৰী জীৱ-অনুজীৱবোৰ কাৰ্যক্ষম হৈ থাকে আৰু মাটিত অক্সিজেন আৰু পানীৰ অনুবোৰ উপস্থিত থাকি ‘ৱাফছা’ৰ সৃষ্টি কৰে।
শস্যক অনিষ্টকাৰী কীট-পতঙ্গ আৰু বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিবলৈ ব্ৰহ্মাস্ত্ৰ, অগ্নিয়াস্ত্ৰ, নিমাস্ত্ৰ আদি আছে যাক কৃষকসকলে অতি কম খৰছত ঘৰতে প্ৰস্তুত কৰিব পাৰে। উল্লেখযোগ্য যে জীৱামৃত, বীজামৃত, ব্ৰহ্মাস্ত্ৰ, অগ্নিয়াস্ত্ৰ, নিমাস্ত্ৰ আদি প্ৰস্তুত কৰিবলৈ দেশী গৰুৰ গোবৰ, দেশী গৰুৰ মুত্ৰ, বেচন, গুৰ, ডাঙৰ গছৰ তলৰ এমুঠিমান মাটি, পানী আৰু ঘৰতে বা গাঁৱতে পাব পৰা বিভিন্ন গছৰ পাত আদিৰ প্ৰয়োজন হয় ।
লগতে পঢ়ক-
New Farming technique : নতুন কৃষি পদ্ধতিৰে খেতি কৰোঁ আহক
কৃষকসকল লাভান্বিত কেনেকৈ হ’ব: ৰাসায়নিক সাৰ প্ৰয়োগ কৰি উৎপাদনৰ ধাৰা দীৰ্ঘস্থায়ী কৰাটো কঠিন: ইয়াৰ বাবে সাৰ, অনুসাৰ, গোবৰ সাৰ, জলসিঞ্চন, কীটনাশক আদিৰ মাত্ৰা ক্ৰমান্বয়ে বঢ়াই গৈ থাকিব লগা হয়, তৎস্বত্তেও এটা সময়ত উৎপাদন নিম্নগামী হয় কাৰণ মাটিৰ স্বাস্থ্য নষ্ট হয় । এটা সময়ত আধুনিক কৃষি বুলিলে যি পঞ্জাৱ হাৰিয়ানাৰ উদাহৰণ দিয়া হৈছিল, তাত আজি মাটিৰ স্বাস্থ্য উদ্ধেগজনক ভাৱে দূষিত হ’ব ধৰিছে।
তেনে সময়তে হাৰিয়ানাত প্ৰাকৃতিক কৃষিৰ সফল প্ৰয়োগ অতি উৎসাহজনক। মহামান্য ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে হাৰিয়ানাৰ কুৰুক্ষেত্ৰস্থিত গুৰুকুলৰ ১৮০ একৰ (৫৪০ বিঘা) কৃষি পামত নিজেই ওতঃপ্ৰোত ভাবে জড়িত হৈ প্ৰাকৃতিক কৃষিৰ নিয়মাৱলী প্ৰয়োগ কৰি অতি চমৎকাৰী ফলাফল পাবলৈ সক্ষম হৈছে যিটো তেখেতে পূৰ্বে উল্লেখিত “প্ৰাকৃতিক কৃষি” গ্ৰন্থখনত লিপিবদ্ধ কৰিছে। কৃষি বিজ্ঞানীসকলে কৰা বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ ফলাফলেও ইয়াকে প্ৰতিপন্ন কৰিছে যে প্ৰাকৃতিক কৃষিৰ দ্বাৰা এবছৰ দুবছৰৰ ভিতৰতে মাটিৰ হেৰোৱা স্বাস্থ্য পুণৰ সংস্থাপিত কৰা সম্ভৱ।
প্ৰাকৃতিক কৃষিত কৃষকসকল ইউৰিয়া, ফছফেট, পটাচ আদি ৰাসায়নিক সাৰ তথা কীটনাশক ঔষধৰ বাবে পৰনিৰ্ভৰশীলতাৰ কবলৰ পৰা মুক্ত হৈ থাকিব পাৰিব কাৰণ এইবোৰৰ বিকল্প যেনে: জীৱামৃত, বীজামৃত, অগ্নেয়াস্ত্ৰ, নীমাস্ত্ৰ, অগ্নিয়াস্ত্ৰ, আদি ঘৰতেই অতি কম খৰছত প্ৰস্তুত কৰিব পৰা যায়। উল্লেখ্য যে ফছফৰাছ আৰু পটাচযুক্ত সাৰ প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় কেঁচা সামগ্ৰীসমূহ বিদেশৰ পৰা আমদানি কৰিব লগা হয়। গতিকে ইয়াৰ বাবে চৰকাৰে বহু মূল্য ভৰিব লগা হয়, লগতে বিশ্ব ৰাজনৈতিক অস্থিৰতা হেতুকে আমদানি শৃংখল বাধাপ্ৰাপ্ত হ’লে হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। উদাহৰণ: ক’ভিড মহামাৰী আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিণতিত ৰাসায়নিক সাৰৰ নাটনি আৰু অভাৱনীয় মূল্য বৃদ্ধি হ’ল ।
আন এটা লাভ হ’ল, প্ৰাকৃতিক কৃষি অৱলম্বন কৰিলে খেতি মাটিৰ পানী ধাৰণ কৰিব পৰা ক্ষমতা বৃদ্ধি হয়, গতিকে জলসিঞ্চনৰ খৰচো কমি যায়।
অতি গুৰুত্বপূৰ্ণ দিশ হ’ল, কীটনাশক আৰু ৰাসায়নিক সাৰৰ বিষক্ৰিয়াৰ পৰা আমি নিজৰ লগতে আমাৰ পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হ’ম ।
উল্লেখ্য যে কীটনাশক অৱশিষ্টযুক্ত (pesticide contaminated) শাক-পাচলি, ফল-মূল, আদি খাদ্য খোৱাৰ কু-পৰিণাম স্বৰূপে কৰ্কট, যকৃত, কিডনী, মধূমেহ (ডায়াবেটিছ), আদি বিভিন্ন দূৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ধন-জনৰ হানি হৈ থকাৰ প্ৰামাণিক তথ্য লাভ কৰি ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু কৃষি বিভাগৰ বিৰুদ্ধে সীমা ভূঞা নামৰ এগৰাকী উকীলৰ দ্বাৰা মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন PIL দাখিল কৰা হৈছিল ২০১৮ চনত (Case No. PIL/18/2018)। তাৰে শুনানী গ্ৰহণ কৰি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰ তথা কৃষি বিভাগক কীটনাশক আৰু ৰাসায়নিক সাৰৰ অপপ্ৰয়োগৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দি থৈছে। কীটনাশক বা বিষাক্ত ৰাসায়নিক পদাৰ্থৰ অৱশিষ্ট থকা কোনো শাক-পাচলি বা কৃষি সামগ্ৰী যাতে বজাৰত সোমাবলৈ সুৰুঙা নাপায় তাৰ কাৰণে Task Force গঠন কৰি নমুনা সংগ্ৰহ আৰু বিশ্লেষণৰ কাম কৰি আছে । বিশ্লেষণত প্ৰতিটো নমুনাত বিষাক্ত ৰাসায়নিক কীটনাশকৰ অৱশিষ্ট ধৰা পৰিছে। গতিকে আপোনাৰ মোৰ আমাৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে চৰকাৰ আৰু কৃষি বিভাগৰ লগতে কৃষক, গ্ৰাহক, জনসাধাৰণ সকলোৰে সহযোগিতা আৰু সজাগতাৰ প্ৰয়োজন যাতে ৰাসায়নিক কৃষিৰ বিকল্প ৰূপে প্ৰাকৃতিক কৃষি পদ্ধতিক কৃষক ৰাইজে আকোঁৱালি লয় ।
লেখক- বিনোদ বসুমতাৰী, কোকৰাঝাৰ
লগতে পঢ়ক-
Share your comments