Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 27 October, 2022 1:06 PM IST
Rice knowledge bank

ধানখেতি সন্দৰ্ভত বিশ্বজুৰি দৈনিক ন ন গৱেষণা চলি আছে। কিন্তু এই গৱেষণাৰ ফলাফলত যি তথ্য পোৱা যায় সেইসমূহ প্ৰকৃত কৃষকৰ ওচৰত প্ৰায়ে গৈ নাপায়। ধানখেতি সন্দৰ্ভত চলি থকা এই গৱেষণাৰ পৰা যি তথ্য কৃষকে পাব লাগে সেয়া সহজে কৃষকৰ ওচৰ পাবলৈ এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেয়া হৈছে ৰাইচ নলেজ বেংক।

ধান খেতিৰ সন্দৰ্ভত সম্পাদন কৰা বিভিন্ন গৱেষণা আৰু কৃষকৰ পথাৰত গৱেষণাৰ ফচল সমূহৰ প্ৰকৃত ব্যৱহাৰৰ মাজৰ ব্যৱধান কমাই অনাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে ইণ্টাৰনেচনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউটৰ কাৰিকৰী পৰামৰ্শত , অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগীতাত অসম কৃষি বাণিজ্য আৰ গ্রাম্য ৰূপান্তকৰণ প্রকল্পৰ জৰিয়তে ৰাইচ্ নʼলেজ বেংক , অসম (আৰ কে বি, অসম) প্ৰস্তুত কৰিছে । ৰাইচ্ নʼলেজ বেংক , অসম এটা ’ডিজিটেল’ সম্প্রসাৰণ সেৱা যাৰ জৰিয়তে কৃষক, সম্প্রসাৰণ কৰ্মী আৰু ছাত্ৰ- ছাত্ৰীক ধানৰ মূল্য শৃংখলৰ বিভিন্ন কাৰ্য কলাপৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰিবলৈ চেষ্টা কৰা হৈছে|

আৰ কে বি, অসমত ধান উৎপাদনৰ লগত জড়িত বিভিন্ন কাৰিকৰী কৌশল আৰু আধুনিক কৃষি প্রযুক্তি সমুহ সন্নিবিষ্ট কৰা হৈছে | তদুপৰি আই আৰ আৰ আই (IRRI) আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ (AAU) গবেষণাৰ ফচল সমূহৰ পৰা আহৰণ কৰা বিভিন্ন তথ্য সমুহৰ ওপৰত ভিত্তি কৰি ধানৰ উৎপাদন আৰু কৃষকৰ আয় বৃদ্ধিৰ বাবে উন্নত কৃষি ব্যৱস্থাপনাৰ ওপৰত পৰামৰ্শ প্ৰদান কৰা হৈছে |

আৰ কে বি, অসমৰ জৰিয়তে মাটি চহোৱাৰ পৰা খেতি চপোৱালৈকে পৰ্যায়ক্রমে কৃষি কাৰ্য ব্যৱস্থাপনাৰ বিভিন্ন পদক্ষেপ সমুহৰ বাবে প্ৰয়োজনীয় তথ্য প্ৰদান কৰা হৈছে, লগতে ধান খেতিৰ বিভিন্ন জৈৱিক আৰু অজৈৱিক সমস্যাৰ সমুহ নিয়ন্ত্ৰণ বা ব্যৱ্স্থাপনা কৰাৰ বাবে উপযুক্ত সমাধান সূত্ৰ আগবঢ়োৱা হৈছে।

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্রকল্পৰ বিযয়ে-

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্রকল্পই অসমত জলবায়ু অনুকুল প্রযুক্তিৰ সুচনা, কৃষি সামগ্ৰীৰ বজাৰমুখীকৈ উৎপাদন কৰা, গুৰুত্বপূৰ্ণ কৃষিজাত আৰু কৃষিজাত সামগ্রীৰ মুল্য সংযোজন কৰা, কৃষি খণ্ডত বিনিয়োগৰ সুযোগ সৃষ্টি কৰা, কৃষি উদ্যোগীৰ বিকাশ আৰু বিত্তীয় সংযোগ স্থাপনত গুৰুত্ব প্রদান কৰি আহিছে | এই প্রকল্পটো বিশ্ব বেংকৰ অৰ্থ সাহাৰ্য্যত অসম গ্রাম্য আন্তঃগাথনি আৰু কৃষি সেৱা সমিতিৰ (এৰিয়াছ চোছাইটি )জৰিয়তে ৰূপায়ণ কৰা হৈছে । এৰিয়াছ চোছাইটি হ’ল এই প্রকল্পৰ সমন্বয় আৰু নিৰীক্ষণ কৰা শীৰ্ষ সংস্থা | অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগ, অসম চৰকাৰ হ’ল প্ৰকল্পৰ ৰূপায়ণকাৰী সংস্থা আৰু ইণ্টাৰনেচনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট হ’ল ধানৰ মূল্য শৃংখলৰ কাৰিকৰী পৰামৰ্শদাতা প্ৰতিষ্ঠান|

লগতে পঢ়কঃ যদি আপুনি এই সৰু কামটো কৰে, স্বামী আৰু পত্নীয়ে ৭২ হাজাৰ টকা পাব

English Summary: rice knowledge bank
Published on: 27 October 2022, 01:06 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now