ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰায় অৰ্ধ শতাধিক ছাত্ৰী-ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাত। বিপনীসমূহ নানা তৰহৰ ওষধি গছ, ফল-ফুলেৰে পুলিৰে সজাই তোলা হৈছে। কিন্তু গ্ৰাহকৰ সংখ্যা লগাকৈ কম। উদ্যান শস্যৰ পুলিৰ বিপণীসমূহৰ সমান্তৰালভাৱে থলুৱা কৃষক উতপাদিত আছাৰ, জেলি আদিৰ বিপণীয়ো দেখিবলৈ পোৱা গৈছে সপ্তম অসম আন্তজাৰ্তিক কৃষি-উদ্যান শস্য মেলা-২০২২ ৰ দ্বিতীয় দিনটোত। ইয়াৰে অসমৰ কৃষি খণ্ডত জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ সন্দৰ্ভতো আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় দ্বিতীয় দিনটোত। ইফালে, অসমৰ কৃষি তথা উদ্যানশস্য খণ্ডক উজ্জীৱিত কৰা এই মেলাখন ভ্ৰমণ কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ কৃষি মন্ত্ৰী অতুল বৰাই। লগতে পঢ়ক- কৃষিমন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰা আন্তৰ্জাতিক কৃষি-উদ্যানশস্য মেলাৰ কেইখনমান আলোকচিত্ৰ
Share your comments