Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 4 September, 2022 1:48 PM IST
চবিত্ৰ কুমাৰ বহ্ম

গাহৰি পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শণ দেখুৱাবলৈ সক্ষম হৈছে বাক্সাৰ নৱ দিহিৰাৰ চবিত্ৰ কুমাৰ ব্ৰহ্মই ৷ গাহৰি পালনেৰে বছৰি ছয় লাখ টকা উপাৰ্জন কৰে ব্ৰহ্মই ৷ ব্ৰহ্মই তেজপুৰৰ মনোজ বসুমতাৰী নামৰ এগৰাকী ব্যক্তিৰ পৰা Hampshire, Yorkshire আৰু Duroc প্ৰজাতিৰ গাহৰি আনি নিজৰ ঘৰতে গঢ়ি তুলিছে এখন ফাৰ্ম ৷

গাহৰি পালক চবিত্ৰ কুমাৰ বহ্ম

২০২০ চনৰ ডিচেম্বৰ মাহত  "Global PRC" নামেৰে নিজৰ ঘৰৰ চৌহদতে ফাৰ্ম স্থাপন কৰি গাহৰি পালন কৰিছিল ৷ প্ৰথমাৱস্থাত গাহৰিৰ গঁৰাল কম আছিল যদিও পিছলৈ ইয়াৰ সংখ্যা বৃদ্ধি কৰে ৷ ফাৰ্মখনত খাহী গাহৰি, গাহৰিৰ পোৱালি, মাইকী গাহৰি আৰু মতা গাহৰিকে ধৰি সম্প্ৰতি মুঠ ২০০ টা গাহৰি আছে। ব্ৰহ্মই খাহী গাহৰিসমূহ প্ৰতি কিলোগ্ৰামত ১৮০/-টকা বা ১৯০/-টকা দৰত বজাৰত বিক্ৰী কৰি আহিছে ।

সেইদৰে ব্ৰহ্মই এটা খাহী গাহৰি ২০ হাজাৰোধিক টকাত বিক্ৰী কৰাৰ বিপৰীতে প্ৰতিটো পোৱালি গাহৰিত ৫ হাজাৰৰ পৰা ৭ হাজাৰ টকা পৰ্যন্তত বিক্ৰী কৰি আহিছে ৷ আনহাতে ব্ৰহ্মৰ ফাৰ্মৰ পৰা বাক্সা জিলাৰ বিভিন্ন স্থানলৈ পোৱালি গাহৰি প্ৰেৰণ কৰাৰ উপৰিও চিৰাং, কোকৰাঝাৰ, ওদালগুৰি আদি জিলালৈ প্ৰেৰণ কৰি আহিছে ।

সম্প্ৰতি চবিত্ৰ কুমাৰ ব্ৰহ্মই সমগ্ৰ এলেকাত এগৰাকী আদৰ্শ গাহৰি পালক হিচাপে পৰিগণিত হোৱাৰ সময়তেই তেওঁ নিবনুৱা সকলক চাকৰিৰ পিছে পিছে ঘূৰি নুফুৰি এনেধৰণৰ পথ নিৰ্বাচন কৰি নিজকে স্বাৱলম্বী হ'বলৈ আহ্বান জনায় ।

লগতে পঢ়ক- হাজোৰ আব্দুল আৰু সীমান্তই কৰিছে বিদেশীমূলৰ শাক-পাচলিৰ খেতি

English Summary: self dependent
Published on: 04 September 2022, 12:49 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now