Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 July, 2022 11:48 AM IST
FPO Benefit for farmers

কৃষক উৎপাদক সংস্থা হৈছে শস্য কৰ্মভিত্তিক প্ৰাথমিক উৎপাদনকৰ্তাৰ কিছুমান গোটৰ সমষ্টি যেনে – কৃষক, দুগ্ধ উৎপাদনকাৰী, মাছুৱৈ, শিপিনী, গ্ৰাম্য কাৰিকৰ, বা শিল্পকাৰ আদিৰে গঠিত এক ন্যায়িক সামূহিক গোট৷ কৃষক উৎপাদক সংস্থা হব পাৰে এক উৎপাদনকাৰী কোম্পেনী, এক সমবায় সমিতি অথবা ইয়াৰ সদস্যসকলক সুফল/লাভালাভ প্ৰদান কৰা অন্যান্য যিকোনো এক ন্যায়িক ৰূপ৷ এফ পি অ’ৰ মূল লক্ষ্য হৈছে উৎপাদনকাৰীক তেওঁলোকৰ নিজা সংস্থাৰ জড়িয়তে অধিক উপাৰ্জন প্ৰদান কৰা৷ এই এফ পি অ’ৰ যোগেদি কৃষকে বজাৰত অধিক দৰদাম কৰিব পৰা ক্ষমতা পায় আৰু উৎপাদনৰ সমল বা উৎপাদিত সামগ্ৰী পায়কাৰী ভাৱে ক্ৰয়-বিক্ৰয় কৰিব পাৰে৷

এটা এফ পি অ’ৰ থাকিব লগীয়া বৈশিষ্ট্যসমুহ হ’ল –

(ক) ই কৃষিকৰ্ম আৰু ইয়াৰ আনুসংগিক আন কাম-কাজত জড়িত উৎপাদনকাৰীৰ গোটৰ সমষ্টি দ্বাৰা গঠিত এক সংস্থা৷

(খ) ই এটা পঞ্জীয়নকৃত গোট আৰু এক ন্যায়িক সংস্থা৷

(গ) প্ৰাথমিক উৎপাদন / উৎপাদিত সামগ্ৰীসমূহৰ স’তে সংস্থাই ব্যৱসায়িক কাম কাজত মনোনিবেশ কৰিব৷

(ঘ) ই উৎপাদক সকলৰ লাভৰ অৰ্থে কাম কৰিব৷

(ঙ) লাভৰ এটা অংশ উৎপাদনকাৰী সকলৰ মাজত ভাগ হব৷

(চ) বাকী থকা অংশ ফাণ্ড হিচাপে জমা থাকিব, যাতে তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰিব পাৰি৷

এফ পি অ’ উৎপাদনকৰ্তাৰ বাবে, উৎপাদনকৰ্তাৰ দ্বাৰা গঠিত উৎপাদনকৰ্তাৰ এক সংস্থা৷ আনহাতে, যিকোনো কৃষিসম্পৰ্কীয় উৎপাদনৰ সৈতে জড়িত ব্যক্তিবিশেষ বা প্ৰতিষ্ঠানেই এফ পি অ’ গঠন কৰিব পাৰে৷ কোনো ব্যক্তি বিশেষ অথবা প্ৰতিষ্ঠানে তেওঁলোকৰ নিজা উৎসৰ দ্বাৰা বা উৎপাদনকৰ্তাৰ আৰ্থ-সামাজিক উন্নয়নৰ লক্ষ্যৰেও এফ পি অ’ গঠন কৰিব পাৰে৷

এই এফ পি অ’ (FPO) গঠন আৰু সুচাৰুৰূপে পৰিচালনাৰ বাবে উৎপাদনকৰ্তাৰ সংস্থাৰ উন্নীতকৰণ প্ৰতিষ্ঠান (প্ৰমোটিং ইনষ্টিটিউছন) ক NABARD, SFAC, চৰকাৰী দপ্তৰ, কৰ্পৰেট আৰু আন্তঃৰাষ্ট্ৰীয় এজেন্সী আদিয়ে বিত্তীয় সাহাৰ্য্যৰ উপৰিও কাৰিকৰীগত সহায় আগবঢ়ায়৷ উক্ত সমৰ্থন বা সাহাৰ্য্য প্ৰদানৰ বাবে প্ৰত্যেক এজেঞ্চিয়ে নিজা প্ৰকল্প/উন্নীতকৰণ প্ৰতিষ্ঠান বাচনি কৰি লয়৷

এই এফপিঅ’ বা এফপিচিৰ পঞ্জীয়ন বাধ্যতামুলক৷ কেৱল পঞ্জীয়নকৃত সংস্থাই প্ৰমোট কৰা এফপিচিয়েহে ন্যায়িকভাৱে কোনো ঠিকাৰ কাম কৰিব পাৰে বা আন প্ৰতিষ্ঠানৰ পৰা ফাণ্ড সংগ্ৰহ কৰিব পাৰে৷ পঞ্জীয়নৰ ক্ষেত্ৰত এফ পি অ’ৰ বাবে কিছুমান আইন আছে৷ যেনে –

(ক) এই এফ পি অ’ত এফ পি চিৰ জড়িয়তে উৎপাদনৰ পৰা প্ৰাথমিক উৎপাদনকৰ্তাই লাভালাভ পাব৷

(খ) ইয়াৰ ব্যৱসায়িক প্ৰয়োজনীয়তা, সংস্থাগত গুৰুত্ব, সামাজিক মূলধন আৰু ব্যৱস্থাপনাৰ ক্ষমতা আদি বিষয়ৰ স’তে সংস্থাৰ বৈধ ৰূপ খাপ খাব লাগিব৷

এই এফ পি অ’ সমূহে কেঁচামাল উৎপাদন কৰাৰ পৰা উৎপাদিত সামগ্ৰী মূল্য নিৰ্দ্ধাৰণ কৰালৈকে সকলো কাম কৰাৰ উপৰিও সামগ্ৰীসমূহ প্ৰকৃত উপভোক্তাৰ হাতত প্ৰদান কৰাৰো দায়িত্ব লয়৷ চমুকৈ এই কাৰ্য্যপ্ৰণালীসমূহ এনেধৰণৰ –

(ক) উৎপাদন সংগ্ৰহকৰণ;

(খ) বজাৰ তথ্য প্ৰচাৰ;

(গ) প্ৰযুক্তি আৰু উদ্ভাৱনৰ প্ৰসাৰ;

(ঘ) উৎপাদনৰ বাবে বিত্তীয় সাহাৰ্য্য প্ৰদান;

(ঙ) উৎপাদনৰ প্ৰাথমিক প্ৰস্তুতকৰণ, যেনে – পৰিস্কাৰ কৰা, শুকুওৱা আৰু গুড়ি কৰা;

(চ) ব্ৰেণ্ড প্ৰস্তুত, পেকেজিং, লেবেলিং আৰু মান উন্নীতকৰণ;

(ছ) মান নিয়ন্ত্ৰণ;

(ঝ) সংস্থাগত ক্ৰেতাক বিপনন সুবিধা;

(ঞ) পণ্যদ্ৰব্য বিনিময়ত অংশগ্ৰহণ;

(ট) ৰপ্তানি৷

আনহাতে এটা এফ পি অ’ই ইয়াৰ সদস্য সকলক আগত উল্লেখ কৰা ধৰণেই এফ পি চি বনোৱাত সহায় কৰিব পাৰে৷ আৰু এই এফ পি চি ৰ এখন ন্যায়িক পৰিচালনা পৰিষদ বা বৰ্ড অৱ ডাইৰেক্টৰ থাকিব৷ এই বৰ্ড অৱ ডাইৰেক্টৰ সকলৰ পৰিচালনা কৰিবৰ কাৰণে এজন মূখ্য কাৰ্য্যবাহী বিষয়া বা CEO থাকিব৷ এই CEO জন ব্যৱসায়িক ক্ষেত্ৰত অলপ অভিজ্ঞ হোৱাটো প্ৰয়োজনীয়৷ উৎপাদনৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এফ পি অ’ই পাইকাৰী হাৰত উৎপাদিত সামগ্ৰী ক্ৰয় কৰে৷ পাইকাৰী হাৰত উৎপাদন সামগ্ৰী ক্ৰয় কৰিলে পৰিবহন ব্যয় কমি যায়৷ ইয়াৰ ফলত উৎপাদনৰ সামগ্ৰিক ব্যয় হ্ৰাস পায়৷ এইদৰে, এফ পি অ’ সমূহে সকলো সদস্যৰে উৎপাদিত সামগ্ৰীসমূহ সংগ্ৰহ কৰি একেলগে বজাৰলৈ নিব পাৰে, আৰু পাইকাৰী হাৰত বিক্ৰি কৰে৷ ফলত উৎপাদিত সামগ্ৰীসমূহে প্ৰতি ইউনিটত প্ৰয়োজনীয় মূল্য লাভ কৰে৷ আনহাতে, এফ পি অ’ সমূহে উৎপাদনকাৰীসকলক বজাৰৰ সামগ্ৰিক তথ্য প্ৰদান কৰে আৰু ফলস্বৰূপে সামগ্ৰীৰ উপযুক্ত বজাৰ দাম নোপোৱালৈকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰিৰ বাবে উলিয়াই নিদি সংৰক্ষণ কৰি ৰাখিব পাৰে৷ এই সকলোবোৰ প্ৰক্ৰিয়াই প্ৰাথমিক উৎপাদনত অধিক আয় প্ৰদান কৰাত সহায় কৰে৷

এফ পি অ' গঠন কৰিলে হােৱা লাভ : 

ক) একে উদ্দেশ্যৰ কৃষক গােটৰ অংশ হিচাপে কৃষক সকলে অধিক প্রতিযােগিতামূলক মূল্যত কৃষিজাত সামগ্রী

বেছা-কিনা কৰিব পৰাকৈ দৰ-দাম কৰাৰ অধিক সক্ষমতা লাভ কৰিব।

খ) উন্নততৰ বিপণন সুবিধাৰ বাবে কৃষিজাত সামগ্রী গােটোৱাৰ সুবিধা। সৰহ পৰিমাণত কৰা লেন-দেনে কৃষকসকলক, প্রক্রিয়াকৰণ, সংৰক্ষণ বা পৰিবহন আদিৰ বাবে হােৱা ব্যয়ৰ ক্ষেত্ৰত অধিক ৰাহি কৰাৰ সুবিধা প্রদান কৰে।

গ) এফপিঅ' সমূহে, মূল্য সংযােজনৰ বাবে নির্বাচিতকৰণ/গ্রেডিং, পেকেজিং, প্রাথমিক প্রক্রিয়াকৰণ আদিৰ দৰে ব্যৱস্থা অৱলম্বন কৰি অধিক মূল্য লাভ কৰাৰ ব্যৱস্থা হাতত ল'ব পাৰে।

ঘ) এফপিঅ' গঠনৰ দ্বাৰা চপােৱাৰ আগতে আৰু পিছত নানা আন্তঃগাঁথনিমূলক সুবিধা যেনে সেউজগৃহ, কৃষি যান্ত্রিকীকৰণ, শীতলভঁৰাল, কৃষি-প্রক্রিয়াকৰণ আদিৰ সুবিধা ব্যৱহাৰ কৰাত সহজ হয়।

ঙ) এফপিঅ' সমূহে নিজৰ ব্যৱসায় প্রসাৰিত কৰিবৰ বাবে ইনপুট সামগ্ৰীৰ দোকান, কাষ্টম কেন্দ্র আদি খুলিব পাৰে, য'ত কৃষক সদস্যসকলে ৰাজ-সাহায্যযুক্ত মূল্যত ইনপুট আৰু সেৱা লাভ কৰিব পাৰিব।

কৃষকসকলে কিদৰে এফপিঅ'ত যােগ দিব :

 কেবাজনাে কৃষক একেলগ হৈ, যি প্ৰকৃততে কৃষিজাত সামগ্ৰীৰ উৎপাদনৰ সতে জড়িত আৰু কৃষি-বিপণন সংক্রান্তীয় দিশত অংশ লােৱাৰ ক্ষেত্ৰত আগ্রহী, তেনে উমৈহতীয়া উদ্দেশ্যৰ কৃষক লগ হৈ, একোখন গাঁৱত বা কেবাখনাে গাঁৱৰ মাজত একোটা গােট খুলি সংশ্লিষ্ট কোম্পানী অধিনিয়মৰ আওঁতাত, কৃষক উৎপাদক কোম্পানী হিচাপে পঞ্জীয়নৰ বাবে আবেদন কৰিব পাৰে।

এফপিঅ'ৰ বাবে আবেদন জনাবলৈ যােগাযােগৰ তথ্য

সচৰাচৰ এফপিঅ'সমূহ, কৃষি বিভাগ, সমবায় আৰু কৃষক কল্যাণ বিভাগ আদিৰ দ্বাৰা ৰাজ্যসমূহত পৰিচালিত কেন্দ্রীয় সাহায্যপ্রাপ্ত আঁচনিৰ অধীনত খােলাৰ ব্যৱস্থা আছে। আগ্রহী কৃষকসকলে এই সংক্রান্তত সংশ্লিষ্ট বিভাগৰ সঞ্চালক বা ক্ষুদ্র কৃষকৰ কৃষি-বিপণন কনছর্টিয়ান আদিৰ সতে বিশদ

তথ্যৰ বাবে যােগাযােগ কৰিব পাৰে। (ই-মেইল - sfac@nic.in)

English Summary: What is FPO and how farmer's benefitted from it all details inside
Published on: 17 July 2022, 11:48 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now