Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 July, 2023 6:33 PM IST
Training on organic farming, organized by ASOCA at Khanapara

বুধবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ চৌহদত অৱস্থিত কৃষক প্ৰশিক্ষণ কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ  PGS-India ৰ জৈৱিক প্ৰমাণিকৰণ কাৰ্যসূচীৰ অধীনত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণ (ASOCA) ৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় জৈৱিক আৰু প্ৰাকৃতিক কৃষিকেন্দ্ৰ(NCONF),গাজিয়াবাদৰ সহযোগত জৈৱিক প্ৰমাণিকৰণৰ সন্দৰ্ভত এদিনীয়া প্ৰশিক্ষণ  অনুষ্ঠিত হয় ৷ এই কাৰ্যসূচীৰ কাৰিকৰী প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থাকে NCONF ৰ বিশিষ্ট বিজ্ঞানী শ্ৰীনিৱাসামূ্ৰ্ত্তি আৰ. ।

প্ৰশিক্ষণত অংশগ্ৰহণ কৰি  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকক উদ্দেশ্যি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডা: আশীষ কুমাৰ ভূটানীয়ে কয় যে, PGS-India কাৰ্যসূচীৰ অধীনত নিৰ্দিষ্ট কৰি দিয়া বিভিন্ন নীতি-নিয়মসমূহ মানি চলি  কৃষকসকল আগবাঢ়ি আহিলে তেওঁলোকৰদ্বাৰা উৎপাদিত জৈৱিক কৃষিজাত সামগ্ৰীসমূহৰ জৈৱিক প্ৰমাণপত্ৰ লাভৰ জৰিয়তে  আৰ্থিকভাবে অধিক লাভৱান হোৱাৰ সুযোগ লাভ কৰিব৷ 

লগতে পঢ়ক- 

অভিলাষী আঁচনি ‘স্বনিৰ্ভৰ নাৰী’ত নাম পঞ্জীয়নৰ দিন ৩১ জুলাইলৈ বৃদ্ধি

ভাষণ প্ৰসংগত কৃষি উৎপাদন আয়ুক্তগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে, অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণে  (ASOCA) জৈৱিক কৃষিজাত সামগ্ৰীৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ বেলিকা আঞ্চলিক পৰিষদ (Regional Council) হিচাপে স্বীকৃতি লাভ কৰাৰ ফলত আমাৰ ৰাজ্যৰ কৃষকসকলে জৈৱিক কৃষিৰ প্ৰমাণপত্ৰ লাভ কৰাতো অধিক সহজভল্য আৰু সৰলীকৃত হ'ব ৷ লগতে তেখেতে প্ৰশিক্ষণত অংশগ্ৰহণ কৰা কৃষকসকলক  এই প্ৰশিক্ষণৰ সাৰমৰ্ম তেওঁলোকৰ নিজ নিজ অঞ্চলৰ অন্য কৃষকৰ মাজত প্ৰচাৰ কৰিবলৈ আহ্বান জনায় যাতে বজাৰ দখলৰ ক্ষেত্ৰত মধ্যভোগীৰ অন্ত পৰে আৰু কৃষকৰ আয় বৃদ্ধি ঘটে ৷

অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ উদ্যোগত আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীত অসম চৰকাৰৰ উদ্যান শস্য সঞ্চালক শ্ৰী ত্ৰিৰংগ ভাৰতীয় বৰা, অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ (ASOCA) সঞ্চালক শ্ৰী মৌচম হাজৰিকা, উপ সঞ্চালক ড° জিতেন কুমাৰ দাস প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক- 

Indian Bean : আগষ্ট-ছেপ্তেম্বৰতে কেনেকৈ কৰিব ওৰহীৰ খেতি !

English Summary: Training on promotion of organic farming organized by ASOCA at Khanapara
Published on: 12 July 2023, 06:33 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now