শোণিতপুৰ জিলা কৃষি কাৰ্যালয়ৰ অধীনত টেক্টৰ আৰু আনুষাংগিক যন্ত্ৰ-পাতি বিতৰণ। SMAM ২০২১-২২ আচঁনিৰ VLFMB (Village level farm Machinery Bank) ৰ অধীনত জিলাখনৰ কৃষকসকলৰ বাবে বিতৰণ কৰা হৈছে এই ট্ৰেক্টৰসমূহ। লগতে ৰাষ্ট্রীয় খাদ্য সুৰক্ষা অভিযান (NFSM ) আঁচনিৰ অধীনত জিলাখনৰ কৃষকৰ মাজত বিতৰণ কৰা হয় Power Tiller। লগতে পঢ়ক- আৱিস্কাৰ হ’ল বিশ্বৰ প্ৰথম জিন থেৰাপী, কিন্তু দুখীয়া আৰু মধ্যবিত্তই ল'ব নোৱাৰিব এই ভেকচিন তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই কৃষকসকলৰ মাজত বিতৰণ কৰে এই টেক্টৰ আৰু পাৱাৰটিলাসমূহ। অনুষ্ঠানটোত শোণিতপুৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, জিলা কৃষি বিষয়া পংকজ শইকীয়া, কাৰ্যবাহী অভিযন্তা প্ৰসন্নজিৎ শইকীয়াই, সহকাৰী অভিযন্তা ভূপেন বৰুৱাৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে৷ লগতে পঢ়ক- পলিহাউচ খেতি কি ? আপোনাক এই প্ৰৱন্ধত জনাম পলিহাউচ খেতিৰ A to Z English Summary: Tractors distributed among farmers in Sonitpur Published on: 26 November 2022, 02:19 IST