1. News

অসমৰ ৰাজাকুল ইছলামলৈ Millionaire Fisheries Farmer of India 2023

PANKAJ KHANIKAR
PANKAJ KHANIKAR

৩ দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা দিল্লীৰ আইচিআৰ পুছা গ্ৰাউণ্ডত মিলিয়নাৰ ফাৰ্মাৰ অফ ইন্দিয়া এৱাৰ্ড ২০২৩ অনুষ্ঠান। অনুষ্ঠানটোৰ প্ৰথম দিনৰ কাৰ্যসূচী মুকলি কৰে গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে। উদ্বোধনী অনুষ্ঠানটোত  উপস্থিত থাকে প্ৰাক্তন উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ এছএইছ পি সদাশিৱম, Dr US Gautam (DDG Extension, ICAR),  ড০ নীলম পেটেল ( Senior Adviser, Agriculture, NITI Aayog) মহেশ কুলকানি (Head Marketing, Mahindra & Mahindra), MC Dominic প্ৰতিষ্ঠাপক, মুখ্য সম্পাদক কৃষি জাগৰণ।

অনুষ্ঠানটো উদ্বোধন কৰি গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে দেশত জৈৱিক তথা প্ৰাকৃতিক খেতিৰ গুৰুত্ব বিষয়ে উল্লেখ কৰে। ভাষণত তেওঁ কেঁচুৱে কেনেদৰে কৃষকৰ বন্ধু হৈ থিয় দিয়ে তাৰ বিশ্লেষণ আগবঢ়ায়। লগতে তেওঁ কয় যে ৰাসায়নিক সাৰ ব্যৱহাৰৰ বাবে পৃথিৱীৰ পুষ্টিকৰ উপাদানসমূহ অহৰহ ক্ষয় হৈ আহিছে আৰু ইয়াৰ উৎপাদন সম্ভাৱনাও কমি আহিছে। ৰাসায়নিক সাৰ ব্যৱহাৰৰ বাবে খেতি বিষাক্ত হৈ পৰিছে বুলিও তেওঁ কয়।

বঁটা গ্ৰহণ কৰি থকা অৱস্থা্ত দেশৰ প্ৰগতিশীল কৃষক
বঁটা গ্ৰহণ কৰি থকা অৱস্থা্ত দেশৰ প্ৰগতিশীল কৃষক

ৰাসায়নিকভাৱে কৃষকসকলে কৰা খেতিৰ পৰা বিষ আহি আছে মানুহৰ খাদ্যত। যাৰ বাবে জনসাধাৰণৰ মাজত ৰোগ বৃদ্ধি পাইছে। তেওঁ কয় যে বৰ্তমান সময়ত খাদ্য ইমানেই বিষাক্ত হৈ পৰিছে যে মানুহ কেন্সাৰৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত হৈছে। তেওঁ কয় যে যদি কৃষকে নিজৰ আৰু দেশৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে তেন্তে ৰাসায়নিক খেতি এৰি আজিয়েই প্ৰাকৃতিক কৃষি গ্ৰহণ কৰিব লাগে।

বঁটা গ্ৰহণ কৰি থকা অৱস্থা্ত দেশৰ প্ৰগতিশীল কৃষক
বঁটা গ্ৰহণ কৰি থকা অৱস্থা্ত দেশৰ প্ৰগতিশীল কৃষক
অসমৰ ৰাজাকুল ইছলামলৈ Millionaire Fisheries Farmer of India 2023
অসমৰ ৰাজাকুল ইছলামলৈ Millionaire Fisheries Farmer of India 2023

উদ্বোধনী অনুষ্ঠানৰ পাছতে দেশৰ ভিন্নপ্ৰান্তৰ পৰা অহা প্ৰগতিশীল কৃষকসকলক বঁটা প্ৰদান কৰে বিশিষ্ট ব্যক্তিসকলে। উল্লেখ্য যে দেশৰ ভিন্নপ্ৰান্তৰ কৃষকৰ লগতে অসমৰো ৰাজাকুল ইছলামে ২০২৩ বৰ্ষৰ Millionaire Fisheries Farmer of India বঁটা লাভ কৰে।

লগতে পঢ়ক- 

আজিৰে পৰা দিল্লীৰ পুচা গ্ৰাউণ্ডত মিলিয়নাৰ ফাৰ্মাৰ অৱ ইণ্ডিয়া এৱাৰ্ড ২০২৩

 

English Summary: Millionaire Fisheries Farmer of India 2023 to Rajaqul Islam of Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.