 
            বহাগ মানেই সুকীয়া অনুভৱ।গছত কুঁহিপাত, নদীত ন-পানী।বহাগ অহাৰ বতৰা পাই কোমল কুঁহিপাতৰ আঁৰত বহি কুলীজনীয়ে উতনুৱা কৰে নাচনীৰ মন। আইতাৰ বৰপেৰা খুলি ৰিহাখন উলিয়াই নাচনীয়ে নাচিবলৈ সাঁজিকাচি ওলাই। এইবাৰ কুলি,কেতেকী অহাই নাই।কিন্তু ঢোলৰ গুমগুমনি উঠিলেই।কাৰণ এইবাৰ ৰজাঘৰৰ পৃষ্ঠপোষকতাত বিশ্বত জিলিকিব বাপুতিসাহোন ৰঙালী বিহু।
টীয়কটো চলিছে ১৪ এপ্ৰিলত সৰুসজাইত আয়োজন কৰা - ১১ হাজাৰ নাচনীয়ে একেলগে নাচি গ্ৰিনীজ বুক ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপৰ বাবে প্ৰস্ততি। ঢোলৰ গুমগুমনিত ৰজনজনাইছে চৌপাশ।কঁকাল ঘুৰাই নাচিছে নাচনীয়ে।
লগতে পঢ়ক-
জনীয়াত উত্তৰ-প্ৰদেশৰ ৬০ গৰাকী কৃষকৰ ৰঙালাও-তৰমুজৰ খেতি
ইপিনে হেপাঁহৰ ৰঙালী বিহুক লৈ চৰকাৰে হাতত লোৱা এনে পদক্ষেপক একেমুখে প্ৰশংসা কৰিছে সকলোৱে।উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰীও সাক্ষী হ'বলগীয়া তথা সৰুসজাই খেলপথাৰত আয়োজিত এই বৃহৎ অনুষ্ঠানৰ বাবে এতিয়া এনেদৰে প্ৰতিখন জিলাতে চলিছে বাচনি প্ৰক্ৰিয়া আৰু প্ৰশিক্ষণ। যোৰহাট জিলাৰ পৰা মুঠ আঠশ গৰাকী নাচনী বিহুৱাই এক ৰেকৰ্ডত অংশগ্ৰহণ কৰিব।
ইতিমধ্য টীয়কৰ পৰাই প্ৰায় দুই শতাধিক বিহুৱা বিহুৱতী নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰিছে প্ৰশিক্ষক সকলে।লগতে এই নিৰ্বাচিতসকলক অহা ২৭ তাৰিখৰ পৰা পাঁচ দিনীয়া এক বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments