অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আজি "One Day State Level Refresher Training on Digital Crop Survey & Farmers’ Registry" শীৰ্ষক এদিনীয়া ৰাজ্যিক পৰ্যায়ৰ ৰিফ্ৰেছাৰ প্ৰশিক্ষণ শিবিৰ গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু’ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। কৃষি সঞ্চালক ভাস্কৰ পেগুৱে এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি কয়- এই প্ৰশিক্ষণ শিবিৰৰ মূল উদ্দেশ্য ডিজিটেল ক্রপ ছাৰ্ভে (DCS) আৰু কৃষক পঞ্জীয়ন (Farmers’ Registry) সম্পৰ্কে কৃষি বিভাগৰ বিভিন্ন স্তৰৰ বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক সক্ষম কৰি তোলা। লগতে অসমৰ কৃষিক্ষেত্ৰত ডিজিটেল পদ্ধতি প্ৰয়োগ কৰি তথ্যৰ সঠিক সংৰক্ষণ, কৃষকৰ নিৰ্দিষ্ট পৰিচয় প্ৰদান, আৰু আধুনিক কৃষি ব্যৱস্থাপনা গঢ়ি তোলা ৷
কৃষি বিভাগৰ সঞ্চালক গৰাকীয়ে এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা বিষয়াসকলক ডিজিটেল ছাৰ্ভেৰ সঠিক প্ৰয়োগ আৰু কৃষকসকলৰ তথ্য সুৰক্ষিতভাৱে সংগ্ৰহ কৰাৰ দিশত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। অসম চৰকাৰে কৃষিক্ষেত্ৰক ডিজিটেল যুগলৈ লৈ যোৱাৰ এই প্ৰয়াসৰ জৰিয়তে কৃষকৰ বিকাশ তথা অসমৰ কৃষি ব্যৱস্থাৰ দীৰ্ঘম্যাদী উন্নয়ন হ’ব বুলি তেখেতে আশা প্ৰকাশ কৰে ৷ উল্লেখ্য যে ১ ফেব্ৰুৱাৰী ২০২৫ৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত ৰবিশস্য ২০২৪-২০২৫ বৰ্ষৰ বাবে ডিজিটেল ক্রপ ছাৰ্ভে (DCS) আৰম্ভ কৰা হ'ব। কৃষকৰ বাবে পৰিচয় পঞ্জীয়ন, প্ৰত্যেক কৃষকৰ নিজস্ব 'ID' নম্বৰ প্ৰদান কৰি তথ্য সংগ্ৰহ,ভূমিৰ খতিয়ান, চৰকাৰী সহায়ৰ সুবিধা নিশ্চিত কৰাই এই জৰীপৰ মূখ্য উদ্দেশ্য ৷
লগতে আজিৰ এই প্ৰশিক্ষণ শিবিৰত বিভাগীয় সমল ব্যক্তিসকলে ডিজিটেল ছাৰ্ভেৰ জৰিয়তে কৃষকৰ তথ্য সংগ্ৰহ, কৃষি নীতি প্ৰণয়ন ইত্যাদি বিষয় সম্পৰ্কে বিশদভাৱে অংশদভাৱবে ব্যাখ্যা আগবঢ়াই ৷ অসম চৰকাৰে ৰাজ্যৰ কৃষিক্ষেত্ৰত ডিজিটেল প্রযুক্তিৰ সংযোজনৰ জৰিয়তে কৃষিখণ্ডত নতুন দিগন্তৰ সূচনা কৰাৰ লক্ষ্যৰে আয়োজিত হোৱা আজিৰ এই সভাত কৃষি বিভাগৰ লগতে জিলা আৰু ৰাজহ চক্ৰ স্তৰৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।
লগতে পঢ়ক-
Share your comments