
আপোনালোকে দেশত কোটিপতি কৃষক আছে বুলি কেতিয়াবা ভাবে নে! আমাৰ দেশত দৈনিক কৃষকে আত্মহত্যা কৰে গতিকে আমাৰ এটা ধাৰণাই হৈ গৈছে কৃষক মানেই দৰিদ্ৰ, শোষিত! হয় আপুনি মই ভবাৰ দৰেই দেশৰ কৃষি বৃত্তিৰ লগত জড়িত অধিকাংশ লোকেই দুখিয়া, দৰিদ্ৰ কিন্তু ইয়াৰ বিপৰীতে আপুনি মই নজনাকৈ দেশত কৃষি বৃত্তিৰে জড়িত কোটিপতি কৃষকো আছে।
দেশৰ এই কোটিপতি কৃষকসকলক চিনাক্ত কৰি, দেশত যে কৃষিখণ্ডৰে জড়িত হৈ বহু কৃষকে এক স্বচ্চল জীৱন যাপন কৰি আছে। তাৰ এখন ছবি দাঙি ধৰিবলৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপে আয়োজন কৰিছে MFOI অৰ্থাত ভাৰতৰ মিলিয়নাৰ কৃষক নামৰ এক কৃষক বঁটা।
ইয়াৰ দ্বাৰা কৃষি জাগৰণ মিডিয়া গ্ৰুপে এইটো প্ৰকাশ কৰিব বিচাৰিছে যে কৃষিৰে জড়িত হৈয়ো এজন কৃষক কোটিপতি হ’ব পাৰে। কৃষিৰ প্ৰতি মানুহৰ পৰম্পৰাগত ধাৰণাটো সলনি কৰি কৃষি খণ্ডত লুকাই থকা সম্ভাৱনাসমূহক লোকচক্ষুৰ সন্মুখত তুলি ধৰিবলৈ ৬,৭ আৰু ৮ ডিচেম্বৰত ৰাজধানী দিল্লীত আয়োজন কৰা হৈছে ভাৰতৰ মিলিয়নাৰ কৃষক বঁটা অনুষ্ঠান।
অনুষ্ঠানটোত কৃষিখণ্ডৰে জড়িত বিভিন্ন শিতানত এই বঁটা প্ৰদান কৰা হ’ব। আপুনিয়ো যদি কৰ্মৰে বছৰি ১০ লাখৰো অধিক উপাৰ্জন কৰে । তেতিয়া আপুনিও এই বঁটাৰ বাবে আবেদন কৰিব পাৰিব। নাম আবেদনৰ বাবে এই https://millionairefarmer.in/ লিংকটোত ক্লিক কৰিব। অধিক জানিবৰ বাবে 98913-34425, 98917-24466 যোগাযোগ কৰিব পাৰে।
লগতে পঢ়ক-
Share your comments