1. News

Millet Market : মিলেট শস্যসমূহ বিক্ৰিৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ কৃষি বিভাগে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
মিলেট শস্যসমূহ কৃষকে ক'ত বিক্ৰি কৰিব?
মিলেট শস্যসমূহ কৃষকে ক'ত বিক্ৰি কৰিব?

সম্প্ৰতি দেশত চলি আছে আন্তর্জাতিক মিলেট বৰ্ষ ২০২৩। ভাৰতবৰ্ষৰ পৰা হেৰাই যাব ধৰা সম্ভাৱনাপূৰ্ণ খেতিবিধৰ কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত পুনৰ কৃষক ৰাইজে নতুন ৰূপত আদৰি লৈছে। আৰু দেশৰ প্ৰায় ৩০ শতাংশ কৃষকে এই খেতি আৰম্ভ কৰিছে। সমগ্ৰ দেশৰ কৃষকৰ লগতে আন্তর্জাতিক মিলেট বৰ্ষৰ প্ৰতি সন্মান জনাই, ৰাজ্যৰ কৃষি বিভাগত তত্ত্বাৱধানত অসমতো এইবাৰ বহু কৃষকে আৰম্ভ কৰিছে মিলেট অৰ্থাত বাজৰাৰ বিভিন্ন জাতৰ খেতি।

সম্প্ৰতি বহু কৃষকে মিলেট খেতি চপাইছে, বহু কৃষকৰ মিলেট এতিয়াও পথাৰত আছে। জানিব পৰা মতে, যিসকল কৃষকে এই মিলেট খেতি কৰিছে অধিকাংশই ভাল ফল পোৱাৰ আশংকা কৰিছে। আৰু পৰৱৰ্তী বৰ্ষত পূনৰ অধিক মাটিত ন উদ্যমেৰে খেতি কৰাৰ সংকল্প লৈছে। কিন্তু এইখিনিতে এটা সমস্যা আহি পৰিছে কৃষকসকলৰ মাজত।

পূৰ্বতে মিলেট খেতি, মিলেট কিদৰে খায়, মিলেটৰ খাদ্যৰ লাভালাভ আদিৰ বিষয়ে আমাৰ পূৰ্ব পুৰুষে জানিছিল যদিও বৰ্তমান সময়ৰ অধিকাংশই নাজানে। যাৰ ফলত যিসকল কৃষকে এই খেতি কৰিছে নিজৰ ভাগলৈ থোৱাৰ বাহিৰে ৰাহি হোৱা মিলেটসমূহ ক’ত কেনেকৈ বিক্ৰি কৰিব সেই বিষয়ে নাজানে। চৰকাৰেও মিলেট খেতি কৰিবলৈ প্ৰচাৰ চলাই কৃষকসকলক এই খেতিৰ বিষয়ে উৎসাহ জনাইছিল। কিন্তু খেতি-পথাৰত উৎপাদিত মিলেট শস্যসমূহ কত, কেনেকৈ বিক্ৰি কৰিব বা মিলেটৰ বজাৰখনৰ বিষয়ে চৰকাৰে এতিয়ালৈকে চকুত লগাকৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। কাৰণ আন শস্য সমূহৰ দৰে মিলেটৰ বজাৰখন বৰ্তমান অসমত নাই।

লগতে পঢ়ক- 

প্ৰসংগ : মৰাণ-নাহৰকটীয়া পথ সম্প্ৰসাৰণৰ নামত কাটিবলগীয়া ২,৫৫৩ জোপা গছ

কমকে খেতি কৰাসকলৰ বৰ এটা অসুবিধা নাই ঘৰতে খাব! বাকী যিসকলে অধিক পৰিমাণে এই খেতি কৰিছে তেওঁলোকে কি কৰিব। এই সন্দৰ্ভত আমি কেইবাজনো মিলেট খেতিয়কৰ লগত কথা পাতিছিলো। তেওঁলোকেও এই বিষয়ে নাজানে! এক কেজি মিলেটৰ দাম কিমান! এই বিষয়ে নাজানে! এজন কৃষকে জানিবলৈ দিয়া মতে, যোৱা বছৰ কোনোবা ওচৰৰ গাঁৱৰ এজন কৃষকে বজাৰত ১০০ টকা কেজিকৈ বিক্ৰি কৰিছিল।

এই সন্দৰ্ভত সংবাদ মাধ্যমক ইটাখুলি অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীৰ পৰিচালন সঞ্চালক সুশীল শইকীয়া জানিবলৈ দিয়া অনুসৰি, এয়া অতি লাভজনক আৰু চাহিদা থকা খেতি, অনলাইন বজাৰত ইয়াৰ প্ৰতি কিলোগ্ৰামত প্ৰায় ৪০০ টকা। গতিকে বজাৰৰ কাৰণে কোনো চিন্তাৰ প্ৰয়োজন নাই।

তেওঁ কয়- আগন্তুক দিনসমূহত বিদ্যালয়সমূহত মধ্যহ্ন ভোজনত মিলেট যোগান ধৰাৰ পৰিকল্পনা কৰা হৈছে। সেই হেতুকে এইবাৰ খেতিৰ সকলো কণী ধান আমাৰ কোম্পানীয়ে ক্ৰয় কৰি বীজ হিচাপে ৰাইজক কৃষকসকলক সহায় কৰাৰ স্বাৰ্থত বিক্ৰি কৰিব। সুশীল শইকীয়াই কয় অতিশীৰ্ঘেই এই কণীধান ফুটুৱাৰ উন্নত যন্ত্ৰও তিনিচুকীয়াত উপলব্ধ হ’ব।

লগতে পঢ়ক- 

চৰাইদেউত কৃষি যান্ত্ৰিকীকৰণৰ উপ-মিছনৰ অধিনত কৃষিযন্ত্ৰ বিতৰণ

 

English Summary: Where will farmers sell their field produced millet?

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.