1. News

Dhemaji KVK : গুৱাহাটীত ৫ দিনীয়া কাৰ্যসূচীৰে আত্মনিৰ্ভৰ ধেমাজি মেলা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
গুৱাহাটীত আত্মনিৰ্ভৰ ধেমাজী মেলা
গুৱাহাটীত আত্মনিৰ্ভৰ ধেমাজী মেলা

খানাপাৰাত ৫ দিনীয়া কাৰ্যসূচীৰে আত্মনিৰ্ভৰ ধেমাজি, স্বাৱলম্বিতাৰ দিশে এখোজ মঞ্চৰ আত্মিননিৰ্ভৰ ধেমাজী মেলা। ১১ এপ্ৰিললৈক অনুষ্ঠিত হ’ব লগা এই মেলাখন  বুধবাৰে উদ্বোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই। মেলাখনত ধেমাজি জিলাৰ থলুৱা পাট-মুগা কাপোৰ, অসমীয়া সাজপাৰ, গামোচা, বিভিন্ন জনজাতীয় সাজপাৰ, পিঠা-পনা, জলপান আদিৰ লগতে বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যসম্ভাৰ উপলব্ধ হ'ব। লগতে প্ৰতিদিনাই সন্ধিয়া ধেমাজি তথা অসমৰ কেইবাজনো বিশিষ্ট শিল্পীৰ অংশগ্ৰহণেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে আত্মনিৰ্ভৰ ধেমাজি এক বিশেষ মঞ্চ। এই মঞ্চখন মন্ত্ৰী ৰণোজ পেগু, প্ৰদান বৰুৱা আৰু পেগুৰ প্ৰত্যক্ষ উদ্যোগত গঠিত এখন মঞ্চ। এই মঞ্চই ধেমাজি জিলাখনত বিভিন্ন পৰিসৰত উৎপাদক কৃষক গোট, আত্মসহায়ক গোট আৰু উদ্যোগীসকলৰ উৎপাদিত সামগ্ৰীসমূহৰ বাণিজ্যিকৰণৰ ক্ষেত্ৰত সহায় কৰি আহিছে।

আত্মনিৰ্ভৰ ধেমাজী মেলা, খানাপাৰা
আত্মনিৰ্ভৰ ধেমাজী মেলা, খানাপাৰা

এই মঞ্চৰ প্ৰথম কাৰ্যসূচী হিচাপে ২০১৮ চনতেই "ধেমাজি হাট" নামেৰে এখনি মেলা আয়োজন কৰা হৈছিল। পৰবৰ্তী সময়ত চলিত বর্ষত জানুৱাৰী মাহত মাঘবিহুৰ প্ৰাকক্ষণত ৪ দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে ধেমাজি জিলাৰ কছাৰী মৈদানত আত্মনিৰ্ভৰ ধেমাজি শীর্ষক এক বৃহৎ মেলা আয়োজন কৰা হৈছিল। উক্ত মেলাত অসমৰ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানৰ কৃষি আৰু আনুসংগিক ক্ষেত্ৰখনত প্ৰযোজিত হৈ থকা প্ৰযুক্তি সমূহ প্রদর্শন কৰা হৈছিল।

আত্মনিৰ্ভৰ ধেমাজী মেলা, খানাপাৰা
আত্মনিৰ্ভৰ ধেমাজী মেলা, খানাপাৰা

উল্লেখ্য যে জিলাখনৰ কৃষক, উৎপাদক গোট আৰু আত্মসহায়ক গোটসমূহৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে এক বজাৰ প্ৰদান কৰাৰ উদ্দশ্যই প্ৰথমবাৰৰ বাবে জিলাখনৰ বাহিৰত এনেদৰে আত্মনিৰ্ভৰ ধেমাজি মেলাখনৰ আয়োজন কৰা হৈছে। আশা কৰা হৈছে এই পদক্ষেপে বানপীড়িত ধেমাজিৰ কৃষক, উদ্যোগী, আত্মসহায়ক গোট, কৃষক উতপাদক গোটসমূহক উতসাহিত কৰিব আৰু অৰ্থনৈতিক সকাহ দিব।

লগতে পঢ়ক- 

Banned pesticides : নিষিদ্ধ কীটনাশক ব্যৱহাৰ সন্দৰ্ভত চৰাইদেউত সজাগতা সভা

English Summary: SELF INDEPENDENT DHEMAJI FAIR IN GUWAHATI

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.