
অসমীয়া ডেকাই খেতি নকৰে বুলি চৰ্চা চলি থকাৰ মাজতে বিশ্বনাথত ১২ জন উচ্চ শিক্ষিত যুৱকে দেহৰ ঘাম মাটিত পেলাই গঢ়ি তুলিছে এখন চালে চকু ৰোৱা কৃষি ফাৰ্ম। নাম- যুৱ বিকাশ কৃষি ফাৰ্ম। সম্প্ৰতি প্ৰতিদিনে ১০০০/১২০০ পানীলাও, কোমোৰা, জিকা, কেৰেলা ৮/১০ কুইণ্টল, নেমু, অমিতা বতৰৰ পাচলি উৎপাদন কৰি তেওঁলোক প্ৰত্যেকজন অসমীয়াৰ আদৰ্শ হৈ পৰিছে।
এওঁলোকৰ কৃষিকৰ্ম দেখিলে পামখনৰ পৰা আহিবলৈ মন নোযোৱা এটা পৰিবেশ। উল্লেখ্য যে এওঁলোক নিবনুৱা নহয়। এওঁলোকে চাকৰি বিচাৰি হাবাথুৰি খোৱা নাই। এওঁলোক বৰ্তমান স্বাৱলম্বী।


এওঁলোকৰ কৃষিকৰ্ম দেখিলে পামখনৰ পৰা আহিবলৈ মন নোযোৱা এটা পৰিবেশ। উল্লেখ্য যে এওঁলোক নিবনুৱা নহয়। এওঁলোকে চাকৰি বিচাৰি হাবাথুৰি খোৱা নাই। এওঁলোক বৰ্তমান স্বাৱলম্বী।



আমাৰ যুৱক-যুৱতীসকলে যিসকলে চাকৰি পোৱা নাই বা চাকৰি নাপাই দিক-বিদিক হেৰুৱাই তেওঁলোকে এবাৰ যুৱ বিকাশ কৃষি ফাৰ্মখনলৈ এবাৰ আহক। ফাৰ্মখন পৰিদৰ্শন কৰাৰ পাছতে তেওঁলোকে আৰু তেওঁলোকে চাকৰি নাপালো বুলি দুখ কৰিবলৈ মন নাযাব। যদিহে তেওঁলোক কাম কৰি খোৱাৰ মানসিকতা আছে।
লগতে পঢ়ক-
Share your comments