Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 January, 2023 12:57 PM IST
পথৰু ঘাটৰ ৰণ ১৮৯৪

পৰাধীন ভাৰতৰ ইতিহাসত এনে বহু ঘটনা লিপিবদ্ধ হৈ আছে যিয়ে দাঙি ধৰে বহু লোকৰ সাহস, ত্যাগ আৰু দেশপ্ৰেমৰ অপূৰ্ব নিদৰ্শন। দেশৰ বিভিন্ন প্ৰান্তত বৃটিছৰ বিৰুদ্ধে যুঁজ দি আত্মবলিদান দিয়া অলেখ বীৰগাঁথাৰে ভৰি আছে অলেখ কাহিনী। বৃটিছৰ বিৰুদ্ধে এই যুঁজত অসমেও ভাগ লৈছিল অসীম বীৰত্বৰে। অত্যাচাৰ, শোষণ নিপীড়ণৰ বিৰুদ্ধে অসমৰ জনসাধাৰণে স্বাধীনতা সংগ্ৰামৰ যুঁজত ভাগ লৈছিল। এনে এক বীৰত্বৰ গাঁথা হৈছে – পথৰুঘাটৰ ৰণ।

ইষ্ট ইণ্ডিয়া কোম্পানীৰ কু-শাসনৰ বিৰুদ্ধে ঘটা এক ঐতিহাসিক কৃষক বিদ্ৰোহ ঘটিছিল দৰং জিলাত। অসমৰ দৰং জিলাত অৱস্থিত পথৰুঘাট (বৰ্তমান পাথৰিঘাট হিচাবেও পৰিচিত) নামে ঠাইত ১৮৯৪ চনত স্থানীয় কৃষক ৰাইজে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদত আয়োজন কৰা এখন প্ৰতিবাদী সভাত বৃটিছ আৰক্ষী বিষয়াই প্ৰতিবাদকাৰী কৃষকসকলক ওপৰত গুলীচালনা কৰাৰ ফলত শতাধিক কৃষক নিহত হৈছিল। পথৰুঘাটত ঘটা এই কৰুণ ঘটনাক বুৰঞ্জীত ‘পথৰুঘাটৰ ৰণ’ হিচাবে জনা যায়।

লগতে পঢ়ক- 

Cow-breeding : অসমৰ কৃষিখণ্ডৰ উন্নয়নত পৰম্পৰাগত গো-পালনৰ বাধা আৰু সমাধান

পথৰুঘাটৰ কৃষকৰ বৃটিছৰ বিৰুদ্ধে ক্ষোভ কোনো নতুন কথা নাছিল। সঘনে বৃদ্ধি কৰা খাজনাৰ পৰিমানে কৃষকক খুবেই জুৰুলা কৰিছিল। দুখীয়া কৃষকে এই খাজনাৰ ভৰ সহিব পৰা নাছিল। ফলত বৃটিছৰ বিৰুদ্ধে কৃষকৰ মাজত বিদ্ৰোহৰ জুই উমি উমি জ্বলিছিল। সঘনে কৃষকৰ মাজত অনুষ্ঠিত হৈছিল ৰাইজমেল আৰু শেষত কোনো ধৰণৰ খাজনা বৃটিছক নিদিয়াৰ সংকল্প গ্ৰহণ কৰা হৈছিল আৰু প্ৰয়োজনত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিবলৈও সাজু হৈছিল পথৰুঘাটৰ কৃষকসকল।

১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে পথৰুঘাটত খাজনা বৃদ্ধিৰ প্ৰতিবাদত এখন ৰাইজমেল বহিছিল। পথৰুঘাট অঞ্চলৰ গাওঁসমূহৰ পৰা বহু হাজাৰ ৰাইজ ওলাই আহি এই ৰাইজমেলত একগোট হৈছিল। ৰাইজ মেল চলি থাকোতেই দৰং জিলাৰ জিলাধিপতি মিষ্টাৰ এণ্ডাৰচন, আৰক্ষী অধীক্ষক মিষ্টাৰ বেৰিংটন আৰু মহকুমাধিপতি মিষ্টাৰ ৰেমিংটনো সশস্ত্ৰ বাহিনী সহিতে পথৰুঘাটত উপস্থিত হয়। ইংৰাজ বিষয়া সকলে কোনোপধ্যেই খাজনা কমোৱা নহ’ব বুলি ঘোষণা কৰাত উপস্থিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰী আৰক্ষী বাহিনীয়ে অধীক্ষক বেৰিংটনৰ আদেশমৰ্মে উপস্থিত ৰাইজৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। উপস্থিত কৃষকে হাতত থকা লাঠিৰে এই আক্ৰমণ প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছিল যদিও হঠাতে হোৱা গুলীচালনাত ১৪০ গৰাকী কৃষক থিতাতে নিহত হয় আৰু শতাধিক আহ্ত হয়। এই ঘটনাই ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন মোৰ দিয়ে। নিৰপৰাধী কৃষক ৰাইজক অতি নিৰ্মম ভাবে এনেদৰে কৰা হত্যাই বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম জোৰদাৰ কৰি তোলে। পথৰুঘাটৰ কৃষক ৰাইজৰ এই চৰম ত্যাগ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত এক অবিস্মৰণীয় অধ্যায়।

লগতে পঢ়ক- 

Malta : এজোপাত লাগে ৩০০-৪০০ টা টেঙা। গোসাঁইগাঁৱৰ কেইবাজনো কৰিছে এই খেতি...

English Summary: The forgotten peasant uprising of Assam in 1894
Published on: 28 January 2023, 12:49 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now