Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 8 October, 2022 10:08 AM IST
Electronic Woman Safety Device

প্ৰতিদিনে বাতৰি কাকত, ছ'ছিয়েল মিডিয়াত দেখিবলৈ পোৱা যায় মহিলাসকল বিভিন্নক্ষেত্ৰত নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে। ৷ দেশৰ শাসন ব্যৱস্থাত নাৰী সুৰক্ষাৰ বাবে কঠোৰতকৈ কঠোৰ আইন প্ৰণয়ন কৰা হৈছে যদিও আজিৰ সমাজত সুৰক্ষিত নহয় প্ৰতিগৰাকী নাৰী ৷  নাৰী সুৰক্ষাৰ এই বিশেষ প্ৰসংগটোক গুৰুত্ব দি মিৰাট ITI ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে এটা ইলেক্ট্ৰনিক ডিভাইচ নিৰ্মাণ কৰি উলিয়াইছে ৷ এই ডিভাইছটোৰ সহায়ত মহিলাৰ বিৰুদ্ধে সংঘটিত যিকোনো অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব ।

এই ডিভাইচটোৰ নাম হৈছে Woman Safety Device ৷ এই Woman Safety Device টোৰ দ্বাৰা সম্ভাব্য নিৰ্যাতনৰ মুখামুখী হ’লেই মহিলাসকলে দুষ্কৃতিকাৰীক বিদ্যুৎস্পৃষ্ট কৰি তুলিব ডিভাইচটো নিৰ্মাণৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীসকলে দাবী কৰা অনুসৰি, যুৱতী তথা মহিলাসকলে ইয়াক পিন্ধি নিৰ্ভয়ে ঘৰৰ পৰা ওলাই যাব পাৰিব । টেম্পাৰিং হ’লেই ডিভাইচটোৱে হাই ভল্টেজ বিদ্যুৎ উৎপন্ন কৰিব আৰু দুষ্কৃতিকাৰীক প্ৰবল বৈদ্যুতিক শ্বক দিব ।

লক্ষ্যণীয় যে, ITI ৰ ইলেক্ট্ৰনিক মেকানিকৰ ছাত্ৰ আয়ুষ আৰু অদিতিয়ে নিৰ্মাণ কৰিছে Woman Safety Device নামৰ এই বিশেষ ডিভাইচটো । অৱশ্যে ইয়াক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ আন বহুকেইগৰাকী সহপাঠীয়েও সহযোগিতা আগবঢ়াইছে । প্ৰায় এমাহৰ কঠোৰ পৰিশ্ৰমৰ অন্তত নিৰ্মাণ হৈ উঠিছে এই ডিভাইচটো । ডিভাইচটো মহিলাৰ চেণ্ডেলত সংলগ্ন কৰা হৈছে ।

লগতে পঢ়ক- উদঙীয়া গৰু আৰু বান্দৰৰ বিৰুদ্ধে কৃষকসকলে জনমত গঠন কৰক

ডিভাইচটো নিৰ্মাণৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীসকলৰ মতে, মহিলাক নিৰ্যাতন মূহূৰ্তত ডিভাইচটোৰ চুইচ অন কৰাৰ লগে লগেই 400 কেভিৰ বিদ্যুৎ এৰি দিব । ইলেক্ট্ৰনিক মেকানিকৰ ছাত্ৰ আয়ুষে জনোৱা মতে, এই ডিভাইচটো মহিলাসকলৰ চেণ্ডেলত ইমান নিখুটকৈ ফিট কৰা হৈছে যে তাৰ বিষয়ে কোনেও জানিব নোৱাৰে । বহুকেইটা ইলেক্ট্ৰনিক উপাদান স্থাপন কৰি বেটাৰীৰ জৰিয়তে তাত বিদ্যুৎ সংলগ্ন কৰি দিয়া হৈছে । তাৰোপৰি ই এটা অতি শক্তিশালী ডিভাইচ ।

ITI খনৰ সমন্বয়কগৰাকীয়ে কয় যে  এই যন্ত্ৰটো অধিক ফলপ্ৰসূ কৰিবলৈ অধ্যক্ষই নিৰ্দেশনাও দিছে । এতিয়া ইয়াৰ বাবে জোতা নিৰ্মাণ কোম্পানীৰ সৈতে যোগাযোগ কৰা হ’ব । বৰ্তমান এই ডিভাইচটোৰ বহু শলাগ লোৱাৰ লগতে নিৰ্মাণত জড়িত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশংসা কৰাও পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক- গৰুৰ বাবেই ৫০ বছৰ পিছুৱাই আছে অসমৰ কৃষিখণ্ড!

English Summary: Woman Safety Device
Published on: 08 October 2022, 10:08 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now