
৩ দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা দিল্লীৰ আইচিআৰ পুছা গ্ৰাউণ্ডত মিলিয়নাৰ ফাৰ্মাৰ অফ ইন্দিয়া এৱাৰ্ড ২০২৩। কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ উদ্যোগত মহিন্দা টেক্টৰছৰ পৃষ্ঠপোষকতাত আয়োজন কৰা হৈছে অনুষ্ঠানটোৰ। দেশ-বিদেশৰ কৃষক, পশুপালকৰ লগতে বঁটা প্ৰদান অনুষ্ঠানটোত উপস্থিত হৈছেহি কৃষিখণ্ডৰে জড়িত বিভিন্ন উদ্যোগপতি, ব্যৱসায়ী আৰু দেশৰ কৃষি বিভাগৰ লগত জড়িত বিভিন্ন ব্যক্তি। কৃষিক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কৃষক, কৃষকগোষ্ঠী, কৃষি উদ্যোগীসকলক সন্মান জনোৱা হ’ব এই অনুষ্ঠানত। লগতে ক্ৰেতা-বিক্ৰেতাসকলৰ মাজত মত-বিনিময় অনুষ্ঠানো সম্পন্ন হ’ব। আৰু বিভিন্ন বিষয়ত কৃষক আৰু কৃষিখণ্ডকলৈ আলোচনা চক্ৰও অনুষ্ঠিত হ’ব।

কৃষক, কৃষিৰে জড়িত ব্যক্তিসকলৰ লগতে পুৱাৰে মহিন্দা টেক্টৰছ বেণ্ডৰ প্ৰদৰ্শনী তথা বিপনী, জৈৱিক সাৰ তথা কীটনাশক সামগ্ৰীৰ বিপনী, বিভিন্ন বেণ্ডৰ কৃষি সঁজুলিৰ বিপনী, বীজ ভাণ্ডাৰ বিপনী আদিৰে ভৰি পৰিছে মিলিয়নাৰ ফাৰ্মাৰ অৱ ইণ্ডিয়া এৱাৰ্ডৰ বাকৰি।
লগতে পঢ়ক-
শ্যামকানু মহন্তৰ এটা ফেচবুক পোষ্ট আৰু তাপস চাহনিৰ এটা কমেন্ট


অনুষ্ঠানটোৰ প্ৰথম দিনৰ কাৰ্যসূচী মুকলি কৰিব গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে। উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে প্ৰাক্তন উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ এছএইছ পি সদাশিৱম, Dr US Gautam (DDG Extension, ICAR), ড০ নীলম পেটেল ( Senior Adviser, Agriculture, NITI Aayog) মহেশ কুলকানি (Head Marketing, Mahindra & Mahindra), MC Dominic প্ৰতিষ্ঠাপক, মুখ্য সম্পাদক কৃষি জাগৰণ।
লগতে পঢ়ক-
Share your comments