1. News

কৃষিখণ্ডৰ বাবে সুখবৰ, ন’ৰৱে দূতাবাসৰ অংশীদাৰিত্বৰে কৃষি বিভাগৰ প্ৰকল্প মুকলি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ন’ৰৱে দূতাবাসৰ অংশীদাৰিত্বৰে কৃষি বিভাগৰ প্ৰকল্প মুকলি
ন’ৰৱে দূতাবাসৰ অংশীদাৰিত্বৰে কৃষি বিভাগৰ প্ৰকল্প মুকলি

ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ যৌথ সহযোগিতাত ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী (ৱৰ্ল্ড ফুড প্ৰগ্ৰাম)য়ে  "Enhancing Climate Adaptation of Vulnerable Communities Through Nature-Based Solutions and Gender-Transformative Approaches in Assam, India" শীৰ্ষক এটি প্ৰকল্প মুকলি কৰে।

দিল্লীস্থিত ন’ৰৱেৰ দূতাবাসৰ সৈতে অংশীদাৰিত্ব কৰা এই পদক্ষেপে জলবায়ু পৰিৱৰ্তনৰ বিভিন্ন দিশ সামৰি লৈছে। এই প্ৰকল্পই বহনক্ষম কৃষি পদ্ধতিৰ প্ৰচাৰ, জীৱিকাৰ বিভিন্ন উপায় সৃষ্টি আদিত কৃষকসকলক সহায় কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাব। উল্লেখ্য যে এই সন্দৰ্ভত ডাব্লিউ এফ পি আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ মাজত আজি এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয় ৷

 

প্ৰকল্প মুকলি কৰা আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰিয়াই উল্লেখ কৰে যে, ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ যৌথ সহযোগিতাত ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী (ৱৰ্ল্ড ফুড প্ৰগ্ৰাম)ৰ দ্বাৰা তথা নৰৱেৰ দূতাবাসৰ সৈতে অংশীদাৰিত্বৰে অসমৰ নগাঁও জিলাত আৰম্ভ হ’ব লগীয়া ১৮ মাহৰ পাইলট প্ৰজেক্ট পদক্ষেপৰ লক্ষ্য হৈছে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে বহনক্ষম কৃষি পদ্ধতিৰ প্ৰচাৰৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকল বিশেষকৈ মহিলাসকলক আৰ্থিকভাৱে সৱল কৰি তোলাত গুৰুত্ব আৰোপ কৰা ৷ লগতে তেখেতে ব্যক্ত কৰে যে, এই প্ৰকল্পই জলৱায়ু স্থিতিস্থাপক খাদ্যাভাস গঢ়ি তোলাত অৰিহণা যোগাব ৷

লগতে কৃষি সঞ্চালকভাস্কৰ পেগুয়ে এই কাৰ্যসূচীত উপস্থিত থকা ন’ৰৱেৰ দূতাবাসৰ  ৰ সহযোগিতা (Cooperation)ৰ মুৰব্বী তথা পৰামৰ্শদাতা মেৰিট এম ষ্ট্ৰেণ্ডক ধন্যবাদ জ্ঞাপন কৰি পৰৱৰ্তী সময়টো অসমৰ কৃষিখণ্ডত এনে সহযোগিতা কামনা কৰে ৷

এই কাৰ্যসূচীত ডাব্লিউ এফ পি ৰ উপ-দেশীয় সঞ্চালক নজ'মি হাছিম'ট', ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, এৰিয়াছ ছ'চাইটিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক বীৰেন্দ্ৰ মিত্তল, কৃষি বিভাগৰ সঞ্চালক  ভাস্কৰ পেগু, 'Climate & Resilient Food Systems, World Food Programme' ৰ মুৰব্বী প্ৰদন্যা পাইথাংকৰ, প্ৰমুখ্যে অসম কৃষি বিশ্ববিদ্যালয়, নাবাৰ্ডৰ প্ৰতিনিধি আৰু আন আন  বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক- 

খালি মাটি আছে যদি মাৰ্চ-এপ্ৰিলত এইবাৰ এবিঘা মাটিত অম্ৰপালি আমৰ খেতি কৰক

English Summary: ন’ৰৱে দূতাবাসৰ অংশীদাৰিত্বৰে কৃষি বিভাগৰ প্ৰকল্প মুকলি

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.